About the article

Author :

علي حسن طيب

Date :

Mon, Nov 30 2015

Category :

Transactions & Worship

Download

নাৰীসকলৰ প্রতি মুকলি চিঠি

 

নাৰীসকলৰ প্রতি মুকলি চিঠি

﴿ رسالة إلى الأخوات ﴾

] অসমীয়া – Assamese – آسامي [

 

লেখক
আলী হাছান তৈয়ব

علي حسن طيب





অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান
ترجمة: رفيق الاسلام بن حبيب الرحمن
 

নাৰীসকলৰ প্রতি মুকলি চিঠি
আলী হাছান তৈয়ব

প্রিয় বাইদেউ, বিশ্বাস কৰক আপোনাৰ সমালোচনা কৰা মোৰ অভিপ্রায় নহয়। আৰু আপোনাক বেয়া প্ৰমান কৰাতো মোৰ কোনো লাভ নাই। আপুনি ধৰ্ম চৰ্চা কৰক বা নৰক, পৰ্দা কৰক বা নকৰক, মোক আপুনি ভাল বুলি ধাৰণা কৰক বা বেয়া বুলিÑ আপুনিও মোৰ ভনি। আমাৰ আদি পিতা এজনেই। আপুনি যি দেশ বা যি ধৰ্মৰে নহওক কিয়, আদি পিতাৰ এই সম্পৰ্ক কোনোৱেই নুই কৰিব। অনুগ্ৰহ কৰি, এবাৰ হলেও মোৰ এই কথাখিনি পঢ়ক। আৰু অলপ সুস্থ মগুজুৰে চিন্তা কৰক।
আপুনি ভাবিছে নেকি, পৃথিৱী আজি বহু দূৰ আগুৱাই গৈছে। সাফল্য ও সমৃদ্ধৰ শৃ্ঙগত উপনীত হৈছে। আৰু মানুহ এতিয়া বিভিন্ন গ্রহ-উপগ্রহলৈ গতি কৰিছে। গোটেই বিশ্ব এতিয়া আমাৰ হাতৰ মুঠিত। গতিকে এতিয়া পৰ্দা কৰা মানে মধ্যযুগত উভতি যোৱা। পৰ্দা কৰা মানে নিজকে বঞ্চিত কৰা। আমাৰ মুক্তি কেৱল নাৰী স্বাধীনতাত। আৰু ইছলাম বৰ্জনতেই আমাৰ মুক্তি।
ইতিহাস পঢ়ি চাওক, ইছলামেই সৰ্বপ্রথম নাৰীক মুক্তি দিছে। নাৰীক কেতিয়াও ভোগ-বিলাসৰ বলি হবলৈ দিয়া নাই শান্তিৰ ধৰ্ম ইছলামে। একমাত্র ইছলামেই কন্যা সন্তান প্রতিপালনৰ পুৰস্কাৰ ঘোষণা কৰিছে জান্নাত। মাকক বৃদ্ধাশ্রমত ৰাখি স্ত্ৰীকলৈ সুখী জীৱনৰ গঢ়াৰ ইছলামত কোনো সুযোগ নাই অথবা জন্মৰ পৰা মৃত্যুলৈ কোনো ক্ষেত্ৰতেই মাকক অবমূল্যায়ন কৰাৰ কোনো সুযোগ নাই। স্ত্রী, জীয়াৰী আৰু মাÑ নাৰী জীৱন ইয়াৰ বাহিৰে নহয়। এই তিনিওটা ক্ষেত্রত ইছলামতকৈ বেছি অধীকাৰ আন কোনো ধৰ্ম বা কোনো জাতিয়েই দিব পৰা নাই।
বিশ্ববিদ্যালয়ত অধ্যায়নৰত ভন্টিসকল, আপুনি পাশ্চাত্যৰ স্বাধীনতাত প্রবঞ্চিত নহ’ব। ছ্যাটেলাইট চ্যালেন বোৰৰ হৃদয় আৰ্ষণীয় চিত্র দেখি সিহঁতৰ মায়া জালত নপৰিব। নাটক-চিনেমা আৰু ইউৰোপ-আমেৰিকাৰ সুখৰ ছবি দেখি নিজকে হতভাগী বুলি নাভাবিব। পশ্চিমা দেশবোৰৰ অলপ ভিতৰোৱা খবৰ ল’লেই বাস্তৱ বিষয়টো গম পাব।  
