ছুন্নতে ৰাছুল খামুচি ধৰা আৰু বিদ‘আতৰ পৰা সতৰ্ক থকা অপৰিহাৰ্য

উক্ত পুস্তিকাটোত কোৰআন আৰু ছহীহ হাদীছ দৃঢ়তাৰে ধাৰণ কৰা আৰু বিদআত পৰিহাৰ কৰা বিষয়টো দাঙি ধৰা হৈছে।

ছুন্নতে ৰাছুল খামুচি ধৰা আৰু বিদ‘আতৰ পৰা সতৰ্ক থকা অপৰিহাৰ্য
وجوب لزوم السنة والحذر من البدعة
] অসমীয়া – Assamese – آسامي [

        
মাননীয় শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ
মহা পৰিচালকঃ গৱেষনা, ফতোৱা, দাওৱা,
আৰু প্ৰচাৰ প্ৰশাসন (ছৌদি আৰব)

অনুবাদ আৰু সম্পাদনা:
ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব


2015-1437
 

وجوب لزوم السنة والحذر من البدعة
] অসমীয়া – Assamese – آسامي [
            

سماحة الشيخ عبد العزيز بن عبد الله بن باز رحمه الله


 


ترجمة:
رفيق الاسلام بن حبيب الرحمن

 

2015 - 1437
 

 

بسم الله الرحمن الرحيم
ছুন্নতে ৰাছুল খামুচি ধৰা আৰু বিদ‘আতৰ পৰা সতৰ্ক থকা অপৰিহাৰ্য
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাৰ বাবে দ্বীনক পূৰ্ণতা দান কৰিছে আৰু আমাৰ ওপৰত নিয়ামতসমূহ পৰিপূৰ্ণ কৰিছে আৰু আমাৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিছে। শান্তি আৰু কৰুণা বৰ্ষিত হওঁক তেওঁৰ বান্দা আৰু ৰাছুলৰ ওপৰত যিজনে সীমালঙ্ঘন, বিদ‘আত (নৱ প্ৰথা) আৰু পাপকামৰ পৰা সতৰ্ক কৰি তেওঁৰ প্ৰতিপালকৰ আনুগত্য কৰাৰ প্ৰতি আহ্বান কৰিছে। আল্লাহে তেওঁৰ ওপৰত, তেওঁৰ বংশধৰ আৰু ছাহাবীসকল লগতে কিয়ামত পৰ্যন্ত যিসকলে তেওঁৰ প্ৰদৰ্শিত পথৰ অনুসাৰী হ’ব সেই সকলোৰে ওপৰত কৰুণা বৰ্ষণ কৰক। তাৰ পিছতঃ
ভাৰতৰ উত্তৰ প্ৰদেশৰ শিল্পনগৰী কানপুৰৰ পৰা প্ৰকাশিত ‘ইদাৰত’ নামক এক উৰ্দূ সপ্তাহিক পত্ৰিকাৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত এটা প্ৰৱন্ধ সম্পৰ্কে মই গম পালো। তাত প্ৰকাশ্যভাৱে ছৌদি আৰবৰ অনুসৃত ইছলামী আক্বীদাসমূহ আৰু বিদ‘আত বিৰোধিতাৰ ওপৰত আক্ৰমণাত্মক অভিযান চলোৱা হৈছে। ছৌদি চৰকাৰ কৰ্তৃক অনুসৃত ছালাফে ছলেহীনৰ আক্বীদাক ছুন্নাহ বিৰোধী বুলি অপবাদ দিয়া হৈছে। লেখকে আহলে ছুন্নাতৰ মাজত ঐক্য আৰু সংহতি বিনষ্ট কৰি সিহঁতৰ মাজত বিদ‘আত আৰু কুসংস্কাৰৰ প্ৰসাৰ সাধনৰ বাসনা লৈ উক্ত প্ৰৱন্ধটো ৰচনা কৰিছে।
নিসন্দেহে এইটো এটা জঘন্য আচৰণ আৰু ভয়ানক চক্ৰান্ত, যাৰ উদ্দেশ্য ইছলাম ধৰ্মৰ ক্ষতি, ভ্ৰষ্টতা আৰু বিদ‘আতৰ প্ৰসাৰ সাধন। লেখকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্মানুষ্ঠান বা মীলাদ মাহফিল আয়োজনৰ প্ৰতি বিশেষ জোৰ দিছে আৰু এই প্ৰসঙ্গতে ছৌদি আৰব আৰু ইয়াৰ নেতৃত্বৰ বিশুদ্ধ আক্বীদাৰ ওপৰত বিৰূপ আলোচনাৰ সূত্ৰপাত কৰিছে। এতেকে, জনসাধাৰণক এই সম্পৰ্কে সতৰ্ক কৰি দিয়াৰ প্ৰয়োজন অনুভৱ হোৱাত আল্লাহ তা‘আলাৰ সহায় প্ৰাৰ্থনা কৰি মই নিম্নোক্ত বক্তব্য প্ৰদান কৰিছো।
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম বা আন কাৰো জন্মোৎসৱ পালন কৰা জায়েয নহয়; বৰং ইয়াৰ পৰা মানুহক সতৰ্ক কৰা অৱশ্য কৰ্তব্য। কিয়নো এইটো দ্বীন (ধৰ্ম)ৰ মাজত নৱ প্ৰবৰ্তিত এটা বিদ‘আত। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কেতিয়াও এই কাম কৰা নাছিল। তেওঁৰ নিজৰ অথবা তেওঁৰ আগতে মৃত্যুবৰণ কৰা কোনো নবী বা তেওঁৰ কোনো ছোৱালী, স্ত্ৰী, আত্মীয় অথবা কোনো ছাহাবীৰ জন্মদিন পালনৰ কোনো নিৰ্দেশ তেখেতে দিয়া নাই। খোলাফায়ে ৰাশ্বেদীন, ছাহাবায়ে কেৰাম (আল্লাহ তা‘আলা তেওঁলোকৰ প্ৰতি সন্তুষ্ট হওঁক) অথবা তেওঁলোকৰ সঠিক অনুসাৰী তাবেয়ীনসকলৰ মাজৰ কোনোৱেই এনেকুৱা কাম কৰা নাছিল। আনকি, আমাৰ পূৰ্বৱৰ্তী উত্তম যুগসমূহতো কোনো আলিমে এই কাম কৰা নাই। অথচ তেওঁলোকে ছুন্নাহ সম্পৰ্কে আমাতকৈ বেছি জ্ঞানী আছিল আৰু আল্লাহৰ ৰাছুল আৰু তেওঁৰ চৰিয়ত পালনক সৰ্বাধিক ভাল পাইছিল। যদি এই কামটো ইমানেই ছোৱাবৰ হ’লেহেঁতেন তেনেহ’লে তেওঁলোকে আমাৰ আগতেই এইটো পালন কৰিলেহেঁতেন।
