যাকাত আৰু ছওম বিষয়ক দুটা পুস্তিকা

যাকাত আৰু ছওম সম্পৰ্কীয় পুস্তিকা দুটা শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহে ৰচনা কৰিছে, য’ত তেখেতে যাকাত আৰু ছিয়ামৰ মৌলিক বিষয়সমূহ অত্যন্ত সুন্দৰ আৰু সহজ-সৰল ভাষাত কোৰআন আৰু বিশুদ্ধ হাদীছৰ আধাৰত আলোচনা কৰিছে।

যাকাত আৰু ছওম বিষয়ক দুটা পুস্তিকা
] অসমীয়া – Assamese – آسامي [
        
শ্বাইখ আব্দুল আজীজ আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ

 

 

 

 



 

অনুবাদ
ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

২০১৬ - ১৪৩৭
 

رسالتان موجزتان في الزكاة والصيام

        

الشيخ :عبد العزيز عبدالله بن باز رحمه الله


 


ترجمة: رفيق الاسلام بن حبيب الرحمن
    

 

2016 - 1437
 

 

সূচীপত্র

ক্ৰম    বিষয়    পৃষ্ঠা
1.        অনুবাদকৰ ভূমিকা    
2.        যাকাতৰ গুৰুত্ব    
3.        যাকাতৰ উপকাৰিতা    
4.        যাকাত আদায় নকৰাৰ শাস্তি    
5.        যি ধৰণৰ সম্পদত যাকাত ওৱাজিব হয়    
6.        মহিলাসকলৰ ব্যৱহাৰিক অলংকাৰৰ যাকাত    
7.        ব্যৱসায়িক মালৰ যাকাত    
8.        যিসকল লোক যাকাত খোৱাৰ উপযুক্ত    
9.        ছওম বিষয়ক পুস্তিকা    
10.        ৰমজানৰ ফজিলত     
11.        ৰমজানৰ ছওমৰ গুৰুত্ব    
12.        ছিয়ামৰ উদ্দেশ্য    
13.        ৰমজান বিষয়ক কিছুমান গুৰুত্বপূৰ্ণ মাছাঈল    
14.        যিবোৰ কাৰণত ছওম নষ্ট হয়    
15.        ছালাতত ধীৰ-স্থিৰতা অৱলম্বন    
16.        তাৰাৱীহৰ ছালাতৰ ৰাকাত সংখ্যাৰ সমাধান    
17.        ৰমজান মাহত বেছি বেছি নেক আমল কৰাৰ গুৰুত্ব    


ভূমিকা

অনুবাদকৰ ভূমিকা
শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহে যাকাত আৰু ছওম সম্পৰ্কীয় দুটা পুস্তিকা ৰচনা কৰিছে, য’ত তেখেতে যাকাত আৰু ছিয়ামৰ মৌলিক বিষয়সমূহ অত্যন্ত সুন্দৰ আৰু সহজ-সৰল ভাষাত কোৰআন আৰু বিশুদ্ধ হাদীছৰ আধাৰত আলোচনা কৰিছে। পুস্তিকা দুটাৰ গুৰুত্ব অনুভৱ কৰি “ইছলাম প্ৰচাৰ ব্যুৰো ৰাবৱা ৰিয়াদ” দাৱাহ কাৰ্যলয়ে পুস্তিকা দুটা অসমীয়া ভাষাত অনুবাদ কৰিবলৈ মোক দায়িত্ব দিয়ে।
পুস্তিকা দুটাৰ বিষয় বস্তুসমূহ অসমবাসী ৰাইজৰ বাবে বৰ গুৰুত্বপূৰ্ণ। সেয়ে উক্ত দায়িত্ব পালন কৰিবলৈ মই সিদ্ধান্ত গ্ৰহণ কৰিলো। সহজ-সৰল ভাষাত পুস্তিকা দুটা অনুবাদ কৰিবলৈ খুবেই যত্ন কৰিছো। ইয়াৰ ভাল গুণবোৰ আল্লাহৰ তৰফৰ পৰা আৰু বেয়া গুণবোৰ মোৰ নিজৰ। এতেকে ৰৈ যোৱা ভুল-ত্ৰুটিবোৰ সচেতন মহলে আঙুলিয়াই দিলে আমি নথৈ আনন্দিত হম আৰু অহা সংষ্কৰণত সংশোধন কৰিম ইন শ্বা আল্লাহ।
সদৌ শেষত আল্লাহৰ ওচৰত দুআ কৰিছো, হে আল্লাহ! তুমি ইয়াৰ লেখক, অনুবাদক আৰু ইয়াৰ লগত জৰিত ব্যক্তিসকলক তোমাৰ বিশেষ ৰহমতৰ দ্বাৰা ক্ষমা কৰা আৰু তেওঁলোকৰ প্ৰতি সন্তুষ্ট হোৱা লগতে পাঠকবৃন্দক ইয়াৰ উপকাৰৰ পৰা বঞ্চিত নকৰিবা।
ইতি
ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
১৫-০৩-২০১৬চন মুতাবিক ০৬-০৬-১৪৩৭ হিজৰী
    
প্ৰথম আলোচনা যাকাত
যাকাতৰ গুৰুত্ব
এই পুস্তিকাটো লিখাৰ অন্যতম কাৰণ হৈছে, যাকাতৰ গুৰুত্ব সম্পৰ্কে মুছলিম ভাইসকলক স্মৰণ কৰোৱা আৰু উপদেশ প্ৰদান কৰা। বৰ্তমান সময়ত অধিকাংশ মুছলিমে যাকাতৰ দৰে এটা গুৰুত্বপূৰ্ণ ফৰজ আদায় কৰাত উদাসীন। অথচ যাকাত ইছলামৰ পাঁচটা স্তম্ভৰ মাজত এটা অন্যতম স্তম্ভ আৰু ইছলামৰ মহা গুৰুত্বপূৰ্ণ এটা বিধান, যিটোৰ বাহিৰে ইছলামৰ অস্তিত্ব চিন্তা কৰা নাযায়; কিন্তু তথাপিও মুছলিমসকলে সঠিকভাৱে যাকাত প্ৰদান নকৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«بُنِيَ الْإِسْلَامُ عَلَى خَمْسٍ، شَهَادَةِ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، وَإِقَامِ الصَّلَاةِ، وَإِيتَاءِ الزَّكَاةِ، وَحَجِّ الْبَيْت، وَصَوْمِ رَمَضَانَ»
“ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে সত্য কোনো ইলাহ নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, বাইতুল্লাহৰ হজ্জ কৰা আৰু ৰমজান মাহৰ ছওম পালন কৰা”।  
দুখীয়া জনগোষ্ঠী যাকাতৰ প্ৰতি মুখাপেক্ষী হোৱাত আৰু জীৱন যাপনৰ বিভিন্ন ক্ষেত্ৰত যাকাতৰ উপকাৰ আৰু গুৰুত্ব অপৰিসীম হোৱাৰ কাৰণে মুছলিমসকলৰ ওপৰত যাকাত ফৰজ কৰা হৈছে। যাকাত ইছলামৰ সৌন্দৰ্যসমূহৰ মাজৰ এটা অন্যতম সৌন্দৰ্য। ইয়াৰ বাহিৰেও যাকাত ইছলামৰ সৌন্দৰ্যৰ বাহ্যিক ৰূপ আৰু সু-স্পষ্ট নিদৰ্শন।