যিহঁতে নিয়মিত বাতৰি কাকত পঢ়ে তেওঁলোকক সুধি চাওক- প্রায়েই পত্রিকাত সংবাদ আহি আছে পশ্চিমা তৰুণী সকলে তথাকথিত স্বাধীনতাৰ পৰা বিৰক্ত হৈছে। ইছলাম ধৰ্ম গ্রহণ কৰাৰ মাজত তেওঁলোকৰ হাৰ আটাইতকৈ বেছি। Daughter of another নামক এখন কিতাপত চল্লিশজন মাৰ্কিন তৰুণীৰ (তথাকথিত নাৰী স্বাধীনতা পৰিহাৰ কৰি) পৰ্দাৰ ধৰ্ম ইছলাম গ্রহণৰ গল্প দাঙি ধৰা হৈছে। তেওঁলোকে আটায়ে নাৰী স্বাধীনতাৰ স্বৰূপ প্রত্যক্ষ কৰিছে। এই স্বাধীনতাক তেওঁলোকে কৃত্তিম আৰু ইছলামৰ পৰ্দা বিধানক মুক্তি ও সুৰক্ষা বুলি আখ্যায়িত কৰিছে। বৃটেইনৰ চান ডে এক্সপ্রেছ পত্রিকাৰ মহিলা সাংবাদিক ৰিডলি- যিজন আফগানিস্তানত তালিবানৰ বোৰখালৈ কঠোৰ সমালোচক আছিল। তাই নিজেই কিন্তু পিছত সংবাদ সম্মেলন কৰি ইছলামৰ পৰ্দাক শান্তিৰ ঠিকানা ঘোষনা কৰে। নাৰী স্বাধীনতাৰ নামত যৌন স্বাধীনতাৰ দাবীদাৰ তছলিমা নাছৰিন যিয়ে ভাৰতত আশ্রয় লৈ আছে এই ভাৰতবৰ্ষতেই তাইৰ নিচিনা অপেন লেখালেখিৰ বাবে আলোচিত মালায়লম আৰু ইংৰাজী ভাষাৰ লেখিকা কমলা দাস এতিয়া ইছলাম গ্রহণ কৰি পৰ্দা কৰিছে। এনেকুৱা উদাহৰন এটা দুটা নহয় বহুতো আছে। এওঁলোক আটায়ে সুশিক্ষিতা। এওঁলোকৰ কোনেও আবেগৰ বশৱৰ্তী হৈ বা জবৰদস্তি ইছলাম কবুল কৰা নাই।  
উচ্চাভিলাষী মোৰ ভন্টি, ইছলামৰ সীমাত থাকি আপুনি যিকোনো কাম কৰিব পাৰে। পঢ়িব বিচাৰিলে যিমান ইচ্ছা পঢ়িব পাৰে। ব্যৱসা, চাকুৰী অথবা যি ইচ্ছা সেইটোৱে কৰিব পাৰে কেৱল চৰ্ত হ’ল চৰিয়তৰ সীমা অতিক্ৰম নকৰা। আৰু পৰ্দা লঙ্ঘন নকৰা। মনত ৰাখিব, ইছলাম কেতিয়াও আপোনাৰ প্ৰগতিত বাধা নহয়। আৰু পৰ্দাও কোনো আৱৰণ নহয় প্রগতিৰ পথত। ইছলামে বিচাৰে আপুনি য’তেই থাকক আপোনাৰ সতীত্ব, শ্রেষ্ঠত্ব আৰু সন্মান ৰক্ষা হওক। আপোনাৰ কোমলতা, সৌন্দৰ্য আৰু ভদ্রতা বজায় থাকক। ইছলামে  কেতিয়াও আপোনাক বন্দি কৰি ৰাখিবলৈ ইচ্ছুক নহয়। কোনো চৰিত্রহীনে যাতে আপোনাক কদাপি কলংকিত কৰিব নোৱাৰে, কোনো বাহানা বা ছলেৰে-কৌশলেৰে অথবা আন কোনোভাৱেই আপোনাক অপমানিত কৰিব নোৱাৰেÑ এইটোৱেই ইছলামৰ কামনা।
 