ইছলাম এটা পৰিপূৰ্ণ দ্বীন। আল্লাহ তা‘আলাই নিজ ৰাছুলৰ দ্বাৰা যি চৰিয়ত প্ৰৱৰ্তন কৰিছে সেইটো স্বয়ংসম্পূৰ্ণভাৱে আমাক অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বিদ‘আত বা নতুন কোনো প্ৰথাৰ সংযোজনৰ পৰা নিষেধ কৰা হৈছে। আহলে ছুন্নাত ওৱাল জামা‘আত এই শিক্ষা ছাহাবায়ে কেৰাম আৰু তেওঁলোকৰ সঠিক অনুসাৰী তাবেঈনসকলৰ পৰা উত্তম পন্থাৰে গ্ৰহণ কৰিছে।
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা ছহীহ হাদীছত বৰ্ণিত আছে, তেখেতে কৈছে,
«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ فِيهِ، فَهُوَ رَدٌّ»
“যি ব্যক্তি আমাৰ দ্বীনৰ মাজত এনেকুৱা নতুন বিষয় তৈয়াৰ কৰিলে, যিটো ইয়াৰ অন্তৰ্ভূক্ত নহয়, সেইটো প্ৰত্যাখ্যাত।”
ছহীহ মুছলিমত বৰ্ণিত আন এটা হাদীছত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে,
«مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ»
“যি ব্যক্তি এনেকুৱা কোনো কাম কৰিলে, যি বিষয়ে আমাৰ কোনো নিৰ্দেশনা নাই, তেন্তে সেইটো প্ৰত্যাখিত।”
তেখেতে আন এটা হাদীছত কৈছে,
«فَعَلَيْكُمْ بِسُنَّتِي وَسُنَّةِ الْخُلَفَاءِ الْمَهْدِيِّينَ الرَّاشِدِينَ، تَمَسَّكُوا بِهَا وَعَضُّوا عَلَيْهَا بِالنَّوَاجِذِ، وَإِيَّاكُمْ وَمُحْدَثَاتِ الْأُمُورِ، فَإِنَّ كُلَّ مُحْدَثَةٍ بِدْعَةٌ، وَكُلَّ بِدْعَةٍ ضَلَالَة »
“তোমালোকে মোৰ ছুন্নত আৰু খোলাফায়ে ৰাশ্বেদীনৰ ছুন্নত খামুচি ধৰিবা। আৰু ইয়াক দৃঢ়তাৰ সৈতে ধাৰণ কৰিবা। সাৱধান! কেতিয়াও দ্বীনৰ মাজত নৱ প্ৰৱৰ্তিত কোনো বিষয় গ্ৰহণ নকৰিবা। কিয়নো প্ৰত্যেক নৱ আৱিস্কাৰেই বিদ‘আত আৰু প্ৰত্যেক বিদ‘আতেই ভ্ৰষ্টতা।”
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জুমাৰ দিনা খুতবাত কৈছিল,
« فَإِنَّ خَيْرَ الْحَدِيثِ كِتَابُ اللهِ، وَخَيْرُ الْهُدَى هُدَى مُحَمَّدٍ، وَشَرُّ الْأُمُورِ مُحْدَثَاتُهَا، وَكُلُّ بِدْعَةٍ ضَلَالَةٌ »
“নিশ্চয় সৰ্বোত্তম কথা হৈছে আল্লাহৰ কিতাব, আৰু সৰ্বোত্তম পথ হৈছে মুহাম্মাদ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পথ। সৰ্ব নিকৃষ্ট বিষয় হৈছে মনে সজা নৱ প্ৰবৰ্তিত বিষয় বিদ‘আত আৰু প্ৰতিটো বিদ‘আতেই পথভ্ৰষ্টতা।”
এই সকলো হাদীছত বিদ‘আত প্ৰবৰ্তনৰ বিৰুদ্ধে কঠোৰ সতৰ্ক বাণী উচ্চাৰণ কৰা হৈছে আৰু উম্মতক ইয়াৰ ভয়াৱহতা সম্পৰ্কে সাৱধান কৰা হৈছে। আৰু ইয়াত লিপ্ত হোৱাৰ পৰা ভীতি প্ৰদৰ্শন কৰা হৈছে। এই বিষয়ে আৰু বহুতো ছহীহ হাদীছ বৰ্ণিত আছে।
আল্লাহ তা‘আলাই কৈছে,
﴿وَمَآ ءَاتَىٰكُمُ ٱلرَّسُولُ فَخُذُوهُ وَمَا نَهَىٰكُمۡ عَنۡهُ فَٱنتَهُواْۚ ﴾ [الحشر: ٧]  
“ৰাছুলে তোমালোকৰ বাবে যি লৈ আহিছে সেইটো গ্ৰহণ কৰা আৰু যিটোৰ পৰা তোমালোকক বিৰত ৰাখিছে সেইটোৰ পৰা বিৰত থাকা।” [ছুৰা আল-হাশ্বৰ, আয়াত: ৭]
আল্লাহ তা‘আলাই আৰু কৈছে,
﴿فَلۡيَحۡذَرِ ٱلَّذِينَ يُخَالِفُونَ عَنۡ أَمۡرِهِۦٓ أَن تُصِيبَهُمۡ فِتۡنَةٌ أَوۡ يُصِيبَهُمۡ عَذَابٌ أَلِيمٌ ٦٣﴾ [النور: ٦٣]  
“যিসকলে তেওঁৰ (ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ) আদেশৰ বিৰোধিতা কৰে সিহঁতৰ ভয় কৰা উচিত যে, সিহঁতৰ ওপৰত কোনো ফিৎনা বা কোনো যন্ত্ৰণাদায়ক শাস্তি আহিব পাৰে।” [ছুৰা আন-নূৰ, আয়াত: ৬৩]
আল্লাহ তা‘আলাই আৰু কৈছে,
﴿لَّقَدۡ كَانَ لَكُمۡ فِي رَسُولِ ٱللَّهِ أُسۡوَةٌ حَسَنَةٞ لِّمَن كَانَ يَرۡجُواْ ٱللَّهَ وَٱلۡيَوۡمَ ٱلۡأٓخِرَ وَذَكَرَ ٱللَّهَ كَثِيرٗا ٢١﴾ [الاحزاب: ٢١]  
“প্ৰকৃততে, তোমালোকৰ মাজত যিসকলে পৰকালৰ আশা পোষণ কৰে আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে সিহঁতৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ জীৱনত এক সৰ্বোত্তম আদৰ্শ আছে।” [ছুৰা আল-আহযাব, আয়াত: ২১]
আল্লাহ তা‘আলাই আৰু কৈছে,
﴿وَٱلسَّٰبِقُونَ ٱلۡأَوَّلُونَ مِنَ ٱلۡمُهَٰجِرِينَ وَٱلۡأَنصَارِ وَٱلَّذِينَ ٱتَّبَعُوهُم بِإِحۡسَٰنٖ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُ وَأَعَدَّ لَهُمۡ جَنَّٰتٖ تَجۡرِي تَحۡتَهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ ١٠٠﴾ [التوبة: ١٠٠]  