 
যাকাতৰ উপকাৰিতা
যাকাতৰ উপকাৰিতাৰ মাজত অন্যতম  হৈছে, যাকাত ধনী আৰু দৰিদ্ৰৰ মাজত ভালপোৱাৰ সেতু বন্ধনক সু-দৃঢ় আৰু মজবুত কৰে। কাৰণ, সাধাৰণতে মানুহৰ স্বভাৱ হৈছে যে, যিয়ে তাৰ প্ৰতি দয়া কৰে, তাকেই সি মুহাব্বত কৰে, ভালপায়।
যাকাতৰ আৰু এটা উপকাৰিতা হৈছে, যাকাতে আত্মাক পাক-পৱিত্র আৰু পৰিশুদ্ধ কৰে। যাকাত প্ৰদানৰ মাধ্যমত কৃপণতাৰ দৰে ঘৃণিত চৰিত্ৰৰ পৰা দূৰৈত থকা যায়। যেনে কোৰআনে কাৰীমৰ এই আয়াতে যাকাতৰ এই অৰ্থৰ ফালে ইঙ্গিত কৰিছে। আল্লাহ তা‘আলাই কৈছে,
﴿خُذۡ مِنۡ أَمۡوَٰلِهِمۡ صَدَقَةٗ تُطَهِّرُهُمۡ وَتُزَكِّيهِم بِهَا وَصَلِّ عَلَيۡهِمۡۖ إِنَّ صَلَوٰتَكَ سَكَنٞ لَّهُمۡۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ ١٠٣﴾ [التوبة: ١٠٣]  
“সিহঁতৰ সম্পদৰ পৰা চাদাকা লোৱা। ইয়াৰ মাধ্যমত তুমি সিহঁতক পৱিত্ৰ আৰু পৰিশুদ্ধ কৰিবা; আৰু সিহঁতৰ বাবে দুআ কৰা, নিশ্চয় তোমাৰ দুআ সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ”। [ছুৰা আত-তাওবাহ, আয়াত: ১০৩]
যাকাতৰ আৰু এটা উপকাৰিতা হৈছে, অভাৱগ্ৰস্ত আৰু দৰিদ্ৰ জনগোষ্ঠীৰ প্ৰতি দয়া, অনুগ্ৰহ আৰু সহানুভূতি কৰিবলৈ এজন মুছলিমক অভ্যস্ত আৰু যোগ্য হিচাপে গঢ়ি তোলা।
যাকাতৰ আন এটা উপকাৰিতা হৈছে, যাকাত দিয়াৰ বাবে আল্লাহৰ তৰফৰ পৰা বৰকত লাভ হয়, সম্পদ বৃদ্ধি আৰু প্ৰতিদান অৰ্জন হয়। যেনে, আল্লাহ তা‘আলাই কৈছে,
﴿وَمَآ أَنفَقۡتُم مِّن شَيۡءٖ فَهُوَ يُخۡلِفُهُۥۖ وَهُوَ خَيۡرُ ٱلرَّٰزِقِينَ ٣٩﴾ [سبا: ٣٩]    
“আৰু তোমালোকে যিটোৱেই আল্লাহৰ বাবে ব্যয় কৰা তেৱেঁই ইয়াৰ বিনিময় দিব আৰু তেৱেঁই উত্তম জীৱিকাদাতা”। [ছুৰা ছাবা, আয়াত: ৩৯]
বিশুদ্ধ সুত্ৰত বৰ্ণিত হাদীছে কুদছীত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, আল্লাহ তা‘আলাই কৈছে,
«يَا ابْنَ آدَمَ أَنْفِقْ أُنْفِقْ عَلَيْكَ»
“হে আদম সন্তান, তোমালোকে ব্যয় কৰা, মই তোমালোকৰ ওপৰত ব্যয় কৰিম”।  
ইয়াৰ বাহিৰেও যাকাতৰ আৰু বহুতো উপকাৰিতা আছে।

