এটা বাৰ্তা মাথোন

এটা বাৰ্তা মাথোন। এই পুস্তিকাত তাওহীদৰ অভিন্ন বাৰ্তা সম্পৰ্কে আলোচনা কৰা হৈছে, যিটো সকলো নবী আৰু ৰাছুলে প্ৰচাৰ কৰিছে, সেই আদম আলাইহিচ ছালামৰ পৰা আদি কৰি আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্যন্ত।
এই পুথিৰ বিশেষ এটা বৈশিষ্ট্য হৈছে, বৰ্তমান ইয়াহূদী আৰু খ্ৰীস্টানসকলৰ হাতত থকা বাইবেল (ৱল্ড টেস্টামেন্ট আৰু নিউ টেস্টামেন্ট)-ৰ আলোকত আল্লাহৰ তাওহীদ প্ৰমাণ কৰা হৈছে।

এটা বাৰ্তা মাথোন
﴿ رسالة واحدة فقط ﴾
] অসমীয়া – Assamese – آسامي [


        
ড. নাজী ইবন ইব্ৰাহীম আল-আৰফাজ



অনুবাদ
ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

 


﴿ رسالة واحدة فقط ﴾  
        


د. ناجي بن إبراهيم العرفج       


ترجمة: رفيق الاسلام بن حبيب الرحمن      

 

 

 

 

উপহাৰ

•    নিষ্ঠা, ইখলাছ আৰু আন্তৰিকতাৰ সৈতে সত্য অনুসন্ধানকাৰীসকলৰ প্ৰতি।
•    সচেতন বিবেকবানসকলৰ প্ৰতি।


সূচীপত্ৰ


الصفحة    العنوان    م
৪    পঢ়াৰ আগতেই কিছুমান প্ৰশ্ন    ১
৫    মূল বিষয়    ২
১৫    বাইবেলত আল্লাহৰ তাওহীদ (ৱল্ড টেস্টামেন্টত এক আল্লাহ)    ৩
১৬    বাইবেলত আল্লাহৰ তাওহীদ (নিউ টেস্টামেন্টত এক আল্লাহ)    ৪
১৭    কোৰআনুল কাৰীমত আল্লাহৰ তাওহীদ (অৰ্থাৎ এক আল্লাহ)    ৫
১৮    পৰিশিষ্ট    ৬
২১    উপসংহাৰ    ৭
২৪    সৰ্বশেষ অনুভূতি    ৮


 
ভূমিকা

পঢ়াৰ আগতেই কিছুমান প্ৰশ্নঃ
১). এই একেই বাৰ্তাৰ উদ্দেশ্য কি ?
২). বাৰ্তাটো সম্পৰ্কে বাইবেলে কি কয় ?
৩). বাৰ্তাটো সম্পৰ্কে কোৰআনে কি কয় ?
৪). আৰু এই বাৰ্তা সম্পৰ্কে আপোনাৰ মতামত কি ?


মূল বিষয়:
আদমক সৃষ্টি কৰাৰ পিছৰ পৰা এটা সত্য বাৰ্তা মানৱজাতিৰ ইতিহাসত মানুহৰ ওপৰত ন্যস্ত আৰু সিহঁতৰ লগত বাহিত। মানুহক সেই বাৰ্তাটো স্মৰণ কৰাবলৈ আৰু সিহঁতক সঠিক পথত উভতাই আনিবলৈ সত্য এক ইলাহে নবী আৰু ৰাছুলসকলক প্ৰেৰণ কৰিছে, যেনে আদম, নূহ, ইব্ৰাহীম, মুছা, ঈছা আৰু মুহাম্মদ আলাইহিমুচ ছালাতু অচ-ছালাম। একেই বাৰ্তা পৌঁছাবলৈ তেওঁলোক সকলোৱে প্ৰেৰিত। বাৰ্তাটো হৈছে:

 

 

 

এক ইলাহেই সত্য, তেৱেঁই স্ৰষ্টা আৰু তেৱেঁই মাবুদ (উপাস্য)
তেৱেঁই প্ৰেৰণ কৰিছে:    এই বাৰ্তাটো পৌঁছাবলৈ
   ...   ... নূহক    আল্লাহ এক, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা
   ...   ... ইব্ৰাহীমক    আল্লাহ এক, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা
   ...   ... মুছাক    আল্লাহ এক, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা
   ...   ... ঈছাক    আল্লাহ এক, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা
   ...   ... মুহাম্মদক    আল্লাহ এক, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা

    
 