“সেই সকল মুহাজিৰ আৰু আনছাৰ, যিসকলে সৰ্বপ্ৰথম ঈমানৰ দাৱাত কবুল কৰিছিল আৰু যিসকলে সততাৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিছিল তেওঁলোকৰ প্ৰতি আল্লাহ সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহ তা‘আলাৰ ওপৰত সন্তুষ্ট। আল্লাহ তা‘আলা তেওঁলোকৰ বাবে এনেকুৱা জান্নাতসমূহ তৈয়াৰ কৰি ৰাখিছে যাৰ তলত নিজৰা প্ৰবাহমান। তাত তেওঁলোক চিৰকাল থাকিব। প্ৰকৃততে: এইটো এটা ডাঙৰ সাফল্য।” [ছুৰা আত-তাওবাহ, আয়াত: ১০০]
আল্লাহ তা‘আলাই আৰু কৈছে,
﴿ ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗاۚ ﴾ [المائ‍دة: ٣]  
“আজি মই তোমালোকৰ দ্বীনক তোমালোকৰ বাবে সম্পূৰ্ণ কৰি দিলো, আৰু তোমালোকৰ প্ৰতি মোৰ নিয়ামত পূৰ্ণ কৰি দিলো আৰু ইছলামক তোমালোকৰ দ্বীন হিচাপে পছন্দ কৰিলো।” [ছুৰা আল-মায়িদাহ, আয়াত: ৩]
এই আয়াতৰ দ্বাৰা সুস্পষ্টভাৱে প্ৰমাণিত হয় যে, আল্লাহে এই উম্মতৰ বাবে প্ৰবৰ্তিত দ্বীনক আৰু তেওঁৰ নিয়ামতক পৰিপূৰ্ণ কৰিছে। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তেওঁৰ ওপৰত অৰ্পিত স্পষ্ট বাৰ্তাক পৌঁছাবলৈ আৰু কথাত আৰু কৰ্মত চৰিয়তক বাস্তবায়িত কৰাৰ পিছতেই মৃত্যুবৰণ কৰিছে। তেখেতে এই বিষয়টো স্পষ্ট কৰি কৈ গৈছে যে, তেওঁৰ পিছত মানুহে কথাত বা কৰ্মত যিবোৰ নৱ প্ৰথাৰ উদ্ভাৱন কৰি চৰিয়তৰ লগত সম্পৃক্ত কৰিব সেইবোৰ বিদআত প্ৰত্যাখ্যাত হ’ব। যদিও এইবোৰ বিদআতকাৰীৰ উদ্দেশ্য সৎ হয়।
আৰু এইটো প্ৰমাণিত যে, ছাহাবায়ে কেৰাম আৰু তাবেয়ীসকল বিদ‘আতৰ পৰা মানুহক সতৰ্ক আৰু ভয় প্ৰদৰ্শন কৰিছে। কিয়নো এইটো ধৰ্মৰ মাজত অতিৰিক্ত সংযোজন যাৰ অনুমতি আল্লাহ তা‘আলাই কাকো দিয়া নাই আৰু এইটো আল্লাহৰ শত্ৰু ইয়াহূদী আৰু খ্ৰীস্টান কৰ্তৃক সিহঁতৰ ধৰ্মৰ নতুন নতুন প্ৰথা সংযোজনৰ লগত সামঞ্জস্য পোষণ কৰে। এনে কৰাৰ অৰ্থ এইটো বুজায় যে, ইছলাম অসম্পূৰ্ণ আৰু ত্ৰুটিপূৰ্ণ, যিটোৱে মিছা অপবাদ দিয়াৰ সুযোগ প্ৰদান কৰে। এইটো যে কিমান ডাঙৰ ফাছাদ আৰু জঘন্য কৰ্ম আৰু আল্লাহৰ বাণীৰ বিৰোধী সেয়া সৰ্বজন বিদিত।
আল্লাহ তাআলাই কৈছে,
﴿ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ﴾ [المائ‍دة: ٣]
“আজি মই তোমালোকৰ দ্বীনক তোমালোকৰ বাবে সম্পূৰ্ণ কৰিলো।” [ছুৰা আল-মায়িদাহ, আয়াত: ৩]
এইদৰে এইটো ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ স্পষ্ট হাদীছসমূহ যিবোৰত তেওঁ বিদ‘আতৰ পৰা সতৰ্ক আৰু দূৰৈত থাকিবলৈ কৈছে সেইবোৰৰো সম্পূৰ্ণ পৰিপন্থী।
মীলাদ মাহফিল বা নবীৰ জন্মোৎসৱ পালন বা এই জাতীয় আন আন উৎসৱাদিৰ পালনে এই কথা প্ৰমাণ কৰে যে, আল্লাহ তা‘আলাই এই উম্মতৰ বাবে দ্বীন ইছলামক পূৰ্ণতা প্ৰদান কৰা নাই আৰু যি যি কৰণীয় আছিল সেই বাৰ্তা ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে উম্মতৰ ওচৰত সম্পূৰ্ণৰূপে পৌঁছাই দিয়া নাই। সেয়ে পৰৱৰ্তী কালৰ এই সমূহ লোকে এনে কিছুমান বস্তু প্ৰৱৰ্তন কৰিছে যাৰ অনুমতি আল্লাহ তা‘আলাই সিহঁতক দিয়া নাছিল। অথচ সিহঁতে ভাবে এনে কৰিলে আল্লাহৰ নৈকট্য অৰ্জন হ’ব। নিসন্দেহে ইয়াত মাৰাত্মক ভয়ৰ কাৰণ আছে আৰু ই আল্লাহ তা‘আলা আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত আপত্তি উত্থাপনৰ অন্তৰ্ভূক্ত। অথচ আল্লাহে তেওঁৰ বান্দাহসকলৰ দ্বীনক সম্পূৰ্ণ কৰিছে আৰু তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিছে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামেও স্পষ্ট বাৰ্তা যথাযথভাৱে পৌঁছাই দিছে। তেখেতে এনে কোনো পথ যিটো জান্নাতৰ ফালে লৈ যায় আৰু জাহান্নামৰ পৰা দূৰত ৰাখে সেয়া উম্মতক জনাই দিয়াত কৃপণালি কৰা নাই। যেনে, আব্দুল্লাহ ইবন আমৰ ইবন আছ ৰাদিয়াল্লাহু আনহুৰ পৰা ছহীহ হাদীছ বৰ্ণিত হৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে,
« إِنَّهُ لَمْ يَكُنْ نَبِيٌّ قَبْلِي إِلَّا كَانَ حَقًّا عَلَيْهِ أَنْ يَدُلَّ أُمَّتَهُ عَلَى خَيْرِ مَا يَعْلَمُهُ لَهُمْ، وَيُنْذِرَهُمْ شَرَّ مَا يَعْلَمُهُ لَهُمْ »