যাকাত আদায় নকৰাৰ শাস্তি
যিসকলে যাকাত আদায়ত উদাসীনতা দেখুৱায় আৰু কৃপণতা কৰে সিহঁতৰ বিষয়ে কোৰআনে কাৰীমত কঠিন সতৰ্কবাণী আহিছে। আল্লাহ তা‘আলাই কৈছে,
﴿وَٱلَّذِينَ يَكۡنِزُونَ ٱلذَّهَبَ وَٱلۡفِضَّةَ وَلَا يُنفِقُونَهَا فِي سَبِيلِ ٱللَّهِ فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٖ ٣٤ يَوۡمَ يُحۡمَىٰ عَلَيۡهَا فِي نَارِ جَهَنَّمَ فَتُكۡوَىٰ بِهَا جِبَاهُهُمۡ وَجُنُوبُهُمۡ وَظُهُورُهُمۡۖ هَٰذَا مَا كَنَزۡتُمۡ لِأَنفُسِكُمۡ فَذُوقُواْ مَا كُنتُمۡ تَكۡنِزُونَ ٣٥﴾ [التوبة: ٣٤،  ٣٥]  
“আৰু যিসকলে সোণ আৰু ৰুপ সঞ্চয় কৰি ৰাখে, আৰু সেয়া আল্লাহৰ পথত খৰচ নকৰে, তুমি সিহঁতক বেদনাদায়ক শাস্তিৰ সুসংবাদ দিয়া। যিদিনা জাহান্নামৰ জুইত সেইবোৰ গৰম কৰা হ’ব, তাৰ পিছত সেইবোৰৰ দ্বাৰা সিহঁতৰ কপালত, শৰীৰ দুয়োকাষত আৰু পিঠিত দাগ দিয়া হ’ব। (আৰু কোৱা হ’ব) ‘এইটোৱেই সেইটো যিটো তোমালোকে নিজৰ বাবে জমা কৰি ৰাখিছিলা। এতেকে তোমালোকে যি জমা কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’’। [ছুৰা আত-তাওবাহ, আয়াত: ৩৫, ৩৬]
প্ৰত্যেক সেই সম্পদ, যি সম্পদৰ যাকাত দিয়া নহয়, এনেকুৱা সম্পদৰ বাবে তাৰ মালিকক কিয়ামতৰ দিনা শাস্তি দিয়া হ’ব। যেনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত বিশুদ্ধ হাদীছত আহিছে । ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«مَا مِنْ صَاحِبِ ذَهَبٍ وَلَا فِضَّةٍ، لَا يُؤَدِّي مِنْهَا حَقَّهَا، إِلَّا إِذَا كَانَ يَوْمُ الْقِيَامَةِ، صُفِّحَتْ لَهُ صَفَائِحُ مِنْ نَارٍ، فَأُحْمِيَ عَلَيْهَا فِي نَارِ جَهَنَّمَ، فَيُكْوَى بِهَا جَنْبُهُ وَجَبِينُهُ وَظَهْرُهُ، كُلَّمَا بَرَدَتْ أُعِيدَتْ لَهُ، فِي يَوْمٍ كَانَ مِقْدَارُهُ خَمْسِينَ أَلْفَ سَنَةٍ، حَتَّى يُقْضَى بَيْنَ الْعِبَادِ، فَيَرَى سَبِيلَهُ، إِمَّا إِلَى الْجَنَّةِ، وَإِمَّا إِلَى النَّارِ»
“সোণ-ৰূপ আদিৰ মালিকে যদি ইয়াৰ যাকাত আদায় নকৰে, তেন্তে কিয়ামতৰ দিনা এই ধন-সম্পদক জুইৰ পাত বনোৱা হ’ব আৰু জাহান্নামৰ জুইত সেইটোক উত্তপ্ত কৰা হ’ব। ইয়াৰ পিছত সেইবোৰৰ দ্বাৰা সেই ব্যক্তিৰ দুয়োকাষ, কপাল আৰু পিঠিত দাগ দিয়া হ’ব। যেতিয়াই ঠাণ্ডা হ’ব পূনৰ সেইটোক উত্তপ্ত কৰা হ’ব –এনেকুৱা এটা দিন যিদিনৰ পৰিমাণ পৃথিৱীৰ পঞ্চাশ হাজাৰ বছৰৰ সমান হ’ব। এনেকৈ বান্দাৰ পৰিণতি জান্নাত বা জাহান্নাম নিৰ্ধাৰণ নোহোৱা লৈকে শাস্তি চলি থাকিব”।  
তাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উট, গৰু আৰু ছাগলীৰ মালিকসকলৰ বিষয়ে আলোচনা কৰিছে যিসকলে সিহঁতৰ পশুৰ যাকাত আদায় নকৰে। তেওঁ সিহঁতক জনাইছে যে, নিশ্চয় সিহঁতক কিয়ামতৰ দিনা যাকাত নিদিয়াৰ বাবে শাস্তি দিয়া হ’ব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিশুদ্ধ সূত্ৰত বৰ্ণিত আছে, তেওঁ কৈছে,
«مَنْ آتَاهُ اللَّهُ مَالًا، فَلَمْ يُؤَدِّ زَكَاتَهُ مُثِّلَ لَهُ مَالُهُ يَوْمَ القِيَامَةِ شُجَاعًا أَقْرَعَ لَهُ زَبِيبَتَانِ يُطَوَّقُهُ يَوْمَ القِيَامَةِ، ثُمَّ يَأْخُذُ بِلِهْزِمَتَيْهِ - يَعْنِي بِشِدْقَيْهِ - ثُمَّ يَقُولُ أَنَا مَالُكَ أَنَا كَنْزُكَ»
“যাক আল্লাহ তা‘আলাই সম্পদ দান কৰিছে, কিন্তু সি ইয়াৰ যাকাত আদায় কৰা নাই, কিয়ামতৰ দিনা তাৰ সম্পদক চুলি নথকা মূৰ বিশিষ্ট বিষাক্ত সাপৰ আকৃতি প্ৰদান কৰি তাৰ ডিঙিত মালা সজাই পিন্ধাই দিয়া হ’ব, সাপটোৱে তাৰ মুখৰ দুয়ো কাষত কামুৰি থাকিব আৰু কব, মই তোমাৰ সম্পদ, মইয়েই তোমাৰ সঞ্চয়কৃত সম্পদ”।
তাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহ তা‘আলাৰ এই বাণী তিলাৱাত কৰিলে। আল্লাহ তা‘আলাই কৈছে,
﴿وَلَا يَحۡسَبَنَّ ٱلَّذِينَ يَبۡخَلُونَ بِمَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضۡلِهِۦ هُوَ خَيۡرٗا لَّهُمۖ بَلۡ هُوَ شَرّٞ لَّهُمۡۖ سَيُطَوَّقُونَ مَا بَخِلُواْ بِهِۦ يَوۡمَ ٱلۡقِيَٰمَةِۗ ١٨٠﴾ [ال عمران: ١٨٠]  
“আৰু আল্লাহে যিসকলক তেওঁৰ অনুগ্ৰহৰ পৰা যি দান কৰিছে সেইটো লৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এইটো ধাৰণা নকৰে যে, এয়া সিহঁতৰ বাবে কল্যাণকৰ, বৰং এইটো সিহঁতৰ বাবে অকল্যাণকৰ। যিটো লৈ সিহঁতে কৃপণতা কৰিছিল, কিয়ামতৰ দিনা সেইটোৰে সিহঁতৰ ডিঙিত মেৰিয়াই দিয়া হ’ব। আকাশসমূহ আৰু পৃথিৱীৰ উত্তৰাধিকাৰ কেৱল আল্লাহৰ বাবেই; আৰু তোমালোকে যি আমল কৰা সেই বিষয়ে আল্লাহ সম্যক জ্ঞাত”। [ছুৰা আলে ইমৰান, আয়াত: ১৮০]
যি ধৰণৰ সম্পদত যাকাত ওৱাজিব হয়
চাৰি প্ৰকাৰ মালৰ মাজত যাকাত ওৱাজিব হয়:
এক- মাটিৰ পৰা উৎপন্ন হোৱা ফচল।
দুই- চতুষ্পদ জন্তু।
তিনি- সোণ- ৰূপ।
চাৰি- ব্যৱসায়িক মাল বা পণ্য।
উল্লেখিত চাৰি শ্ৰেণীৰ সম্পদত যাকাত ওৱাজিব হোৱাৰ বাবে নিৰ্ধাৰিত এটা পৰিমাণ আছে, তাতকৈ কম হ’লে সেই পৰিমাণত যাকাত ওৱাজিব নহয়। ফল-মূল আৰু উৎপাদিত ফচলৰ যাকাতৰ নিচাব বা পৰিমাণ হৈছে, পাঁচ অছাক। এক অছাকৰ পৰিমাণ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছা‘ অনুযায়ী ষাটি ছা‘। ফলত খেজুৰ কিচমিচ, গেহুঁ, মাকৈ আৰু চাউল ইত্যাদিৰ মাজত যাকাতৰ নিচাব হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছা‘ অনুযায়ী তিনি শ ছা‘।  এক ছা‘-ৰ পৰিমাণ হৈছে, এজন মধ্যম আকৃতি ব্যক্তিৰ দুই হাত ভৰাই চাৰি কোষ (নাইবা তিনি হাজাৰ মিলি লিটাৰ আয়াতনৰ এটা পাত্ৰ)। উত্পাদিত ফচলত যাকাতৰ পৰিমাণ হৈছে, এক-দশমাংশ, যদি এই ফচল উৎপাদনত পানী  দিয়াৰ বাবে তাৰ কোনো কষ্ট কৰা হোৱা নাছিল। যেনে, বৰষুণৰ পানী, নদী, নিজৰা বা বিলৰ পানীৰ দ্বাৰা ফচল উত্পাদন কৰা। যদি টকা খৰচ কৰি, পানী  সিচি, মেচিন অথবা দমকল ইত্যাদিৰ পানী দিছে তেন্তে তেতিয়া তাৰ মাজৰ এক-দশমাংশৰ আধা (অৰ্থাৎ ২০ ভাগৰ এভাগ) যাকাত দিব লাগিব। যেনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিশুদ্ধ সূত্ৰত এই বিষয়ে সুস্পষ্ট হাদীছ বৰ্ণিত হৈছে।  
উট, গৰু, ছাগলী ইত্যাদি চতুষ্পদ জন্তুৰ নিচাবৰ বিস্তাৰিত আলোচনা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হাদীছত আহিছে। যিসকলৰ সক্ষমতা আছে এনে আগ্ৰহীসকলৰ বাবে জৰুৰী হৈছে, তেওঁলোকে যেন জ্ঞানীসকলক সুধি যাকাতৰ জৰুৰী বিধানসমূহ জানি লয়। যদি এই পুস্তিকাটো সংক্ষিপ্ত কৰাৰ ইচ্ছা নাথাকিলেহেঁতেন, তেন্তে মানুহৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি বিস্তাৰিত আলোচনা কৰিলোহেঁতেন।
ৰূপৰ নিচাব হৈছে, এশ চল্লিশ মিচকাল। ইয়াৰ পৰিমাণ ছৌদি আৰবৰ মুদ্ৰা অনুযায়ী ৫৬ ৰিয়াল।
আৰু সোণৰ নিচাব বিশ মিচকাল। বিশ মিচকাল সমান বিৰানব্বই গ্ৰাম।
যিসকলে এই পৰিমাণ সোণ, ৰূপ অথবা ইয়াৰ যি কোনো এটাৰ মালিক হ’ব আৰু ইয়াৰ ওপৰত এবছৰ অতিবাহিত হ’ব, সিহঁতে চল্লিশ ভাগৰ এভাগ যাকাত হিচাপে অৱশ্যই প্ৰদান কৰিব লাগিব। লাভ হোৱা অংশ সাধাৰণতে মূল সম্পদৰেই অংশ, সেয়ে তাৰ ওপৰত এবছৰ অতিবাহিত হোৱাৰ কোনো প্ৰয়োজন নাই। যেনেকৈ জন্তুৰ ক্ষেত্ৰত মূল সম্পদৰ ওপৰত বছৰ অতিবাহিত হ’লে আৰু মূল জন্তু নিচাব পৰিমাণ হলে যাকাত ওৱাজিব হোৱাৰ বাবে তাৰ পৰা উৎপন্ন পোৱালীৰ ওপৰত বছৰ অতিবাহিত হোৱাৰ কোনো প্ৰয়োজন নাই।
সোণ, ৰূপ আৰু নগদ অৰ্থ যিটো বৰ্তমান মানুহে বিভিন্ন নামত যেনে, ডলাৰ, ৰিয়াল, টকা ইত্যাদি ব্যৱহাৰ কৰে, যেতিয়া সেইটো সোণ বা ৰূপৰ মূল্য সমপৰিমাণ হয় আৰু তাৰ ওপৰত বছৰ অতিবাহিত হয়, তেতিয়া তাৰ ওপৰত যাকাত ওৱাজিব হ’ব।