স্কুল-কলেজত অধ্যায়নৰত ভন্টি সকল, আপোনালোকক কৈছো, বেয়া দৃষ্টিৰ পৰা যদি পৰিত্ৰণান পাব বিচৰে তেন্তে পৰ্দাৰ আশ্ৰয় লওক। অমানুষীক সকলৰ এছিড সন্ত্রাসৰ পৰা ৰক্ষা পাব বিচাৰিলে আহক পৰ্দাৰ নিৰাপত্তাত। আপোনাৰ যৌতুক দিব নালাগিব বৰং নগদ মোহৰ আদায় দি আপোনাক লৈ যাবলৈ বাধ্য হ’ব যদি আপুনি হিজাব পৰিধান কৰে। এইটো মোৰ দাবী নহয়; বাস্তৱতা।
ভন্টিহঁত, আধুনিকতাৰ নামত আপুনি নিজকে অসন্মান আৰু অনিৰাপদ নকৰিব। হিদায়তৰ উজ্জলতাৰ পৰা বঞ্চিত সকলৰ প্রচাৰ-প্রপাগাণ্ডাত বিভ্রান্ত নহব। সিহঁতে বুজাব খোজে, সভ্যতা আৰু বিজ্ঞানৰ অভূতপূৰ্ব উৎকৰ্ষৰ এই যুগত আকৌ ধৰ্ম কিহৰ? সভ্যতা গৌৰৱী এইবোৰ মানুহৰ অপপ্রচাৰত আপুনি প্রভাৱিত নহব। সিহঁত নাজানে যে ইয়াৰ আগতেও পৃথিৱীত সিহঁতৰ দৰে সভ্যতা গৌৰৱী জাতি আছিল। সিহঁত আজি কত? কওক, সপ্তমাশ্চৰ্য তাজ মহল আৰু পিৰামিড যিহঁতে সাজিছে তেওঁলোকৰ কোনোবা পৃথিৱীত জীৱিত আছে নে? দয়াময় আল্লাহ কিমান সুন্দৰ কথা কৈছেঃ
أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ كَانُوا أَكْثَرَ مِنْهُمْ وَأَشَدَّ قُوَّةً وَآَثَارًا فِي الْأَرْضِ فَمَا أَغْنَى عَنْهُمْ مَا كَانُوا يَكْسِبُونَ (82)
‘সিহঁতে পৃথিৱী ভ্রমণ কৰা নাই নেকি, তেন্তে সিহঁতে দেখিলেহেঁতেন, সিহঁতৰ পূৰ্বৱৰ্তী সকলৰ পৰিণাম কি হৈছিল? সিহঁত পৃথিৱীত এওঁলোকতকৈ সংখ্যাত আৰু অধিক আছিল। আৰু শক্তিত আছিল অধিক প্রবল। পৃথিৱীত বিভিন্ন ঐতিহ্য এৰি থৈ গৈছে। কিন্তু সিহঁতৰ এইবোৰ কামে সিহঁতক একো উপকাৰ কৰিব পৰা নাই।’
মোৰ প্রিয় ভন্টি, ৰূপ বা যৌৱনৰ জোৱাৰত ভাহিঁ নাযাবা। দেহৰ শক্তি আৰু সৌন্দৰ্যৰ কোনো স্থায়ীত্ব নাই। তেওঁ ইচ্ছা কৰিলে যি কোনো সময়তে এই সৌন্দৰ্য কাঢ়ি লব পাৰে। নিশ্চয় তুমি দেখিছা কিমান ৰূপৱতীয়ে বেমাৰ-আজাৰ আৰু দুৰ্ঘটনাৰ চিকাৰ হৈ চিৰবিদায় লব লগীয়া হয়। আৰু কিমানজনক তুমি নিজেই দেখিছা চাগে নমৰিলেও পঙ্গুত্ব বা অন্ধত্বৰ অভিশাপ লৈ জীয়াই থাকিবলগীয়া হয়। তুমি যে এই অসহায় চিকাৰত পৰিণত নহবা তাৰ কোনো নিশ্চয়তা আছে নে? পৃথিৱীত বহুতো ৰূপৱতীয়েই ইতিহাস গঢ়িছে; কিন্তু তেওঁলোকৰ কোনোবাই মৃত্যুৰ পৰা পৰিত্ৰাণ পাইছেনে? হৃদয় আকৰ্ষিত ৰূপলৈ অহংকাৰ কৰি নচলিবা। আল্লাহ তাআলাই কৈছে  :