“আল্লাহে মোৰ আগতে যি নবীকেই প্ৰেৰণ কৰিছিল, উম্মতৰ প্ৰতি তেওঁলোকৰ এই দায়িত্ব আছিল যে, উম্মতৰ বাবে যি ভাল, সেয়া বৰ্ণনা কৰা আৰু যি বেয়া তাৰ পৰা সিহঁতক সতৰ্ক কৰা।”
এই কথা সকলোৰে জনা আছে যে, আমাৰ প্ৰিয় নবী সকলো নবীসকলৰ মাজত শ্ৰেষ্ঠ আৰু সৰ্বশেষ। তেখেতে আটাইতকৈ অধিক পৰিপূৰ্ণভাৱে দ্বীনৰ পয়গাম বা উপদেশ বাৰ্তা পৌঁছাই দিছে। যদি মীলাদ মাহফিল আল্লাহৰ তৰফৰ পৰা মনোনীত দ্বীনৰ অংশ হ’লেহেঁতেন তেনেহ’লে তেওঁ নিশ্চয় উম্মতৰ ওচৰত বৰ্ণনা কৰিলেহেঁতেন। যিহেতু এই বিষয়ে একো পোৱা নাযায়, সেয়ে প্ৰমাণিত হয় যে, ইছলামৰ লগত এই মীলাদ মাহফিলৰ কোনো সম্পৰ্ক নাই; বৰং এইটো এটা বিদ‘আত যিটোৰ পৰা ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম তেওঁৰ উম্মতক সতৰ্ক থাকিবলৈ কৈছে। যেনে ওপৰত উল্লেখিত হাদীছত বৰ্ণিত হৈছে।
এদল উলামাই উপৰোক্ত আৰু আন আন দলীলৰ ওপৰত ভিত্তি কৰি মীলাদ মাহফিল পালনৰ বৈধতা অস্বীকাৰ কৰিছে, এই সম্পৰ্কে সতৰ্ক কৰি দিছে। এইটো জনা কথা যে, বিৰোধপূৰ্ণ বিষয় আৰু হালাল বা হাৰামৰ ক্ষেত্ৰত চৰিয়তৰ নীতি হৈছে কোৰআন আৰু হাদীছত ৰাছুলৰ মীমাংসা অনুসন্ধান কৰা। যেনে আল্লাহ তা‘আলাই কৈছে,
﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَ وَأُوْلِي ٱلۡأَمۡرِ مِنكُمۡۖ فَإِن تَنَٰزَعۡتُمۡ فِي شَيۡءٖ فَرُدُّوهُ إِلَى ٱللَّهِ وَٱلرَّسُولِ إِن كُنتُمۡ تُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ ذَٰلِكَ خَيۡرٞ وَأَحۡسَنُ تَأۡوِيلًا ٥٩ ﴾ [النساء: ٥٩].
“হে ঈমানদাৰসকল! আনুগত্য কৰা আল্লাহৰ, আৰু আনুগত্য কৰা ৰাছুলৰ আৰু তোমালোকৰ মাজৰ দায়িত্বশীল ব্যক্তিসকলৰ। যদি কোনো বিষয়ত তোমালোকৰ মাজত মত বিৰোধ দেখা দিয়ে তেনেহলে সেয়া আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালে উভতাই দিয়া যদি তোমালোকে আল্লাহ তা‘আলা আৰু কিয়ামতৰ ওপৰত বিশ্বাস কৰা। এইটোৱেই উৎকৃষ্ট আৰু পৰিণামৰ ফালেৰে সৰ্বোত্তম পন্থা।” [ছুৰা আন-নিছা, আয়াত : ৫৯]
আল্লাহ তা‘আলাই আৰু কৈছে,
﴿ وَمَا ٱخۡتَلَفۡتُمۡ فِيهِ مِن شَيۡءٖ فَحُكۡمُهُۥٓ إِلَى ٱللَّهِۚ ﴾ [الشورا: ١٠]  
“তোমালোকে যি বিষয়তেই মতভেদ নকৰা কিয় তাৰ মীমাংসা আল্লাহৰ ওচৰতেই আছে।” [ছুৰা আশ্ব-শূৰা, আয়াত: ১০]
এতেকে যদি এই মীলাদ মাহফিলৰ বিষয়টো লৈ কোৰআনৰ ফালে উভতি যাওঁ তেনেহ’লে আমি দেখিবলৈ পাওঁ যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে যি আদেশ বা নিষেধ কৰিছে আমাক সেইটোৱে অনুসৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু কোৱা হৈছে, তেওঁৰ এই উম্মতৰ বাবে দ্বীনক পূৰ্ণতা দান কৰা হৈছে। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যি লৈ আহিছে তাৰ মাজত মীলাদ অনুষ্ঠানৰ কোনো ইঙ্গিত পৰ্যন্ত পোৱা নাযায়। এতেকে এই কাম সেই দ্বীনৰ অন্তৰ্ভূক্ত নহয় যিটো আল্লাহ তা‘আলাই আমাৰ বাবে সম্পূৰ্ণ কৰি দিছে আৰু এই বিষয়ে আমাক তেওঁৰ ৰাছুলৰ অনুসৰণ কৰাৰ নিৰ্দেশ দিছে।
আৰু এইদৰে যদি আমি এই বিষয়ে ছুন্নাতে ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ফালে লক্ষ্য কৰোঁ তেন্তে দেখিবলৈ পাওঁ যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই কাম কৰা নাই, ইয়াৰ আদেশো দিয়া নাই। আনকি তেওঁৰ ছাহাবাসকলেও (তেওঁলোকৰ ওপৰত আল্লাহৰ সন্তুষ্টি বৰ্ষিত হওঁক) কৰা নাই। গতিকে আমি বুজিলো যে, এইটো ধৰ্মীয় কাম নহয় বৰং বিদ‘আত আৰু ইয়াহূদী ও খ্রীস্টানসকলৰ উৎসৱসমূহৰ অন্ধ অনুকৰণ। যি ব্যক্তিৰ নুন্যতম বিচক্ষণতা আছে আৰু সত্য গ্ৰহণত লগতে ইয়াৰ অনুসন্ধানত সামান্যতম বিবেক আৰু আগ্ৰহ আছে তাৰ বুজিবলৈ কোনো অসুবিধা নহ’ব যে, ধৰ্মৰ লগত মীলাদ মাহফিল বা যাৱতীয় জন্ম বাৰ্ষিকী পালনৰ কোনো সম্পৰ্ক নাই। বৰং যি বিদ‘আতসমূহৰ পৰা আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ আৰু সতৰ্ক কৰিছে এইটো তাৰেই অন্তৰ্ভূক্ত।