মহিলাসকলৰ ব্যৱহাৰিক অলংকাৰৰ যাকাত
টকাৰ লগত সংযোগ কৰা হ’ব, মহিলাসকলৰ ব্যৱহাৰিক সোণ আৰু ৰূপ, যদিও সেইটো ব্যৱহাৰৰ বাবে হয়। আলিমসকলৰ বিশুদ্ধ মত অনুযায়ী মহিলাসকলৰ ব্যৱহাৰিক সোণ বা ৰূপ যদি নিচাব পৰিমাণ হয় আৰু তাৰ ওপৰত এবছৰ অতিবাহিত হয়, তেন্তে তাৰ যাকাত দিব লাগিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণীৰ ব্যাপকতাই ইয়াৰ প্ৰমাণ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«مَا مِنْ صَاحِبِ ذَهَبٍ وَلَا فِضَّةٍ، لَا يُؤَدِّي مِنْهَا حَقَّهَا، إِلَّا إِذَا كَانَ يَوْمُ الْقِيَامَةِ، صُفِّحَتْ لَهُ صَفَائِحُ مِنْ نَارٍ،ِ»
“সোণ-ৰূপৰ মালিকে যদি ইয়াৰ যাকাত আদায় নকৰে, তেন্তে কিয়ামতৰ দিনা এই ধন সম্পদক তাৰ শাস্তিৰ বাবে জুইৰ পাত বনোৱা হ’ব”।  
ইয়াৰ বাহিৰেও ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছ বৰ্ণিত আছে যে, এজনী মহিলাৰ হাতত সোণৰ দুটা খাৰু দেখি তেখেতে ক’লে,
«أَتُعْطِينَ زَكَاةَ هَذَا؟» ، قَالَتْ: لَا، قَالَ: «أَيَسُرُّكِ أَنْ يُسَوِّرَكِ اللَّهُ بِهِمَا يَوْمَ الْقِيَامَةِ سِوَارَيْنِ مِنْ نَارٍ؟» ، قَالَ: فَخَلَعَتْهُمَا، فَأَلْقَتْهُمَا إِلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَقَالَتْ: هُمَا لِلَّهِ عَزَّ وَجَلَّ وَلِرَسُولِهِ
“তুমি ইয়াৰ যাকাত আদায় কৰা নে? তাই ক’লে, নহয়, তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তুমি পছন্দ কৰিবা নেকি যে, কিয়ামতৰ দিনা জুইৰ দুটা খাৰু তোমাক পিন্ধাই দিয়া হ’ব? এই কথা শুনি তাই খাৰু দুটা খুলি পেলালে আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত দি দিলে আৰু ক’লে, এই দুটা খাৰু আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে।
উম্মে ছালমা ৰাদিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, সোণৰ কিছুমান অলংকাৰ তেওঁ ব্যৱহাৰ কৰিছিল, সেয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধি ক’লে, হে আল্লাহৰ ৰাছুল! এইবোৰ সঞ্চিত সম্পদৰ অন্তৰ্ভূক্ত নেকি, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে,
 «مَا بَلَغَ أَنْ تُؤَدَّى زَكَاتُهُ، فَزُكِّيَ فَلَيْسَ بِكَنْزٍ»
“যি সম্পদ যাকাতৰ নিচাব পৰিমাণ হোৱাৰ পিছত তাৰ যাকাত আদায় কৰা হয়, সেইটো সঞ্চিত সম্পদ নহয়”।  
এই অৰ্থত আৰু একাধিক হাদীছ বৰ্ণিত আছে।