وَلَا تَمْشِ فِي الْأَرْضِ مَرَحًا إِنَّكَ لَنْ تَخْرِقَ الْأَرْضَ وَلَنْ تَبْلُغَ الْجِبَالَ طُولًا (37)
‘তুমি ভূ-পৃষ্ঠত গৌৰৱেৰে খোজ নিদিবা; কাৰণ তুমি কেতিয়াও মাটি ফটাব নোৱাৰিবা আৰু কদাপিও পৰ্বতৰ দৰে ওখ হব নোৱাৰিবা।
মোৰ প্ৰিয় ভন্টি, আপুনি জানানে বেপৰ্দাৰ কুফল কি? পৰ্দাৰ প্রতি যিমানেই অৱহেলা কৰা হৈছে নাৰীৰ প্রতি সহিংসতা সিমানেই বাঢ়িছে। জাতি হিচাপে আজি আমি আগতকৈ বেছি শিক্ষিত। কিন্তু কওকচোন, নাৰী সকলৰ প্রতি সামাজিক অনাচাৰ বাঢ়িছে নে কমিছে? দৈনিক-নতুন পদ্ধতিত নাৰীৰ ওপৰত নিৰ্যাতন কৰা হৈছে। এই পৰ্দা লঙ্ঘন কৰাৰ কাৰণেই কিন্তু অবৈধ যৌন সম্পৰ্কৰ প্রথম খোজ আৰু নাৰী-পুৰুষৰ অবৈধ মেল-মিটিংগে যে নিশ্চিত মৃত্যুৰ জীবানু এইডছ-ৰ দৰে বিভিন্ন ৰোগ মাতি আনে, এয়া আজি অমুছলিম সকলেও স্বীকাৰ কৰিছে।
প্রিয় অমুছলিম ভন্টিহঁত, আপোনালোকে নিজেই পঢ়ি চাওক ছুৰাইয়া দাসৰ নিচিনা এজনী স্বাধীন, প্রগতিবাদী ও প্রখ্যাত ইংৰাজী ভাষাৰ কবি ব্যক্তি পৰ্দা সম্পৰ্কে কি কৈছে। ১৯৯৯ চনৰ ১২ ডিচেম্বৰ মাহত কেৰালাৰ কোচিন চহৰত এক সাহিত্য সভাত তেওঁ ভাষণ প্ৰদান কৰে। সেই সভাত ভাৰতৰ বহুসংখ্যক ৰাজনীতিবিদ, সাহিত্যিক, কবি, পণ্ডিত গৱেষক, সাংবাদিকসহ বুদ্ধিজীৱি ব্যক্তিত্ব সকল উপস্থিত আছিল। ডক্টৰ ছুৰাইয়া কমলা উক্ত ভাষণত কৈছিল, ‘পৃথিৱীৰ মানুহক আজি মই এই কথা জনাব বিচাৰো যে, মই ইছলাম গ্রহণ কৰিছোঁ। ইছলাম শান্তি, সম্প্রীতি ভ্রাতৃত্ব আৰু ভালোপোৱাৰ ধৰ্ম। ইছলাম এক পূৰ্ণাঙ্গ জীৱন বিধান। মোৰ এই সিদ্ধান্ত কোনো আবেগৰ বশৱৰ্তী বা জজবাতি সিদ্ধান্ত নহয়। এই সিদ্ধান্ত গ্রহণৰ আগত মই গভীৰ নিষ্ঠা আৰু ধৈৰ্যৰ সৈতে দীৰ্ঘদিন যাৱত অধ্যায়ন কৰিছোঁ। মই এই সিদ্ধান্তত উপনীত হৈছো যে, আন আন বহুতো সৌন্দৰ্যৰ লগতে ইছলামে নাৰীক আত্মৰক্ষাৰ অনুভূতি শিক্ষা দিছে।