বিভিন্ন ঠাইত বহু সংখ্যক লোকক এই বিদ‘আতী কামত লিপ্ত দেখি কোনো বুদ্ধিমান ব্যক্তিৰ পক্ষে প্ৰৱঞ্চিত হোৱাটো সংগত নহয়। কিয়নো ন্যায় বা হক, লোকৰ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত জনা নাযায় বৰং চৰিয়তৰ দলীলসমূহৰ মাধ্যমত সেয়া অনুধাবন কৰা হয়। যেনে আল্লাহ তা‘আলা ইয়াহূদী আৰু খ্রীস্টানসকলৰ বিষয়ে কৈছে,
﴿ وَقَالُواْ لَن يَدۡخُلَ ٱلۡجَنَّةَ إِلَّا مَن كَانَ هُودًا أَوۡ نَصَٰرَىٰۗ تِلۡكَ أَمَانِيُّهُمۡۗ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡ إِن كُنتُمۡ صَٰدِقِينَ ١١١ ﴾ [البقرة: ١١١]  
“সিহঁতে কয়, ইয়াহূদী আৰু খ্রীস্টানসকলৰ বাহিৰে আন কোনেও জান্নাতত কদাপিও প্ৰৱেশ নকৰিব। এইটো সিহঁতৰ মিছা আশা মাথোন। আপুনি কৈ দিয়ক, যদি তোমালোকে সত্যবাদী তেনেহ’লে যুক্তি প্ৰমাণ লৈ আহা।” [ছুৰা আল-বাকাৰাহ, আয়াত: ১১১]
আল্লাহ তা‘আলাই আৰু কৈছে,
﴿ وَإِن تُطِعۡ أَكۡثَرَ مَن فِي ٱلۡأَرۡضِ يُضِلُّوكَ عَن سَبِيلِ ٱللَّهِۚ ﴾ [الانعام: ١١٦]  
“যদি আপুনি এই পৃথিৱীৰ সংখ্যাগৰিষ্ঠ লোকৰ অনুসৰণ কৰে তেন্তে সিহঁতে আপনাক আল্লাহ তা‘আলাৰ পথৰ পৰা বিভ্ৰান্ত কৰি দিব।” [ছুৰা আল-আন‘আম, আয়াত: ১১৬]
এই মীলাদ মাহফিলসমূহ বিদ‘আত হোৱাৰ লগতে কিছুমান ঠাই আকৌ ইয়াৰ মাজতো বিভিন্ন কুসংস্কাৰ পৰিলক্ষিত হয়। যেনে নাৰী-পুৰুষৰ সংমিশ্ৰণ, নাচ-গান আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ ইত্যাদি। আটাইতকৈ ডাঙৰ বিষয়টো হৈছে এইবোৰ মাহফিলত শ্বিৰ্কে আকবৰ (ডাঙৰ শ্বিৰ্ক) সংঘটিত হয়। আৰু সেয়া হৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম আৰু অন্যান্য আওলিয়ায় কেৰামৰ বিষয়ে সীমালঙ্ঘন কৰা। তেওঁলোকৰ ওচৰত দু‘আ কৰা, সহায় আৰু বিপদ মুক্তিৰ প্ৰাৰ্থনা কৰা। আৰু এই বিশ্বাস পোষণ কৰা যে, তেওঁলোকে গায়েব জানে (অদৃশ্য জ্ঞানৰ অধিকাৰী)। এইবোৰ কাম এনেকুৱা যিটো কৰিলে মানুহ কাফিৰ হৈ যায়। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছত আহিছে, তেখেতে কৈছে,
« إِيَّاكُمْ وَالْغُلُوَّ فِي الدِّينِ، فَإِنَّهُ أَهْلَكَ مَنْ كَانَ قَبْلَكُمُ الْغُلُوُّ فِي الدِّينِ»
“সাৱধান! দ্বীনৰ ক্ষেত্ৰত সীমালঙ্ঘন নকৰিবা। তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে দ্বীনৰ মাজত সীমালঙ্ঘন কৰাৰ বাবেই ধ্বংসপ্ৰাপ্ত হৈছে।”
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি আছাল্লামে আৰু কৈছে,
« لاَ تُطْرُونِي، كَمَا أَطْرَتْ النَّصَارَى ابْنَ مَرْيَمَ، فَإِنَّمَا أَنَا عَبْدُ، فَقُولُوا عَبْدُ اللَّهِ، وَرَسُولُهُ »
“তোমালোকে মোৰ প্ৰশংসাত সীমালঙ্ঘন নকৰিবা যেনেকৈ খ্রীস্টানসকলে ইবনে মাৰয়াম (ঈছা ‘আলাইহিচ ছালাম)ৰ প্ৰশংসাত সীমালঙ্ঘন কৰিছিল। নিশ্চয় মই এজন বান্দা, এতেকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি উল্লেখ কৰিবা।”
অতি আচৰিৎ আৰু বিস্ময়ৰ বিষয় যে, বহু সংখ্যক মানুহ এই ধৰণৰ বিদ‘আতী অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে অতি তৎপৰ আৰু সচেষ্ট আৰু ইয়াৰ স্বপক্ষে যুক্তি প্ৰমাণ আনিবলৈ প্ৰস্তুত। অথচ সিহঁতে জামাতৰ ছালাতত (নামাজত) আৰু জুমআৰ ছালাতত অনুপস্থিত থাকিবলৈ কুণ্ঠাবোধ নকৰে, যদিও সেইটো আল্লাহে ওৱাজিব কৰিছে। আনকি এই বিষয়ে সিহঁতে মূৰ তুলিও নেদেখে আৰু এইটোও উপলব্ধি নকৰে যে, সিহঁতে এটা মাৰাত্মক অন্যায় কাম কৰিছে। নিসন্দেহে এইটো ঈমানৰ দুৰ্বলতা, ক্ষীণ বিচক্ষণতা আৰু নানা ধৰণৰ বেয়া কামে হৃদয়ত আসন কৰি লোৱাৰ ফলত এই অৱস্থা হৈছে। আল্লাহ তা‘আলাৰ ওচৰত আমাৰ আৰু সকলো মুছলিমৰ বাবে সংযম আৰু নিৰাপত্তাৰ কামনা কৰো।
ইয়াতকৈয়ো বিস্ময়কৰ বিষয় এইটো যে, বহুতৰে ধাৰণা, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম মীলাদ মাহফিলত উপস্থিত হয়। সেয়ে সিহঁতে তেখেতক অভিনন্দন জনাবলৈ থিয় হয়। এইটো বৰ ডাঙৰ অসত্য আৰু হীন অজ্ঞতাৰ বাহিৰে আন একো নহয়। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম কিয়ামতৰ পূৰ্বে তেখেতৰ কবৰৰ পৰা নোলাব, বা কাৰো লগত যোগাযোগও নকৰিব আৰু কোনো সমাবেশতো উপস্থিত নহ’ব; বৰং তেওঁ কিয়ামত পৰ্যন্ত নিজ কবৰতেই অৱস্থান কৰিব আৰু তেওঁৰ পৱিত্ৰ ৰূহ তেওঁৰ প্ৰতিপালকৰ ওচৰত ঊৰ্ধ্বস্থিত ইল্লিয়্যীনৰ সন্মানজনক স্থানত সংৰক্ষিত থাকিব।