আল্লাহ তাআলাই দৃঢ় সংকল্পৰ অধিকাৰী বাৰ্তাবাহক বহুতো মহাপুৰুষ (ৰাছুল) আৰু তেওঁলোকৰ বাহিৰে আৰু বহুতো ৰাছুল আৰু নবী প্ৰেৰণ কৰিছে, যিসকলৰ কিছুমানক আমি জানো আৰু বহুতকে আমি নাজানো, কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ বাবেঃ যেনে
১). আল্লাহৰ অহি (প্ৰত্যাদেশ) গ্ৰহণ কৰা আৰু ইয়াক নিজ নিজ সম্প্ৰদায় আৰু অনুসাৰীসকলৰ ওচৰত পৌঁছাই দিয়া।
২). মানুহক তাওহীদৰ শিক্ষা দিয়া আৰু ইখলাছৰ সৈতে আল্লাহৰ ইবাদত পালন কৰাৰ পদ্ধতি বৰ্ণনা কৰা।
৩). কথা আৰু কৰ্মত উত্তম আদৰ্শ হিচাপে নিজকে উন্মোচন কৰা, যাতে আল্লাহৰ পথত চলাৰ বাবে মানুহে তেওঁলোকৰ অনুসৰণ কৰিবলৈ সক্ষম হয়।
৪). অনুসাৰীসকলক আল্লাহৰ তাক্বৱা, আনুগত্য আৰু তেওঁৰ আদেশ মানাৰ দীক্ষা প্ৰদান কৰা।
৫). অনুসাৰীসকলক দ্বীনৰ বিধান আৰু উত্তম চৰিত্ৰৰ শিক্ষা দিয়া।
৬). পাপী, মূৰ্তীপূজাৰী মুশ্বৰিক আৰু আন আন লোকৰ হিদায়ত আৰু সঠিক নিৰ্দেশনা প্ৰদান কৰা।
৭). মানুহক অৱগত কৰোৱা যে, মৃত্যুৰ পিছত সিহঁতক অৱশ্যই পুনৰুত্থিত কৰা হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ আমলৰ হিচাপ-নিকাচ লোৱা হ’ব, এতেকে যিয়ে ঈমান আনিছে আৰু নেক আমল কৰিছে তাৰ প্ৰতিদান জান্নাত আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰিছে আৰু অবাধ্য হৈছে তাৰ ঠিকনা জাহান্নাম।
নিশ্চয় সকলো নবী আৰু ৰাছুলৰ স্ৰষ্টা আৰু প্ৰেৰণকাৰী মাত্ৰ এক ইলাহ। বিশ্ব জগত আৰু ইয়াৰ অন্তৰ্গত সকলো সৃষ্টিজীৱ এক স্ৰষ্টাৰ অস্তিত্বৰ ঘোষণা আৰু তাৰ একত্বৰ সাক্ষী প্ৰদান কৰে। এক আল্লাহেই বিশ্ব জগতৰ স্ৰষ্টা, জগতত থকা মানুহ, জীৱজন্তু আৰু কীট-পতঙ্গৰ স্ৰষ্টাও তেৱেঁই। তেৱেঁই মৃত্যুৰ স্ৰষ্টা আৰু তেৱেঁই স্ৰষ্টা স্থায়ী আৰু ক্ষণস্থায়ী জীৱনৰ।
নিসন্দেহে ইয়াহূদী, খ্ৰীস্টান আৰু মুছলিমসকলৰ ওচৰত সংৰক্ষিত পৱিত্ৰ কিতাবসমূহ আল্লাহৰ অস্তিত্ব আৰু তেওঁৰ তাওহীদৰ সাক্ষী প্ৰদান কৰে।