ব্যৱসায়িক সম্পদৰ যাকাত
আৰু যিবোৰ মাল ব্যৱসায়ৰ বাবে সঞ্চয় কৰা হয়, সেইটো বছৰৰ শেষত মূল্য নিৰ্ধাৰণ কৰি চল্লিশ ভাগৰ এভাগ যাকাত হিচাপে ওলাই দিব লাগিব। যদিও ইয়াৰ মূল্য সোণ বা ৰূপৰ সমপৰিমাণ হওক বা নহওক অথবা অধিক হওক। ইয়াৰ প্ৰমাণ ছামুৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত হাদীছ, তেওঁ কৈছে,  
«أَمَّا بَعْدُ، فَإِنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَأْمُرُنَا أَنْ نُخْرِجَ الصَّدَقَةَ مِنَ الَّذِي نُعِدُّ لِلْبَيْعِ»
“তাৰ পিছত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ যি সম্পদ ব্যৱসায়ৰ বাবে প্ৰস্তুত ৰখা হৈছিল, তাৰ পৰা যাকাত বাহিৰ কৰিবলৈ আদেশ দিছিল”।
ব্যৱসায়ৰ বাবে কিনা মাটি, গাড়ী, ঘৰ, মেচিন ইত্যাদি ব্যৱসায়িক পণ্যৰ অন্তৰ্ভূক্ত। বছৰৰ শেষত মূল্য হিচাপ কৰি এইবোৰ সম্পদৰ যাকাত দিব লাগিব। যিবোৰ ঘৰ-দুৱাৰ ভাড়া দিয়াৰ বাবে নিৰ্মাণ কৰা হৈছে, বছৰ অতিবাহিত হোৱাৰ পিছত ভাড়াৰ টকাৰ ওপৰত এবছৰ পূৰ্ণ হ’লে নিশ্চয় যাকাত দিব লাগিব; কিন্তু মূল ঘৰ-দুৱাৰৰ ওপৰত যাকাত দিব নালাগিব। কাৰণ, সেইটো ব্যৱসায়ৰ উদ্দেশ্যে নিৰ্মাণ কৰা হোৱা নাই।
এইদৰে ভাড়াত লোৱা গাড়ী আৰু ব্যৱহাৰিক গাড়ী যদি সেইটো ব্যৱসায়ৰ বাবে ক্ৰয় কৰা নহয়, বৰং ব্যৱহাৰৰ বাবে ক্ৰয় কৰা হয়, তেন্তে ইয়াৰ যাকাত দিব নালাগিব। কিন্তু যদি গাড়ী ভাড়াৰ টকা নিচাব পৰিমাণ হয় আৰু তাৰ ওপৰত এবছৰ অতিবাহিত হয়, তেনেহ’লে নিশ্চয় ইয়াৰ যাকাত দিব লাগিব। এইদৰে যদি কোনো ব্যক্তিয়ে মাটি কিনিবলৈ, বিবাহ কৰিবলৈ অথবা ঋণ পৰিশোধ নাইবা খৰচৰ বাবে ইত্যাদি যিকোনো উদ্দেশ্যে টকা সঞ্চয় কৰাৰ পিছত সেইটো যদি নিচাব পৰিমাণ হয় আৰু তাৰ ওপৰত এবছৰ অতিবাহিত হয়, তেনেহ’লে ইয়াৰ অৱশ্যই যাকাত দিব লাগিব। কাৰণ, চৰিয়তৰ দলীলসমূহ এই ধৰণৰ সম্পদৰ ওপৰত যাকাত ওৱাজিব হোৱাৰ বিষয়ত ব্যাপক।
এইদৰে ইয়াতীম আৰু উন্মাদ ব্যক্তিৰ ধন-সম্পদ যদি নিচাব পৰিমাণ হয় আৰু ইয়াৰ ওপৰত এবছৰ অতিবাহিত হয়, তেন্তে জমহুৰ (অধিকাংশ) আলিমসকলৰ মতে বছৰৰ শেষত অভিভাৱকসকলৰ ওপৰ সিহঁতৰ ফালৰ পৰা যাকাত আদায় কৰা ওৱাজিব। যাকাত বিষয়ক দলীলসমূহৰ ব্যাপকতাই ইয়াৰ প্ৰমাণ। যেনে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মু‘আজ ইবনে জাবাল ৰাদিয়াল্লাহু আনহুক য়ামানলৈ প্ৰেৰণ কৰিছিল, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল,
فَأَعْلِمْهُمْ أَنَّ اللهَ افْتَرَضَ عَلَيْهِمْ صَدَقَةً تُؤْخَذُ مِنْ أَغْنِيَائِهِمْ فَتُرَدُّ فِي فُقَرَائِهِمْ،
“তুমি সিহঁতক জনাই দিবা যে, আল্লাহ তা‘আলাই সিহঁতৰ ওপৰত যাকাত ফৰজ কৰিছে। যিটো সিহঁতৰ ধনীসকলৰ পৰা লোৱা হ’ব আৰু সিহঁতৰ মাজৰ দুখীয়াসকলৰ মাজত বণ্টন কৰা হ’ব”।   