আল্লাহ তা‘আলাই কৈছে,
﴿ ثُمَّ إِنَّكُم بَعۡدَ ذَٰلِكَ لَمَيِّتُونَ ١٥ ثُمَّ إِنَّكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ تُبۡعَثُونَ ١٦ ﴾ [المؤمنون: ١٥،  ١٦]  
“ইয়াৰ পিছত তোমালোকে অৱশ্যই মৃত্যুবৰণ কৰিবা, আৰু কিয়ামতৰ দিনা তোমালোকক অৱশ্যই পুনৰুজ্জীৱিত কৰা হ’ব।” [ছুৰা আল-মুমিনূন, আয়াত: ১৫-১৬]
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে,
«أَنَا أَوَّلُ مَنْ يَنْشَقُّ عَنْهُ الْقَبْرُ، وَأَوَّلُ شَافِعٍ وَأَوَّلُ مُشَفَّعٍ»
“কিয়ামতৰ দিনা মোৰ কবৰেই সৰ্বপ্ৰথম বিদীৰ্ণ হ’ব। ময়েই প্ৰথম ছুপাৰিশ্বকাৰী আৰু মোৰেই ছুপাৰিশ্ব সৰ্বপ্ৰথম গৃহীত হ’ব।”
এই আয়াত আৰু হাদীছ আৰু এই অৰ্থত যিবোৰ আয়াত আৰু হাদীছ বৰ্ণিত হৈছে তাৰ দ্বাৰা এইটো বুজায় যে, নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামসহ অন্যান্য সকলো মৃত ব্যক্তি কেৱল কিয়ামতৰ দিনাই তেওঁলোকৰ কবৰৰ পৰা ওলাব। গোটেই মুছলিম আলিমৰ মাজত এই বিষয়ে ঐক্যমত (ইজমা‘) প্ৰতিষ্ঠিত হৈছে। ইয়াত কাৰো দ্বিমত নাই। এতেকে সকলো মুছলিমৰ বাবে উচিত এইবোৰ বিষয়ে অৱহিত হোৱা আৰু অজ্ঞ লোকসকলে যিবোৰ বিদ‘আত আৰু কুসংস্কাৰ আল্লাহ তাআলাৰ নিৰ্দেশ অৱজ্ঞা কৰি প্ৰৱৰ্তন কৰিছে সেইবোৰ বিষয়ত সতৰ্ক থকা।
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত দৰূদ আৰু ছালাম পাঠ কৰা নিসন্দেহে এইটো এটা ভাল আমল আৰু আল্লাহৰ নৈকট্য লাভৰ এটা উত্তম পন্থা।
যেনে আল্লাহ তা‘আলাই কৈছে,
﴿ إِنَّ ٱللَّهَ وَمَلَٰٓئِكَتَهُۥ يُصَلُّونَ عَلَى ٱلنَّبِيِّۚ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ صَلُّواْ عَلَيۡهِ وَسَلِّمُواْ تَسۡلِيمًا ٥٦ ﴾ [الاحزاب: ٥٦]  
“নিশ্চয় আল্লাহ আৰু ফিৰিস্তাসকলে নবীৰ প্ৰতি ৰহমত প্ৰেৰণ কৰে। হে মুমিনসকল! তোমালোকেও তেওঁৰ প্ৰতি দৰূদ আৰু ছালাম প্ৰেৰণ কৰা।” [ছুৰা আল-আহযাব, আয়াত: ৫৬]
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে,
« مَنْ صَلَّى عَلَيَّ وَاحِدَةً صَلَّى الله عَلَيْهِ عَشْرًا »
“যি ব্যক্তি মোৰ প্ৰতি এবাৰ দৰূদ পাঠ কৰে আল্লাহ তা‘আলাই (ইয়াৰ প্ৰতিদানত) তাৰ ওপৰত দহটা ৰহমত অৱতীৰ্ণ কৰে।”
সকলো সময়তে দৰূদ পাঠ কৰাৰ বৈধতা আছে। কিন্তু ছালাতৰ শেষত পাঠ কৰাৰ বাবে বিশেষভাৱে তাগিদ কৰা হৈছে বৰং বহু কেইজন আলিমৰ মতে ছালাতৰ শেষ তাশাহহুদৰ সময়ত দৰূদ পাঠ কৰা ওৱাজিব। আকৌ বহু ক্ষেত্ৰত এই দৰূদ পাঠ কৰা ছুন্নাতে মুৱাক্কাদাহ। যেনে, আজানৰ পিছত, জুম‘আৰ দিন আৰু ৰাতিত আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ নাম উল্লেখ কৰা হ’লে। এই বিষয়ে কেইবাটাও হাদীছ আছে। এই বিষয়ে মই যি সতৰ্ক কৰিব বিচাৰিছিলো সেয়া কৰিছো। আশা কৰো, আল্লাহ তা‘আলাই যাৰ প্ৰতি উপলব্ধিৰ দুৱাৰ খুলি দিছে আৰু যাৰ দৃষ্টি শক্তিত জ্যোতি দান কৰিছে তাৰ বাবে ইমানেই যথেষ্ট।
মোৰ বৰ দুখ লাগে এই কথা শুনি যে, এই ধৰণৰ বিদ‘আতী অনুষ্ঠান এনেকুৱা কিছুমান মুছলমানৰ দ্বাৰা সংঘটিত হয় যিসকলে সিহঁতৰ আক্বাইদ আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ মহব্বতৰ ক্ষেত্ৰত অতি দৃঢ়তা পাষণ কৰে। যিয়ে এইবোৰৰ প্ৰৱক্তা তাক মই কওঁ যে, যদি তুমি ছুন্নী আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ অনুসাৰী হোৱাৰ দাবী কৰা তেনেহ’লে কোৱাচোন, তেওঁ নিজেই বা তেওঁৰ কোনো ছাহাবী বা তেওঁলোকৰ সঠিক অনুসাৰী কোনো তাবেঈয়ে এই কামটো কৰিছিলনে?, নে এইটো ইয়াহূদী আৰু খ্রীস্টান বা সিহঁতৰ দৰে অন্যান্য আল্লাহৰ শত্ৰুসকলৰ অন্ধ অনুকৰণ? এই ধৰণৰ মীলাদ মাহফিল অনুষ্ঠানৰ দ্বাৰা ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতি মুহাব্বত প্ৰতিফলিত নহয়। যি কৰিলে মুহাব্বত প্ৰতিফলিত হয় সেয়া হৈছে তেওঁৰ নিৰ্দেশৰ অনুসৰণ কৰা, যি তেখেতে কৈছে সেয়া বিশ্বাস কৰা, যিটোৰ পৰা নিষেধ কৰিছে সেইটো বৰ্জন কৰা। আল্লাহে যেনেকৈ নিৰ্দেশ কৰিছে কেৱল তেনেকৈ তেওঁৰ ইবাদত কৰা। এইদৰে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ নাম উল্লেখ কৰা হ’লে, আৰু ছালাতৰ সময়ত লগতে সদায় যিকোনো সময়ত তেওঁৰ ওপৰত দৰূদ পাঠ কৰাৰ দ্বাৰা তেওঁৰ প্ৰতি ভালপোৱা প্ৰমাণিত হয়।