প্ৰকৃত সত্যানুসন্ধাকাৰীয়ে যেতিয়া কিতাবে মুক্বাদ্দাছ আৰু কোৰআনুল কাৰিমত ইলাহৰ তাৎপৰ্য বাস্তৱধৰ্মিতাৰ সৈতে অধ্যয়ন কৰিব, তেতিয়া সি পৰনিৰ্ভৰশীল অসত্য ইলাহৰ বৈশিষ্ট্যৰ পৰা আল্লাহৰ একক বৈশিষ্ট্যসমূহ পৃথক কৰিবলৈ সক্ষম হ’ব, যাৰ লগত একমাত্ৰ আল্লাহ তাআলাই বিশেষিত, ধাৰণাপ্ৰসূত অসত্য ইলাহৰ তাত কোনো অংশ নাই, আল্লাহৰ সেইসমূহ বৈশিষ্ট্যৰ পৰা কিছুমান হৈছেঃ
১). সত্য ইলাহ হৈছে স্ৰষ্টা, তেওঁ কাৰো সৃষ্টি নহয়।
২). সত্য ইলাহ এজন, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ একাধিকো নহয়। তেওঁ কাৰো পিতা বা পুত্ৰ নহয়।
৩). আল্লাহ তা‘আলা সৃষ্টিজীৱৰ চিন্তা আৰু কল্পনাৰ পৰা পৱিত্ৰ আৰু বহু ঊৰ্ধ্বত, পৃথিৱীত কোনো চকুৱে তেওঁক আয়ত্ত কৰিবলৈ সক্ষম নহয়।
৪). আল্লাহ শাশ্বত, চিৰন্তন আৰু অবিনশ্বৰ। তেওঁ কেতিয়াও মৃত্যু বৰণ নকৰিব। তেওঁ কোনো বস্তুৰ মাজত নিহিত নহয় অথবা অনুপ্ৰৱেশ নকৰে। নিজ সৃষ্টি জগতৰ পৰা কোনো বস্তুৰ তেওঁ দেহধাৰণ নকৰে।
৫). আল্লাহ অমুখাপেক্ষী আৰু নিজ সত্ত্বাত প্ৰতিষ্ঠিত। নিজ সৃষ্টিজীৱৰ পৰা সম্পূৰ্ণ অভাৱমুক্ত। তেওঁ সৃষ্টিজীৱৰ মুখাপেক্ষী নহয়। তেওঁৰ কোনো পিতা- মাতা নাই, আৰু কোনো স্ত্ৰী ও সন্তানো নাই। তেওঁ খাদ্য বা পানীয় বা কাৰো সহায়ৰ মুখাপেক্ষী নহয়, কিন্তু যিবোৰ মখলুক তেওঁ সৃষ্টি কৰিছে আটায়ে তেওঁৰ ওপৰত নিৰ্ভৰশীল।
৬). মহান, পৰিপূৰ্ণ আৰু সৌন্দৰ্যমণ্ডিত গুণাৱলীৰ অধিকাৰী হিচাপে আল্লাহ একক, তেওঁৰ গুণাৱলীত কোনো সৃষ্টিজীৱ তেওঁৰ অংশীদাৰ আৰু সমকক্ষ নহয় আৰু কোনো বস্তু তেওঁৰ সাদৃশ্য নহয়।
এনেবোৰ মানদণ্ড আৰু গুণাৱলীৰ দ্বাৰা (আৰু বহুতো গুণ আছে, যাৰ লগত একমাত্ৰ আল্লাহ তাআলাই বিশেষিত) ধাৰণাপ্ৰসূত যিকোনো ইলাহক বাতিল কৰা আৰু প্ৰত্যাখ্যান কৰা আমাৰ পক্ষে সম্ভৱ।
এতিয়া মোক সুযোগ দিয়ক, উল্লেখিত বাৰ্তা প্ৰসঙ্গত আকৌ উভতি যাওঁ লগতে বাইবেল আৰু কোৰআনুল কাৰীমৰ পৰা কিছুমান উদ্ধৃতি দাঙি ধৰো, যিবোৰে আল্লাহৰ একক সত্ত্বাক প্ৰমাণ কৰে, কিন্তু তাৰ আগতে তলত দিয়া অনুভূতিত মই আপনালোকক অংশগ্ৰহণ কৰাব বিচাৰো:

 

 


সত্য ঘটনা হৈছে, মোৰ গৱেষণা, খ্ৰীস্টান সম্পৰ্কে গভীৰ অধ্যয়ন আৰু সিহঁতৰ লগত মোৰ আলোচনা-পৰ্যালোচনাৰ পৰা অৱগত হৈছো: সিহঁতৰ ওচৰত “আল্লাহ” (সিহঁতৰ কিছুমানৰ ধাৰণা মোতাবিক) তলত উল্লেখ কৰা সত্তাসমূহক অন্তৰ্ভূক্ত কৰে:
১. আল্লাহ পিতা।
২. আল্লাহ পুত্ৰ।
৩. আল্লাহ ৰুহুল কুদ`ছ।
এটা স্পষ্ট বিষয় আৰু সৰল কথা এজন বাস্তৱধৰ্মী গৱেষকক প্ৰলুব্ধ কৰি এইবোৰ আক্বীদা পোষণকাৰী খ্ৰীস্টানসকলক কিছুমান প্ৰশ্নৰ উত্তৰ প্ৰদানত বাধ্য কৰে: যেনে
১. তোমালোকে কোৱা যে, “আল্লাহ এক” ইয়াৰ অৰ্থ কি, কাৰণ তোমালোকে তিনিজন ইলাহৰ ইঙ্গিত পোষণ কৰা ?
২. আল্লাহ এনে এজন নেকি, যিজনে তিনিৰ ভিতৰত প্ৰৱেশ কৰিছে; নে তিনিজনে একৰ ভিতৰত প্ৰৱেশ কৰিছে: (১ৰ ভিতৰত ৩, নে ৩ৰ ভিতৰত ১) ?
এইবোৰ বৈপৰীত্যপূৰ্ণ বিশ্বাসসহ খ্ৰীস্টানসকলৰ কিছুমান আক্বীদা অনুসাৰে সিহঁতৰ ধাৰণা: তিনিও জন ইলাহৰ ভিন ভিন দায়িত্ব, ভিন ভিন সত্ত্বা আৰু ভিন ভিন আকৃতি আছে, যেনে:
১). আল্লাহ পিতা = তেওঁ স্ৰষ্টা।
২). আল্লাহ পুত্ৰ = তেওঁ ত্ৰাণকৰ্তা (মুক্তিদাতা)।
৩). আল্লাহ ৰুহুল কুদ`ছ = তেওঁ উপদেষ্টা (সন্মানিত)।
তাওৰাত আৰু ইঞ্জিল উভয় কিতাপত আল্লাহ সম্পৰ্কে যি বৰ্ণনা দাঙি ধৰা হৈছে তাৰ লগত মাছীহ নিজেই আল্লাহৰ পুত্ৰ বা সিয়েই ইলাহ বা সিয়েই ইলাহৰ অংশ ইত্যাদি আক্বীদা সম্পূৰ্ণ সাংঘৰ্ষিক, যেনে ইঞ্জিলত স্পষ্টভাৱে আছে, পৃথিৱীত কোনেও আল্লাহক দেখা নাপাব:
“তোমালোকে কেতিয়াও তেওঁৰ কথা শ্ৰৱণ কৰা নাই আৰু তেওঁৰ চেহাৰা দেখা নাই”।
(যোহন ৫:৩৭) বা (ইঞ্জিল ইউহোন্না: ৫:৩৭)
“কোনোৱেই তেওঁক কেতিয়াও দেখা নাই আৰু কোনোৱে তেওঁক দেখিবলৈ সক্ষম নহয়”।
(টিমোথিৰ প্ৰতি প্ৰথমপত্ৰ: ৬:১৬)
“এনে কোনো নাই যিয়ে মোক দেখিব আৰু জীৱিত থাকিব”।
(যাত্ৰাপুথি ৩৩:২০) বা (আল-খুৰুজ ৩৩:২০)

এইবোৰ দলীল আৰু অন্যান্য দলীলৰ ওপৰত ভিত্তি কৰি সততা আৰু আমানতদাৰীৰ সৈতে কিছুমান প্ৰশ্নৰ সন্মুখীন হৈ আচৰিত হওঁ, সিহঁতৰ মতে “ঈছা-ই আল্লাহ” ইয়াৰ লগত আমাৰ পক্ষে কেনেকৈ সম্ভৱ বাইবেলৰ বৰ্ণনাক সমন্বয় কৰা, যিটোৱে প্ৰমাণ কৰে যে, এনে কোনো নাই যিয়ে আল্লাহক দেখিছে আৰু তেওঁৰ কথা শুনিছে?!
•    ঈছা জীৱিত অৱস্থাত ইয়াহূদীসকলে তেওঁক দেখা নাছিলনে?, ঈছাক ঈছাৰ পৰিয়ালবৰ্গ আৰু তেওঁৰ অনুসাৰীসকলে দেখা নাইনে?, সিহঁতে দেখা নাছিল নে ঈছা মাছীহক (সিহঁতৰে কিছুমানৰ ধাৰণা মোতাবিক তেওঁ আল্লাহৰ পুত্ৰ) আৰু তেওঁৰ মাত শুনা নাইনে?
•    তাওৰাত, ইঞ্জিলে কিমান স্পষ্টভাৱে সাব্যস্ত কৰে যে, আল্লাহক কোনেও নেদেখিব এই পৃথিৱীত, কোনোৱে তেওঁৰ মাত শুনিব নোৱাৰিব, ইয়াৰ পিছতো আমি এনে লোকৰ সন্ধান পাওঁ (খ্ৰীস্টান জগতত) যিয়ে বিশ্বাস কৰে যে, সিহঁতে ঈছাৰ সত্ত্বাক দেখিছে আৰু তেওঁৰ শব্দ শ্ৰৱণ কৰিছে তেন্তে সেই ঈছাই আল্লাহ বা আল্লাহৰ পুত্ৰ নেকি? তেনেহ’লে আল্লাহৰ সত্ত্বাত কোনো গোপন ৰহস্য আছে নেকি, (যিটো আমাৰ বোধগম্য নহয়)?
দৰাচলতে তাওৰাত ইয়াৰ বিপৰীত বৰ্ণনাকে প্ৰমাণ কৰে, যেনে আল্লাহ সম্পৰ্কে কৈছে: “নিশ্চয় ময়েই ৰব (প্ৰতিপালক), এই জগতত দ্বিতীয় কোনো ৰব নাই। মই লুকাই কথা কোৱা নাই আৰু মোৰ উদ্দেশ্যক মই গোপন কৰা নাই। নিশ্চয় ময়েই আল্লাহ আৰু মই সত্য কথাহে কওঁ। মই সেইটোৱে প্ৰকাশ কৰো যিটো সত্য”। (ইশইয়া ৪৫:১৯)