যাকাত খোৱাৰ উপযুক্ত ব্যক্তিসকল
যাকাত আল্লাহৰ হক, এতেকে যি ব্যক্তি যাকাত খোৱাৰ উপযুক্ত নহয়, যাকাতৰ মাল প্ৰদান কৰি তাক সহানুভূতি দেখুৱাৰ কোনো অৱকাশ নাই আৰু যাকাতৰ মাল নিজৰ কোনো উপকাৰত বা ক্ষতিৰ পৰা বাচিবলৈ, সম্পদ ৰক্ষা কৰিবলৈ আৰু এই ধৰণৰ আন কোনো ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কোনো সুযোগ নাই। বৰং এজন মুছলিমৰ ওপৰত ওৱাজিব হৈছে যে, যাকাতৰ মাল ইয়াৰ প্ৰকৃত উপযুক্ত ব্যক্তিক নিঃস্বাৰ্থভাৱে আনন্দচিত্তে আল্লাহক সন্তুষ্ট কৰিবলৈ প্ৰদান কৰা, যাতে সি দায় মুক্ত হয় আৰু অধিক ছোৱাবৰ অধিকাৰী হয়। আল্লাহ তা‘আলাই কোৰআনে কাৰীমত যাকাতৰ বিভিন্ন শ্ৰেণীৰ উপযুক্ত ব্যক্তিৰ বিষয়টো সু-স্পষ্টভাৱে বৰ্ণনা কৰিছে। আল্লাহ তা‘আলাই কৈছে,
﴿إِنَّمَا ٱلصَّدَقَٰتُ لِلۡفُقَرَآءِ وَٱلۡمَسَٰكِينِ وَٱلۡعَٰمِلِينَ عَلَيۡهَا وَٱلۡمُؤَلَّفَةِ قُلُوبُهُمۡ وَفِي ٱلرِّقَابِ وَٱلۡغَٰرِمِينَ وَفِي سَبِيلِ ٱللَّهِ وَٱبۡنِ ٱلسَّبِيلِۖ فَرِيضَةٗ مِّنَ ٱللَّهِۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ٦٠﴾ [التوبة: ٦٠]  
“নিশ্চয় ছাদাকাহ (যাকাত) হৈছে ফকীৰ আৰু মিছকীনসকলৰ বাবে আৰু যাকাত আদায় কৰ্মত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে, আৰু অন্তৰ আকৃষ্ট কৰিবলৈ; (সেইটো বণ্টন কৰা যায়) দাস মুক্তি কৰিবলৈ, ঋণগ্ৰস্তসকলৰ মাজত, আল্লাহৰ ৰাস্তাত আৰু মুছাফিৰসকলৰ মাজত। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত, আৰু আল্লাহ  মহাজ্ঞানী, প্ৰজ্ঞাময়”। [ছুৰা আত-তাওবাহ, আয়ত: ৬০]
আল্লাহৰ দুটা মহান নামৰ দ্বাৰা আয়াতটো শেষ কৰাৰ দ্বাৰা নিজ বান্দাসকলৰ বাবে আল্লাহৰ তৰফৰ পৰা এই কথাৰ প্ৰতি ইঙ্গিত কৰা হৈছে যে, আল্লাহ তা‘আলাই তেওঁৰ নিজ বান্দাসকলৰ অৱস্থা আৰু সিহঁতৰ মাজত যিসকলে ছাদাকাহ বা যাকাত খোৱাৰ উপযুক্ত আৰু যিসকল উপযুক্ত নহয় সিহঁতৰ বিষয়ে সম্যক অৱগত আৰু তেওঁ নিজ চৰিয়ত আৰু পৰিমাণ নিৰ্ধাৰণ বিষয়ত প্ৰজ্ঞাবান। ফলত তেওঁ সকলো বস্তু যথাযথ উপযুক্ত স্থানত প্ৰয়োগ কৰিছে। যদিও অধিকাংশ মানুহৰ ওচৰত ইয়াৰ হিকমতৰ বহুতো ৰহস্য অজ্ঞাত; যাতে বান্দাসকলে তেওঁৰ চৰিয়তৰ প্ৰতি সন্তুষ্ট থাকে আৰু তেওঁৰ আদেশৰ প্ৰতি অনুগত থাকে।
আল্লাহৰ প্ৰতি আমাৰ কামনা, যাতে তেওঁ আমাক আৰু মুছলিমসকলক তেওঁৰ দ্বীন বুজিবলৈ তাওফীক দিয়ে, তেওঁৰ লগত বিভন্ন কৰ্মত সততা প্ৰদান কৰে আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ প্ৰতি দ্ৰুত অগ্ৰসৰ হোৱাৰ তাওফীক প্ৰদান কৰে। আল্লাহৰ ওচৰত আমাৰ আৰু কামনা যে, তেওঁ যেন আমাক তেওঁ ক্ৰোধৰ কাৰণসমূহৰ পৰা ৰক্ষা কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা আৰু বান্দাসকলৰ অতি ওচৰত। চালাত আৰু ছালাম অৱতীৰ্ণ হওক তেওঁৰ বান্দা আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আৰু তেওঁৰ পৰিয়াল বৰ্গ লগতে তেওঁৰ সঙ্গী-সাৰথীসকলৰ ওপৰত।

শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ        

 

 

 

 

 

দ্বিতীয় পুস্তিকা
ৰমজান মাহৰ ছিয়াম আৰু ক্বিয়ামৰ ফজিলত লগতে কিছুমান গুৰুত্বপূৰ্ণ বিধানৰ বৰ্ণনা যিবোৰ সচৰাচৰ মানুহৰ আগত স্পষ্ট নহয়

 

 

 

 