এইবোৰ বিদ‘আতী বিষয় অস্বীকাৰ কৰি ৱাহাবী আন্দোলনে (লেখকৰ ভাষাত) নতুন একো কৰা নাই। প্ৰকৃততে ৱাহাবীসকলৰ আক্বীদা হ’ল নিম্নৰূপ:
কোৰআন আৰু ছুন্নাতে ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লাম দৃঢ়তাৰে খামুচি ধৰা আৰু ৰাছুল, তেওঁৰ খুলাফায়ে ৰাশ্বেদীন আৰু তেওঁলোকৰ সঠিক অনুসাৰী তাবেঈনসকলৰ প্ৰদৰ্শিত পথত পৰিচালিত হোৱা। আল্লাহ সম্পৰ্কে জ্ঞানৰ ক্ষেত্ৰত ছালাফে ছলেহীন, আইম্মায়ে দ্বীন আৰু ধৰ্মীয় শাস্ত্ৰবিদসকলৰ পথ অনুসৰণ কৰা আৰু আল্লাহ তা‘আলাৰ চিফাতক (গুণাৱলী) তেনেকৈ গ্ৰহণ কৰা যেনেকৈ কোৰআন আৰু হাদীছত বৰ্ণিত হৈছে আৰু যি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ছাহাবীসকলে সমৰ্থন আৰু গ্ৰহণ কৰিছে। ৱাহাবীসকলে আল্লাহ তা‘আলাৰ ছিফাতক অবিকৃত আৰু দৃষ্টান্তহীন লগতে কোনো ধৰণ-গঠণবিহীন বিনা দ্বিধায় তেনেকৈ প্ৰমাণিত কৰে আৰু বিশ্বাস কৰে যেনেকৈ সেইটো তেওঁলোকৰ ওচৰত আহি পাইছে। তেওঁলোকে তাবেঈন আৰু তেওঁলোকৰ অনুসাৰী (যিসকল আছিল ইল্ম, ঈমান আৰু তাক্বৱাৰ অধিকাৰী) ছালাফে ছলেহীন আৰু আইম্মায়ে দ্বীনৰ পথকে মজবুতকৈ ধৰি আছে। তেওঁলোকে এইটোও বিশ্বাস কৰে যে, ঈমানৰ মূল ভিত্তি হৈছে ‘লা ইলা-হা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ।’ (আল্লাহৰ বাহিৰে আন কোনো সত্য মা‘বূদ নাই, মুহাম্মাদ আল্লাহৰ ৰাছুল।) এইটোৱেই এক আল্লাহৰ ওপৰত বিশ্বাসৰ মূল ভিত্তি আৰু ঈমানৰ প্ৰধান কথা। তেওঁলোকে এয়াও বিশ্বাস কৰে যে, এই ঈমানী ভিত্তিৰ প্ৰতিষ্ঠাত ইল্ম, আমল আৰু ইজমায়ে মুছলিমৰ (সমগ্ৰ মুছলিমৰ ঐক্যমত) স্বীকৃতি অপৰিহাৰ্য।
এই মৌলিক বাক্যৰ অৰ্থ হৈছে: একক আৰু অদ্বিতীয় আল্লাহৰ ইবাদত কৰা অৱশ্য কৰ্তব্য, আৰু আল্লাহৰ বাহিৰে আন আন যি আছে সি যিয়েই নহওঁক কিয়, কাৰো উপাসনা কৰা বৈধ নহয়। এইটোৱেই সেই লক্ষ্য-উদ্দেশ্য যাৰ বাবে জ্বিন আৰু মানৱক সৃষ্টি কৰা হৈছে, ৰাছুলসকলক প্ৰেৰণ কৰা হৈছে আৰু ঐশী গ্ৰন্থসমূহ অৱতীৰ্ণ কৰা হৈছে। ইয়াত আছে একমাত্ৰ আল্লাহৰেই প্ৰতি বিনয় আৰু ভালপোৱা, আনুগত্য আৰু সন্মান প্ৰদৰ্শন। ইয়াৰেই নাম দ্বীন ইছলাম, যাৰ বাহিৰে আন কোনো দ্বীন পূৰ্বৱৰ্তীসকলৰ পৰা বা পৰবৰ্তীসকলৰ পৰা আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয়। সকলো আম্বিয়ায় কেৰাম দ্বীনে ইছলামৰ অনুগামী আছিল আৰু ইছলামৰ আভ্যন্তৰিণ আত্মসমৰ্পণৰ গুণেৰে গুণান্বিত আছিল। এতেকে যি ব্যক্তি আল্লাহৰ ওচৰত আৰু লগতে আনৰ ওচৰত আত্মসমৰ্পণ কৰে বা প্ৰাৰ্থনা কৰে সি মুশ্বৰিক। আৰু যি ব্যক্তি আল্লাহৰ ওচৰত আত্মসমৰ্পণ নকৰে, সি আল্লাহৰ ইবাদত কৰিবলৈ অহংকাৰী দাম্ভিক বুলি বিবেচিত।
আল্লাহ তা‘আলাই কৈছে,
﴿ وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَۖ ﴾ [النحل: ٣٦]  
“আমি প্ৰত্যেক জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰিছো এই নিৰ্দেশৰ সৈতে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুত (চয়তান আৰু অনুৰূপ ভ্ৰান্ত শক্তি)ৰ পৰা দূৰৈত থকা।” [ছুৰা আন-নাহল, আয়াত: ৩৬]
ৱাহাবীসকলে ‘মুহাম্মাদ আল্লাহৰ ৰাছুল’ এই সাক্ষীৰ বাস্তবায়নত বিদ‘আত, কুসংস্কাৰ আৰু মুহাম্মাদুৰ ৰাছুলুল্লাহ প্ৰৱৰ্তিত চৰিয়ত বিৰোধী আচাৰ-ব্যৱহাৰ অনুষ্ঠান বৰ্জনত দৃঢ় বিশ্বাসী।
শ্বাইখ মুহাম্মাদ ইবন আব্দুল ৱাহ্হাবৰ (তেওঁৰ ওপৰত আল্লাহ তা‘আলাৰ ৰহমত বৰ্ষিত হওক) এইটোৱে আছিল আক্বীদা। এই আক্বীদাৰ ভিত্তিতেই তেওঁ আল্লাহৰ বন্দেগী কৰিছে আৰু ইয়াৰ প্ৰতি মানুহক আহ্বান জনাইছে। আৰু যি ব্যক্তি ইয়াৰ বাহিৰে আন কিবা তেওঁৰ প্ৰতি সম্পৃক্ত কৰে, সি মিছলীয়া আৰু জাল, সি স্পষ্ট পাপ কৰে। সি এনে কথা কৈছে, যিটো সি নাজানে। আল্লাহে তাক আৰু তাৰ দৰে অপবাদকাৰীসকলক যথাযথ শাস্তি প্ৰদান কৰিব।