 

এতিয়া মই বাইবেল আৰু কোৰআনুল কাৰীমৰ আলোকত আল্লাহৰ বাস্তৱতা অনুসন্ধানত ব্রতী হওঁ, বিনীত অনুৰোধ তাৰ আগতে আল্লাহ সম্পৰ্কে আপোনালোকৰ মতামত আৰু চিন্তাসমূহ ব্যক্ত কৰক আৰু কোৰআনৰ আয়াত আৰু বাইবেলৰ উদ্ধৃতিসমূহ গভীৰভাৱে অধ্যয়ন কৰক। তাৰ পিছত ইনচাফপূৰ্ণ বাস্তৱধৰ্মী আৰু পৰ্যালোচনাৰ দৃষ্টিত এই পুথিখন পঢ়ি সমাপ্ত কৰক।

 

 

 

 

 
বাইবেল (ওল্ড টেস্টামেন্ট)-ত আছে এক আল্লাহেই সত্য:
    হে ইছৰাঈল শুনা: সেইজনেই ৰব, তেৱেঁই আমাৰ ইলাহ, ৰব এজনেই। (আত-তাছনিয়া: ৬:৪)
    এক আল্লাহেই আমাৰ জীৱনৰ ৰূহ সৃষ্টি কৰা নাইনে আৰু তেৱেঁই আমাক জীৱিকা দান কৰা নাইনে? মালাখি: (২:১৫)
    যাতে তোমালোকে জনা আৰু মোৰ প্ৰতি ঈমান আনা আৰু ভালকৈ আয়ত্ত কৰা যে, ময়েই মই, আৰু ময়েই আল্লাহ। মোৰ আগত কোনো ইলাহ নাছিল আৰু মোৰ পিছতো কোনো ইলাহ নহ’ব। ময়েই ৰব, মোৰ বাহিৰে আন কোনো মুক্তিদাতা নাই। ইশইয়া: (৪৩:১০-১১)
    ময়ে সেই সত্ত্বা যিজন সৰ্বপ্ৰথম আৰু সৰ্বশেষ, মোৰ বাহিৰে আন কোনো ইলাহ নাই। মোৰ সদৃশ কোন আছে?  (ইশইয়া: ৪৪:৬)
    মই ৰব নহওঁ নেকি আৰু মোৰ বাহিৰে আন কোনো ইলাহ নাই? ময়েই সদাচাৰী আৰু মুক্তিদাতা, দ্বিতীয় কোনো ইলাহ নাই।  (ইশইয়া: ৪৫:২১)

 

 


এক আল্লাহেই সত্য বাইবেল (নিউ টেস্টামেণ্ট)-ত:
    সেইটোৱে স্থায়ী সুখী জীৱন, য’ত সিহঁতে আপোনাৰ পৰিচয় লাভ কৰিছে যে, আপুনি অকলেই সত্য ইলাহ আৰু (পৰিচয় লাভ কৰিছে) ইয়াছু (ঈছা) মাছীহৰ, যাক আপুনি প্ৰেৰণ কৰিছিল।
ইঞ্জিল ইউহোন্না: (১৭:৩)
    তোমালোকে আল্লাহৰ ইবাদত কৰা, যিজন তোমালোকৰ ইলাহ আৰু কেৱল তেওঁৰ বাবেই খিদমত উৎসৰ্গ কৰা।
ইঞ্জিল মাত্তা: (৪:১০)
    হে ইছৰাঈল শুনা, তেৱেঁই ৰব, তেৱেঁই আমাৰ ইলাহ। তেৱেই একমাত্ৰ ৰব। .... কাৰণ আল্লাহ এক, তেওঁৰ বাহিৰে আন কোনো নাই।
ইঞ্জিল মাৰ্ক: (১২:২৮-৩৩)
    কাৰণ আল্লাহ এক লগতে আল্লাহ আৰু বান্দাৰ মাজত মাধ্যমো এক। তেওঁ হৈছে মানুহ মাছীহ ইয়াছূ (ঈছা)।
থিমোছৰ প্ৰতি প্ৰথমপত্ৰ: (২:৫)
    সিহঁতৰ কোনোবাই ঈছাৰ ওচৰত আহি ক’লে: হে মোৰ সৎ (ছলেহ) নেতা, সেই ভাল কামটোনো কি যিটো মই কৰিম, যাতে স্থায়ী জীৱন অৰ্জন হয়? তাক (ঈছাই) ক’লে: তুমি মোক কিয় ছলেহ বুলি কোৱা? এজনৰ বাহিৰে আন কোনেও ছলেহ নহয়, তেৱেঁই হৈছে আল্লাহ”।
ইঞ্জিল মাত্তা: (১৯:১৬-১৭) মালিক জেমছৰ কপিত এনেকুৱা আছে।