এই আত্মৰক্ষাৰ অধিকাৰ নাৰীৰ অতি প্রয়োজন বুলি মই ভাবোঁ। মই ইছলাম গ্রহণ কৰাৰ বাবে অসংখ্য উপাস্যৰ পৰিৱৰ্তে মই এতিয়া এক আল্লাহৰ উপাসনা কৰিব লাগিব। এতিয়া ৰমজানৰ ৰোজা পালন কৰিব লাগিব। এতিয়া ৰমজান মাহ চলি আছে। মুছলমান সকলৰ ওচৰত অত্যন্ত পৱিত্র এই মাহ। এই মাহতেই মই মোৰ চিত্তচেতনাত বৈপ্লৱিক পৰিবৰ্তন আনিছো। মই জানি বুজি সজ্ঞানে সুস্থ মস্তিষ্ক সৈতে ঘোষণা কৰিছো যে, আল্লাহৰ বাহিৰে আন কোন (সত্য) উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল। অতীতত মোৰ কোনো ধৰ্মবিশ্বাস নাছিল। মূৰ্তিপূজাৰ প্রতি বিৰক্ত হৈ মই নাস্তিকতা গ্রহণ কৰিছিলোঁ। এতিয়া মই ঘোষণা কৰিছোঁ যে, মই এক আল্লাহৰ ইবাদত কৰিম। কোনো ধৰণৰ পাৰ্থক্য নকৰি জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বেশেষে আল্লাহৰ সকলো বান্দাহক মই ভাল পাওঁ।’
পৰৱৰ্তী সময়ত এক টেলিভিচন সাক্ষাৎকাৰত তেওঁ কৈছিল যে, ‘কাৰো হেচাত মই ইছলাম গ্রহণ কৰা নাই। এইটো মোৰ স্বাধীন সিদ্ধান্ত। মই কোনো সমালোচকৰ সমালোচনাৰ কথা নাভাবো। মই মোৰ ঘৰৰ পৰা সকলো মূৰ্তি অপসাৰণ কৰিছো। আজি মোৰ অনুভৱ হৈছে যেন মই নতুন জন্ম গ্ৰহণ কৰিলোঁ।’
টাইমছ অৱ ইন্ডিয়া পত্রিকাক দিয়া এক সাক্ষাৎকাৰত ১৯৯৯ চনৰ ১৫ ডিচেম্বৰ ডক্টৰ ছুৰাইয়্যা কমলাই কৈছে, ‘ইছলামী শিক্ষাৰ মাজত নাৰী সকলৰ বোৰকা পৰিধান কৰাটোৱে মোক অতিকৈ প্রভাৱিত কৰিছে। মুছলমান নাৰী সকলে সাধাৰণত এই পোচাক পৰিধান কৰে। প্রকৃতপক্ষত নাৰী সকলৰ বাবে বোৰকা এক ওৱান্ডাৰফুল পোচাক। বোৰকা নাৰী সকলক পুৰুষৰ লোলুপ দৃষ্টিৰ পৰা হিফাজত কৰে। নাৰীক বিশেষ ধৰণৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰে।’
আৰু সিহঁতক কৈছিল, ‘ মোৰ সিদ্ধান্তক আপোনালোকে বিস্ময়কৰ বুলি ভাবিব। কিন্তু মই কি কৰিম কওকচোন, তথাকথিত স্বাধীনতাত মই অতিষ্ঠ হৈ পৰিছোঁ। নাৰীসকলে অৰ্ধনগ্ন হৈ স্বাধীনভাৱে ঘুৰি ফুৰিব এইবোৰ মোৰ সহ্য নহয়। মই নিবিচাৰো কোনো পুৰুষে মোৰ প্রতি তীক্ষ্ণ দৃষ্টিৰে চাওক। আপোনালোকে শুনি আচৰিত হ’ব যে, বিগত ২৪ বছৰ যাৱত মই প্ৰায় বোৰকা পৰিধান কৰি আহিছো। শ্বপিং কৰাৰ সময়ত, সাংস্কৃতিক অনুষ্ঠানত, লগতে বিদেশ ভ্ৰমনৰ সময়তো মই বোৰকা পৰিধান কৰিছোঁ। বোৰকা পৰিধান কৰাৰ বাবে মই আত্মৰক্ষাত আৰু নিজকে হিফাযত কৰাৰ এক বিশেষ আনন্দ অনূভৱ কৰিছোঁ। মই লক্ষ্য কৰিছোঁ যি নাৰী পৰ্দা কৰে মানুহে তাইক সন্মান কৰে। কোনোৱে তাইক উত্যক্ত নকৰে।