ছওম বিষয়ক পুস্তিকা
আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহৰ তৰফৰ পৰা সেইসকল মুছলিম ভাতৃৰ প্ৰতি যিসকলে নিজকে মুছলিম বুলি দাবী কৰে, যিসকলক আল্লাহ তা‘আলাই ঈমান্দাৰসকলৰ পথত পৰিচালনা কৰিছে আৰু কোৰআন আৰু ছুন্নাহ বুজিবলৈ তাওফীক দিছে। মোৰ আৰু আপোনালোক সকলোৰে ওপৰত শান্তি বৰ্ষিত হওক, আল্লাহৰ ৰহমত আৰু বৰকত অৱতীৰ্ণ হওক। তাৰ পিছত,
ৰমজান মাহত ছওম পালন কৰা, ৰাতি ছালাতৰ বাবে থিয় হোৱাৰ মাধ্যমত কিয়ামুল লাইল কৰা আৰু এই মাহত নেক আমলৰ প্ৰতি প্ৰতিযোগিতামূলক অগ্ৰসৰ হোৱাৰ ফজিলতৰ বিষয়ত এইটো এটা সংক্ষিপ্ত আৰু গুৰুত্বপূৰ্ণ উপদেশ। ইয়াৰ বাহিৰেও এই পুস্তিকাটোত আছে কিছুমান গুৰুত্বপূৰ্ণ বিধান যিবোৰৰ বিষয়ে বহুতেই অজ্ঞাত।
ৰমজানৰ ফজিলত
যেতিয়া ৰমজান মাহৰ আগমন হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ছাহাবীসকলক ৰমজান মাহৰ সু-সংবাদ দিছিল আৰু  জনাই দিছিল যে, এইটো এনেকুৱা এটা মাহ য’ত ৰহমত আৰু জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয় আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়। বিতাড়িত মৰদুদ চয়তানক শিকলীৰে বন্দী কৰা হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
إِذَا كَانَ أَوَّلُ لَيْلَةٍ مِنْ شَهْرِ رَمَضَانَ صُفِّدَتِ الشَّيَاطِينُ، وَمَرَدَةُ الجِنِّ، وَغُلِّقَتْ أَبْوَابُ النَّارِ، فَلَمْ يُفْتَحْ مِنْهَا بَابٌ، وَفُتِّحَتْ أَبْوَابُ الجَنَّةِ، فَلَمْ يُغْلَقْ مِنْهَا بَابٌ، وَيُنَادِي مُنَادٍ: يَا بَاغِيَ الخَيْرِ أَقْبِلْ، وَيَا بَاغِيَ الشَّرِّ أَقْصِرْ، وَلِلَّهِ عُتَقَاءُ مِنَ النَّارِ، وَذَلكَ كُلُّ لَيْلَةٍ
“ৰমজান মাহৰ প্ৰথম ৰাতিতেই চয়তান আৰু বেয়া স্বভাৱৰ জিনসকলক শিকলীৰে বন্দী কৰি ৰখা হয়। জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, ফলত এই মাহত জাহান্নামৰ দুৱাৰ খোলা নহয়; আৰু জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, ইয়াৰ কোনো দুৱাৰ বন্ধ কৰা নহয়। এজন আহ্বানকাৰীয়ে এই বুলি আহ্বান কৰি থাকে যে, হে কল্যাণৰ অনুসন্ধানকাৰী! কল্যাণৰ ফালে অগ্ৰসৰ হোৱা, আৰু হে অনিষ্টতাৰ পথিক! অনিষ্টতাৰ পৰা বিৰত থকা। আল্লাহৰ বাবে আছে বহু সংখ্যক লোকক জাহান্নামৰ জুইৰ পৰা মুক্তি দান আৰু এই মুক্তি দান প্ৰতি ৰাতিয়েই হ’ব”।
« أتاكم شهر رمضان شهر بركة فيه خير يغشيكم الله فينزل الرحمة ويحط فيه الخطايا، ويستجاب فيه الدعاء، ينظر الله إلى تنافسكم ويباهي بكم ملائكته فأدوا الله من أنفسكم خيرا، فإن الشقي من حرم فيه رحمة الله عز وجل».
“তোমালোকৰ ওচৰত ৰমজান মাহ উপস্থিত হৈছে, বৰকতৰ মাহ। ইয়াত আছে কল্যাণ যিটোৰ দ্বাৰা আল্লাহে তোমালোকক ঢাকি পেলাব। ফলত ৰহমত নাযিল হ’ব, আৰু এই মাহত গুনাহ দূৰীভূত হ’ব, দুআ কবুল হ’ব, আল্লাহ তা‘আলাই তোমালোকৰ প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য কৰিব আৰু তেওঁ নিজ ফিৰিস্ততাসকলৰ মাজত তোমালোকক লৈ গৌৰৱ কৰিব। এতেকে তোমালোকে তোমালোকৰ ফালৰ পৰা আল্লাহৰ বাবে ভাল আৰু নেক আমলসমূহ তুলি ধৰা। কাৰণ, দুৰ্ভুগীয়া সেই ব্যক্তি, যিয়ে এই মাহত মহান আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হয়”।
«مَنْ صَامَ رَمَضَانَ إِيمَانًا وَاحْتِسَابًا، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ، وَمَنْ قَامَ لَيْلَةَ الْقَدْرِ إِيمَانًا وَاحْتِسَابًا، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ»
“যি ব্যক্তি ঈমানৰ সৈতে আৰু ছোৱাবৰ আশাত ৰমজান মাহৰ ছওম পালন কৰিব তাৰ অতীত জীৱনৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব; আৰু যি ব্যক্তি ঈমানৰ সৈতে আৰু ছোৱাবৰ আশাত কদৰৰ ৰাতি জাগৰণ কৰি ইবাদত কৰে, তাৰ অতীতৰ গুণাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।  
«مَا مِنْ حَسَنَةٍ عَمِلَهَا ابْنُ آدَمَ إِلَّا كُتِبَ لَهُ عَشْرُ حَسَنَاتٍ إِلَى سَبْعِ مِائَةِ ضِعْفٍ، قَالَ اللَّهُ عَزَّ وَجَلَّ: إِلَّا الصِّيَامَ فَإِنَّهُ لِي، وَأَنَا أَجْزِي بِهِ يَدَعُ شَهْوَتَهُ وَطَعَامَهُ مِنْ أَجْلِي، الصِّيَامُ جُنَّةٌ. لِلصَّائِمِ فَرْحَتَانِ: فَرْحَةٌ عِنْدَ فِطْرِهِ، وَفَرْحَةٌ عِنْدَ لِقَاءِ رَبِّهِ. وَلَخُلُوفُ فَمِ الصَّائِمِ أَطْيَبُ عِنْدَ اللَّهِ مِنْ رِيحِ الْمِسْكِ»