 


কোৰআনুল কাৰীমত এক আল্লাহেই সত্য:
    “কোৱা আল্লাহ এক, তেওঁ অমুখাপেক্ষী, তেওঁ কাকো জন্ম দিয়া নাই আৰু নিজেও জন্ম গ্ৰহণ কৰা নাই আৰু তেওঁৰ সমকক্ষ কোনো নাই”। ছুৰা নম্বৰ: ১১২: আয়াত: (১-৪)
    “মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, গতিকে মোৰেই ইবাদত কৰা”। ছুৰা নম্বৰ ২১ আয়াতঃ (২৫)
    “সিহঁতে নিশ্চিতভাৱে কুফৰী কৰিছে যিহঁতে কৈছে ইলাহ হৈছে তিনি (জন) সত্ত্বাৰ তৃতীয় সত্ত্বা, অথচ এক ইলাহৰ বাহিৰে আন কোনো ইলাহ নাই, সিহঁতে যি কয় তাৰ পৰা যদি সিহঁতে বিৰত নহয়, তেন্তে নিশ্চয় কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তি স্পৰ্শ কৰিব”। ছুৰা নম্বৰ: ৫, আয়াত: (৭২)
    ‘নিশ্চয় তোমালোকৰ ইলাহ এক’। ছুৰা নম্বৰ: (৩৭), আয়াত: (৪)
    “আল্লাহৰ লগত আন কোনো ইলাহ আছে নেকি, কোৱা! যদি তোমালোকে সত্যবাদী তেনেহ’লে প্ৰমাণ লৈ আহা”। ছুৰা নম্বৰ: ২৭: আয়াত: (৬৪)
 
পৰিশিষ্ট
নিসন্দেহে বাইবেল আৰু কোৰআনুল কাৰীমৰ এইবোৰ দলীল আৰু অন্যান্য শ শ দলীল ‘আল্লাহ এজন তেওঁৰ বাহিৰে আন কোনো ইলাহ নাই’ এনেকৈ প্ৰমাণ কৰে যে, তাত সন্দেহৰ কোনো অৱকাশ নাথাকে। যেনে বাইবেলে কয়: “হে ইছৰাঈল শুনা: ৰব হৈছে আমাৰ ইলাহ, ৰব এজন। নিশ্চয় আল্লাহ এক, তেওঁৰ বাহিৰে দ্বিতীয় কোনো নাই”। ইঞ্জিল মাৰ্ক: (১২:৮-৩৩)
এই কথাই কোৰআনুল কাৰীমেও কৈছে এইদৰে: “কোৱা, আল্লাহ এক”। ছুৰা নম্বৰ: ১১৩, আয়াত: ১।
বাইবেলে কেৱল এইখিনি কৈ ক্ষান্ত হোৱা নাই যে, আল্লাহ এক, বৰং সি নিশ্চিত কৰিছে যে, আল্লাহেই সৃষ্টিকৰ্তা আৰু তেৱেঁই মুক্তিদাতা: “তোমালোকে জানি লোৱা আৰু মোৰ ওপৰত ঈমান আনা, আৰু ভালকৈ স্মৰণ কৰা ময়েই মই, ময়েই আল্লাহ। মোৰ আগত কোনো ইলাহ নাছিল আৰু মোৰ পিছতো কোনো ইলাহ নহ’ব। ময়েই ৰব আৰু মোৰ বাহিৰে আন কোনো মুক্তিদাতা নাই”। ইশইয়া: (৪৩:১০-১১)
ইয়াৰ পৰা স্পষ্ট হয় যে, ঈছাৰ উলুহিয়্যাহ (ইবাদতৰ অধিকাৰ) বা ৰুহুল কুদছৰ উলুহিয়্যাহ বা আল্লাহৰ বাহিৰে সিহঁতৰ কাৰো উলুহিয়্যাৰ কথাৰ কোনো ভিত্তি আৰু কোনো প্ৰমাণ নাই। তেওঁলোক আল্লাহৰ সৃষ্ট কিছুমান মখলুকৰ বাহিৰে আন একো নহয়, তেওঁলোকৰ কোনো কৰ্তৃত্ব নাই। তেওঁলোক আল্লাহ নহয়, আল্লাহৰ জ্যোতিও নহয়, সেইদৰে আল্লাহৰ শৰীৰ বা প্ৰতিকৃতিও নহয়। তেওঁৰ সদৃশ কোনো বস্তু নাই, যেনে উল্লেখ কৰা হৈছে বাইবেল আৰু কোৰআনুল কাৰীমত।
আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰা আৰু পথভ্ৰষ্টতাৰ বাবেই আল্লাহে ইয়াহূদীসকলৰ ওপৰত ক্ৰোধ অৱতীৰ্ণ কৰিছে: “প্ৰতিপালকৰ ক্ৰোধ সিহঁতৰ ওপৰত অৱধাৰিত হৈছে”। আল-আদাদ: (২৫:৩), এইদৰে মূছা আলাইহিচ ছালামে সিহঁতৰ সোণৰ দামুৰিটোক ধ্বংস কৰিছে।
আনহাতে, একত্ববাদত বিশ্বাসী এদল খ্ৰীস্টান শাস্তি আৰু বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হৈছে, কাৰণ সিহঁতে আল্লাহৰ তাওহীদৰ ওপৰত ঈমান আনিছিল আৰু অস্বীকাৰ কৰিছিল (আল্লাহৰ বাবে একনিষ্ঠ) ঈছাৰ দ্বীনৰ বিকৃতি, আৰু পৰিহাৰ কৰিছিল পল আৰু তাৰ অনুসাৰীসকলৰ হাতত সৃষ্ট ত্ৰিত্ববাদৰ বিদ‘আত। সেয়ে সিহঁতক নিৰ্যাতন কৰা হৈছিল।
সাৰাংশ: আদম, নূহ, ইব্ৰাহীম, মূছা, ঈছা আৰু মুহাম্মদ আলাইহিমুচ ছালামক আল্লাহে প্ৰেৰণ কৰিছে, যাতে তেওঁলোকে মানৱ জাতিক তেওঁৰ ওপৰত ঈমান পোষণ কৰিবলৈ আহ্বান জনায় আৰু তেওঁৰ বাবেই যেন ইবাদত নিৰ্ভেজালভাৱে পালন কৰে, যাৰ কোনো অংশী আৰু সমকক্ষ নাই, তেওঁ পৱিত্ৰ। তেওঁলোক সকলোৰে বাৰ্তা আছিল:

 

 

যিহেতু নবী আৰু ৰাছুলসকলৰ বাৰ্তা একেই আছিল, সেয়ে তেওঁলোকৰ দ্বীন বা ধৰ্মও এক আছিল, তেন্তে সকলো নবী আৰু ৰাছুলৰ দ্বীন কি আছিল?
ইয়াত কোনো সন্দেহ নাই যে, তেওঁলোক সকলোৰে ৰিছালতৰ মূল ভিত্তি আছিল “আত-তাছলিম” লিল্লাহ অৰ্থাৎ আল্লাহৰ বাবে আত্মসমৰ্পণ, লক্ষণীয় যে, এই তাছলিম শব্দই “ইছলাম” শব্দৰ অৰ্থ আৰু তাৎপৰ্যক প্ৰকাশ কৰে।
কোৰআনুল কাৰীমে স্পষ্ট কৈছে যে, সকলো নবী আৰু ৰাছুলৰ সত্য দ্বীন (ধৰ্ম) ইছলাম, কোৰআনুল কাৰীমৰ এই বাস্তৱতা বাইবেলেতো অনুসন্ধান কৰিব পাৰে। (অহা পুস্তিকাত আমি এই বাস্তৱতা বাইবেলত অনুসন্ধান কৰিম, ইন শ্বা আল্লাহ)।

উপসংহাৰ:
মুক্তিৰ বাবে আমাৰ ওপৰত ওৱাজিৱ এই বাৰ্তা গ্ৰহণ কৰা আৰু সততা ও ইখলাছৰ সৈতে ইয়াৰ ওপৰত ঈমান পোষণ কৰা, কিন্তু কেৱল এইখিনি আমলেই যথেষ্ট নহয়! বৰং সকলো নবী আৰু ৰাছুলৰ ওপৰত ঈমান পোষণ কৰাও অপৰিহাৰ্য, ইয়াৰে অন্তৰ্ভূক্ত আছে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান পোষণ কৰা, তেওঁৰ হিদায়ত অনুসৰণ কৰা আৰু তাৰ প্ৰতি আমল কৰা। চিৰস্থায়ী কল্যাণময় জীৱনৰ পথ এইটোৱেই।
হে ইখলাছৰ সৈতে প্ৰকৃত সত্য অন্বেষণকাৰী আৰু মুক্তি প্ৰেয়সী! আশা কৰো আপুনি বিষয়টো লৈ চিন্তা কৰিব আৰু গভীৰভাৱে মনোযোগ দিব এতিয়াৰ পৰাই, কিন্তু অৱশ্যই সময় শেষ হোৱাৰ আগতেই, মৃত্যুৰ আগত, যিটো হঠাৎ আহি যায়! কোনে জানে কাৰ মৃত্যু কেতিয়া আহিব?