শ্বাইখ মুহাম্মাদ ইবন আব্দুল ৱাহ্হাবে যিবোৰ মূল্যবান বিবৃতি প্ৰদান কৰিছে আৰু অতি উচ্চমানৰ গৱেষণাপত্ৰ আৰু পুস্তিকাদি ৰচনা কৰিছে তাত তেখেতে কোৰআন, ছুন্নাহ আৰু ইজমা‘ৰ আলোকত তাওহীদ, ইখলাছ আৰু শ্বাহাদাতৰ আলোচনা কৰি আল্লাহৰ বাহিৰে আন সকলোৰে ইবাদতৰ যোগ্যতা খণ্ডন কৰিছে আৰু সৰু-ডাঙৰ সকলো প্ৰকাৰ শ্বিৰ্কৰ পৰা পৱিত্ৰ হৈ কেৱল আল্লাহকেই পূৰ্ণভাৱে ইবাদতৰ যোগ্য বুলি স্বীকাৰ কৰাৰ বিষয়টো প্ৰমাণ কৰিছে। যি ব্যক্তি তেওঁৰ পুস্তিকাদি যথাযথ অধ্যয়ন কৰিছে আৰু তেওঁৰ সুশিক্ষিত আৰু যোগ্যতা সম্পন্ন শিষ্যসকলৰ মতাদৰ্শ সম্পৰ্কে অৱহিত হৈছে সিয়েই সহজে বুজিব পাৰিব যে, তেওঁ ছালাফে ছলেহীন আৰু আইম্মায়ে দ্বীনৰ মতাদৰ্শৰেই অনুসাৰী আছিল। তেওঁ তেওঁলোকৰ দৰেই একমাত্ৰ আল্লাহৰ ইবাদতৰ কথা কৈছিল আৰু কুসংস্কাৰ-বিদ‘আতক প্ৰত্যাখ্যান কৰিছিল। ছৌদি চৰকাৰ এই মতৰ ওপৰতেই প্ৰতিষ্ঠিত আৰু ছৌদি ওলামায়ে কেৰামো এই মতাদৰ্শৰ ওপৰতেই পৰিচালিত। ছৌদি চৰকাৰ একমাত্ৰ ইছলাম ধৰ্ম বিৰোধী বিদ‘আত আৰু কুসংস্কাৰ আৰু ধৰ্মীয় বিষয়ত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম কৰ্তৃক নিষিদ্ধ সীমাতিৰিক্ত ভক্তি আৰু অতিৰঞ্জনৰ বিৰুদ্ধে কঠোৰভাৱে নিয়োজিত। ছৌদি আলিম সমাজ, জনগণ আৰু শাসকবৰ্গ প্ৰতিজন মুছলিমক অঞ্চল আৰু গোষ্ঠী নিৰ্বিশেষে গভীৰভাৱে শ্ৰদ্ধা কৰে। তেওঁলোকৰ মনত সকলোৰে বাবে আছে গভীৰ মুহাব্বত, ভ্ৰাতৃত্ব আৰু মৰ্যদা বোধ। কিন্তু যিহঁতে ভ্ৰান্ত ধৰ্মত বিশ্বাস পোষণ কৰে আৰু বিদ‘আতী ও কুসংস্কাৰ পূৰ্ণ উৎসৱাদি পালন কৰে সিহঁতৰ এই কাৰ্যকলাপ তেওঁলোকে অস্বীকাৰ কৰে আৰু কৰিবলৈ নিষেধ কৰে। কিয়নো এইবোৰ কাম ধৰ্মত নতুন সংযোজন হিচাপে পৰিগণিত আৰু সকলো নতুন সংযোজনেই বিদ‘আত।
আল্লাহ তা‘আলাই আৰু তেওঁৰ ৰাছুলে এইবোৰৰ অনুমতি দিয়া নাই। ইছলামী চৰিয়ত এটা পৰিপূৰ্ণ আৰু স্বয়ংসম্পূৰ্ণ দ্বীন। ইয়াত নতুন কিবা সংযোজনৰ কোনো প্ৰয়োজন বা অৱকাশ নাই। মুছলিমসকলক এই দ্বীনকে কেৱলমাত্ৰ অনুকৰণৰ নিৰ্দেশ দিয়া হৈছে, নতুন-নতুন ধৰ্মপ্ৰথা প্ৰৱৰ্তনৰ কথা কোৱা নাই। ছাহাবী আৰু তেওঁলোকৰ সঠিক অনুসাৰী তাবে‘য়ীনৰ পৰা সকলো আহলে ছুন্নাত অল জামা‘আতে এই বিষয়টো সম্যকভাৱে সমৰ্থন আৰু গ্ৰহণ কৰিছে। এই কথা ভবা ঠিক নহয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ জন্মোৎসৱ পালন বা ইয়াৰ লগত সংশ্লিষ্ট শ্বিৰ্ক আৰু সীমালঙ্ঘনক নিষেধ কৰা কোনোধৰণৰ অনৈছলামিক কাম আৰু ইয়াত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰা হয়। বৰং এইটো ৰাছুলৰেই আনুগত্য আৰু তেওঁৰেই নিৰ্দেশ পালন। তেখেতে কৈছে,
« إِيَّاكُمْ وَالْغُلُوَّ فِي الدِّينِ، فَإِنَّهُ أَهْلَكَ مَنْ كَانَ قَبْلَكُمُ الْغُلُوُّ فِي الدِّينِ»
“সাৱধান! ধৰ্মৰ ক্ষেত্ৰত সীমালঙ্ঘন নকৰিবা। তোমালোকৰ পূৰ্বৱৰ্তীসকলে ধৰ্মত সীমালঙ্ঘন কৰাৰ ফলতেই ধ্বংসপ্ৰাপ্ত হৈছে।”
তেখেতে আৰু কৈছে,
«لاَ تُطْرُونِي، كَمَا أَطْرَتْ النَّصَارَى ابْنَ مَرْيَمَ، فَإِنَّمَا أَنَا عَبْدُهُ، فَقُولُوا عَبْدُ اللَّهِ، وَرَسُولُهُ»
““তোমালোকে মোৰ প্ৰশংসাত সীমালঙ্ঘন নকৰিবা যেনেকৈ খ্রীস্টানসকলে ইবনে মাৰয়াম (ঈছা ‘আলাইহিচ ছালাম)ৰ প্ৰশংসাত সীমালঙ্ঘন কৰিছিল। নিশ্চয় মই এজন বান্দা, এতেকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি উল্লেখ কৰিবা।”
উল্লেখিত প্ৰৱন্ধ সম্পৰ্কে এইটোৱে মই সতৰ্ক কৰিব বিচাৰিছিলো। আল্লাহ তা‘আলাৰ ওচৰত প্ৰাৰ্থনা কৰিছো, তেওঁ যেন আমাক আৰু সকলো মুছলিমকে সঠিক দ্বীন উপলব্ধি কৰাৰ, ইয়াৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ, ছুন্নতে ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লাম দৃঢ়ভাৱে ধাৰণ কৰাৰ আৰু বিদ‘আতৰ পৰা দূৰৈত থকাৰ তাওফীক প্ৰদান কৰে। নিশ্চয় তেওঁ অশেষ প্ৰদানকাৰী আৰু পৰম সন্মানীয়।
আল্লাহ তা‘আলা আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম, আৰু তেওঁৰ পৰিয়ালবৰ্গ লগতে ছাহাবীসকলৰ ওপৰত দৰূদ আৰু ছালাম বৰ্ষণ কৰক।
সমাপ্ত