ডক্টৰ ছুৰাইয়া আৰু কৈছে, ‘ইছলামে নাৰীক বিভিন্নভাৱে বহুতো স্বাধীনতা দিছে। ক্ষমতাৰ প্রসঙ্গত কব পাৰি ইছলাম নাৰী পুৰুষৰ মাজত যি মমতাৰ ব্যৱস্থা কৰিছে, ইতিহাসৰ কোনো অধ্যায়ত কোনো সমাজে আন কোনোৱে এনেধৰণৰ সম অধিকাৰ, মমতা নাৰীক দিয়া নাই। নাৰীক পুৰুষৰ সমান অধিকাৰ দিয়া হৈছে। নাৰী মা, ভনি, স্ত্রী আৰু জীয়ৰী হিচাপে সকলো সম্পৰ্কৰ ক্ষেত্ৰতেই মৰ্যাদাৰ অধিকাৰী। নাৰীক পিতাৰ স্বামীৰ আৰু সন্তানৰ সম্পত্তিৰ অংশীদাৰ কৰা হৈছে। ঘৰোৱা জীৱনত নাৰী স্বামীৰ প্রতিনিধি আৰু স্বামীৰ সমকক্ষ। স্বামীৰ আনুগত্যৰ প্রশ্নত কব পাৰি। পাৰিবাৰিক জীৱনৰ শৃঙ্খলাৰ বাবে স্বামীৰ আনুগত্য কৰা নাৰীৰ প্রয়োজন। এই আনুগত্যক মই দাসত্ব বুলি নাভাবো। এইটো নাৰী স্বাধীনতাৰ কোনোমতেই পৰিপন্থী নহয়। এইধৰণৰ আনুগত্য ব্যতীত সমাজৰ কোনো অংশত শান্তি-শৃঙ্খলা বজাই ৰখা সম্ভৱ নহয়। ইছলাম এক পূৰ্ণাঙ্গ জীৱন বিধান। ইছলাম আল্লাহৰ ওচৰত চৰ্তহীন আত্মসমৰ্পনৰ নাম। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ চৰ্তহীন আনুগত্যৰ নাম। এই আনুগত্য আৰু এই দাসত্ব প্ৰকৃত স্বাধীনতাৰ নিশ্চয়তা প্রদান কৰে। অন্যথা মানুহ আৰু পশুৰ মাজত পাৰ্থক্যই নাথাকিলেহেঁতেন। য’ত ত’তে যাৰ তাৰে খেতিৰ ফচল চৰিলেহেঁতেন। মূল কথা ইছলামেই হৈছে একমাত্র নাৰীৰ মৰ্যাদা সংৰক্ষণকাৰী। হিন্দুধৰ্মত নাৰীৰ মৰ্যাদা ৰক্ষাৰ এনেকুৱা কোনো ব্যৱস্থা লক্ষ্য কৰা নাযায়।’
এতেকে আহক মুক্তিৰ পতাকাৰ তলত। নিৰাপত্তাৰ সুৰক্ষিত সীমাত। পৰ্দা কেৱল আপোনাৰ ইহকালীন জীৱনকেই নিৰাপদ নকৰে, বৰং নিশ্চিত কৰিব আপোনাৰ সন্মান-সমৃদ্ধি। আৰু নাজাত পাব জাহান্নামৰ শাস্তিৰ পৰা। আৰু চিৰশান্তিৰ ঠিকনা জান্নাত হ’ব আপোনাৰ আৱাস। আল্লাহ তা‌’‌আলাই আমাক সকলোকে সঠিক বুজাৰ শক্তি দিয়ক। আমীন।