জৰুৰী আৰু গুৰুত্বপূৰ্ণ এই বিষয়ৰ প্ৰতি চিন্তা আৰু পুনৰ গভীৰ দৃষ্টি দিয়াৰ পিছত বিবেক আৰু সত্য হৃদয় ফয়চালা কৰিবলৈ সক্ষম হ’ব যে, আল্লাহ এক, তেওঁৰ কোনো অংশী নাই আৰু তেওঁৰ কোনো সন্তানো নাই। তাৰ পিছত তেওঁৰ ওপৰত ঈমান আনিব আৰু একমাত্ৰ তেওঁৰ ইবাদত কৰিব। আৰু বিশ্বাস কৰিব যে, মুহাম্মদ নবী আৰু ৰাছুল যেনে নবী আৰু ৰাছুল আছিল নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা।
    আপুনি ইচ্ছা কৰিলে এতিয়া ক’ব পাৰে:
 
   
 
     

 

 

 

এই সাক্ষ্যই চিৰস্থায়ী সুখময় জীৱনৰ পথত প্ৰথম পদক্ষেপ, আৰু এইটোৱেই জান্নাতৰ দুৱাৰসমূহৰ প্ৰকৃত চাবি।
যেতিয়া আপুনি এই পথ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে, তেনেহ’লে আপুনি আপোনাৰ বন্ধুৰ সহায় লওঁক অথবা মুছলিম প্ৰতিবেশীৰ সহায় গ্ৰহণ কৰক নিকটবৰ্তী মছজিদৰ বাবে অথবা ইছলামিক চেন্টাৰৰ বাবে নাইবা আমাৰ লগত যোগাযোগ কৰি আমাক ধন্য কৰক অথবা আমাৰ ওচৰত চিঠি লিখক, (আমি সূখী হম)।

﴿قُلۡ يَٰعِبَادِيَ ٱلَّذِينَ أَسۡرَفُواْ عَلَىٰٓ أَنفُسِهِمۡ لَا تَقۡنَطُواْ مِن رَّحۡمَةِ ٱللَّهِۚ إِنَّ ٱللَّهَ يَغۡفِرُ ٱلذُّنُوبَ جَمِيعًاۚ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ٥٣ وَأَنِيبُوٓاْ إِلَىٰ رَبِّكُمۡ وَأَسۡلِمُواْ لَهُۥ مِن قَبۡلِ أَن يَأۡتِيَكُمُ ٱلۡعَذَابُ ثُمَّ لَا تُنصَرُونَ ٥٤ وَٱتَّبِعُوٓاْ أَحۡسَنَ مَآ أُنزِلَ إِلَيۡكُم مِّن رَّبِّكُم مِّن قَبۡلِ أَن يَأۡتِيَكُمُ ٱلۡعَذَابُ بَغۡتَةٗ وَأَنتُمۡ لَا تَشۡعُرُونَ ٥٥ ﴾ [الزمر: ٥٢،  ٥٤]  
“জনাই দিয়া, হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে, তোমালোকে আল্লাহৰ কৰুণাৰ পৰা নিৰাশ নহ’বা। নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু। আৰু তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে আত্মসমৰ্পণ কৰা। (শাস্তি অহাৰ) পিছত তোমালোকক কোনো সহায় কৰা নহ’ব। তোমালোকৰ অজ্ঞাতে হঠাৎ তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে অনুসৰণ কৰা উত্তম বস্তুৰ যি অৱতীৰ্ণ কৰা হৈছে তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা।( ছুৰা আয-যুমাৰ: (৫৩-৫৫)

 

ইয়াত আৰু এটা বিষয়...

সৰ্বশেষ অনুভূতি:

 

 

 

ইন শ্বা আল্লাহ পৰৱৰ্তী পুস্তিকাত এই প্রশ্নবোৰ আৰু অন্যান্য প্ৰশ্নৰ উত্তৰ অনুসন্ধান কৰিম।
আৰু সবিশেষ জানিবলৈ অথবা প্ৰশ্নৰ বাবে অথবা মন্তব্যৰ বাবে লেখকৰ সৈতে তলত দিয়া ঠিকনাত যোগাযোগ কৰক। এই ক্ষেত্ৰত আশা কৰোঁ কোনো দ্বিধা নকৰিব:
পোষ্টবক্স নং ৪১৮, আল-হুফুফ, আল-আহছা, ৩১৯৮২, ছৌদি আৰব।


 

(যিকোনো পৰিবৰ্তন আৰু সংশোধনক স্বাগতম জনাওঁ)