“আদম সন্তানৰ যিকোনো নেক আমল যিটো সি পালন কৰে ইয়াৰ বিনিময় হিচাপে তাৰ বাবে দহৰ পৰা সাত শ গুণ লৈকে ছোৱাব লিপিবদ্ধ কৰা হয়। আল্লাহ তা‘আলাই কয়, কিন্তু ছওম, সেইটো কেৱল মোৰ বাবেই পালন কৰা হয়, ফলত মই নিজেই ইয়াৰ বিনিময় দিওঁ। কাৰণ, ছওম পালনকাৰী খোৱা-বোৱা আৰু পানাহাৰ কেৱল মোৰ বাবেই এৰি দিয়ে। ছওম মানুহৰ বাবে ঢাল স্বৰূপ। ছওম পালনকাৰীসকলৰ বাবে আছে দুটা আনন্দৰ সময়। এটা ইফতাৰৰ সময় আৰু আনটো হৈছে আল্লাহৰ লগত সাক্ষাতৰ সময়। এজন ছওম পালনকাৰীৰ মুখৰ (আহাৰ নকৰাৰ বাবে) গন্ধ আল্লাহ তা‘আলাৰ ওচৰত মুশ্বকৰ সুগন্ধিতকৈও অধিক প্ৰিয়”।  
ৰমজানৰ ছওম পালন কৰা আৰু কিয়াম কৰাৰ ফজিলত বিষয়ক হাদীছ অসংখ্য আছে। এতেকে প্ৰতিজন মুমিনৰ বাবে উচিত যে, এই মূল্যবান সুযোগটোক যথাযথভাৱে ব্যৱহাৰ কৰা। আল্লাহ তা‘আলাই তেওঁৰ বান্দাসকলৰ ওপৰত ৰমজান মাহ পোৱাৰ সুযোগ প্ৰদান কৰি যিটো দয়া কৰিছে সেইটো নেক আমলৰ প্ৰতি অগ্ৰসৰ হোৱা আৰু বেয়া আমলৰ পৰা বিৰত থকাৰ দ্বাৰা কামত লগোৱা উচিত। আল্লাহ তা‘আলাই সিহঁতৰ ওপৰত যি ফৰজ কৰিছে সেইটো আদায় কৰিবলৈ সচেষ্ট হোৱা আৰু বিশেষকৈ পাঁচ ওৱাক্ত ছালাত আদায়ৰ প্ৰতি যত্নবান হোৱা। কাৰণ, পাঁচ ওৱাক্ত ছালাত হৈছে ইছলামৰ মূল স্তম্ভ লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনাৰ পিছত এইটোৱেই আটাইতকৈ ডাঙৰ ফৰজ। প্ৰত্যেকজন মুছলিম নৰ-নাৰীৰ দায়িত্ব হ’ল, পাঁচ ওৱাক্ত ছালাতৰ প্ৰতি যত্নবান হোৱা আৰু অত্যন্ত মনোযোগ আৰু ধীৰ-স্থীৰভাৱে সঠিক সময়ত আদায় কৰা। পুৰুষসকলৰ ক্ষেত্ৰত ছালাতৰ গুৰুত্বপূৰ্ণ ফৰজ হ’ল, ছালাতসমূহক আল্লাহে যিবোৰ ঘৰক সমুন্নত ৰাখিবলৈ আদেশ কৰিছে সেই ঘৰসমূহত জামা‘আতৰ সৈতে আদায় কৰা। যেনে, আল্লাহ তা‘আলাই কৈছে,
﴿وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ وَٱرۡكَعُواْ مَعَ ٱلرَّٰكِعِينَ ٤٣﴾ [البقرة: ٤٣]  
“আৰু তোমালোকে ছালাত কায়িম কৰা, যাকাত প্ৰদান কৰা আৰু ৰুকূকাৰীসকলৰ লগত ৰুকূ কৰা”। [ছুৰা আল-বাকাৰা, আয়াত: ৪৩]
আল্লাহ তা‘আলাই কৈছে,
﴿حَٰفِظُواْ عَلَى ٱلصَّلَوَٰتِ وَٱلصَّلَوٰةِ ٱلۡوُسۡطَىٰ وَقُومُواْ لِلَّهِ قَٰنِتِينَ ٢٣٨﴾ [البقرة: ٢٣٨]  
“তোমালোকে ছালাতসমূহ আৰু মধ্যৱৰ্তী ছালাতৰ হিফাজত কৰা আৰু আল্লাহৰ বাবে বিনীত হৈ থিয় হোৱা”। [ছুৰা আল-বাকাৰাহ, আয়াত: ২৩৮]
আল্লাহ তা‘আলাই কৈছে,
﴿قَدۡ أَفۡلَحَ ٱلۡمُؤۡمِنُونَ ١ ٱلَّذِينَ هُمۡ فِي صَلَاتِهِمۡ خَٰشِعُونَ ٢﴾ [المؤمنون : ١،  ٢]  
“নিশ্চয় মুমিনসকল সফল হৈছে, যিসকলে নিজ ছালাতত বিনয়াৱনত”। [ছুৰা আল-মুমিনূন, আয়াত: ১, ২]
আল্লাহ তা‘আলাই আৰু কৈছে,
﴿وَٱلَّذِينَ هُمۡ عَلَىٰ صَلَوَٰتِهِمۡ يُحَافِظُونَ ٩ أُوْلَٰٓئِكَ هُمُ ٱلۡوَٰرِثُونَ ١٠ ٱلَّذِينَ يَرِثُونَ ٱلۡفِرۡدَوۡسَ هُمۡ فِيهَا خَٰلِدُونَ ١١﴾ [المؤمنون : ٩،  ١١]  
“আৰু যিসকলে নিজ ছালাতসমূহৰ হিফাজত কৰে সিহঁতেই হ’ব ওৱাৰিছ, সিহঁতেই ফিৰদাউছৰ অধিকাৰী হ’ব। সিহঁতে তাত স্থায়ী হ’ব”। [ছুৰা আল-মুমিনূন, আয়াত: ৯, ১১]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«العَهْدُ الَّذِي بَيْنَنَا وَبَيْنَهُمُ الصَّلَاةُ، فَمَنْ تَرَكَهَا فَقَدْ كَفَرَ»
“আমাৰ আৰু সিহঁতৰ (অমুছলিমসকলৰ) মাজত চুক্তি হৈছে ছালাত। এতেকে যিয়ে ছালাত এৰি দিলে সি কাফিৰ হৈ গ’ল”।  
ছালাতৰ পিছতেই গুৰুত্বপূৰ্ণ ফৰজ হৈছে, যাকাত আদায় কৰা। যেনে, আল্লাহ তা‘আলাই কৈছে,
﴿وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ حُنَفَآءَ وَيُقِيمُواْ ٱلصَّلَوٰةَ وَيُؤۡتُواْ ٱلزَّكَوٰةَۚ وَذَٰلِكَ دِينُ ٱلۡقَيِّمَةِ ٥﴾ [البينة: ٥]
আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰেই ইবাদত কৰে, তেওঁৰ বাবে দ্বীনক একনিষ্ঠ কৰি, ছালাত কায়িম কৰি আৰু যাকাত প্ৰদান কৰি; আৰু এইটোৱেই হৈছে সঠিক দ্বীন। [ছুৰা আল-বায়্যিনাহ, আয়াত: ৫]
আল্লাহ তা‘আলাই কৈছে,
﴿وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ وَأَطِيعُواْ ٱلرَّسُولَ لَعَلَّكُمۡ تُرۡحَمُونَ ٥٦﴾ [النور : ٥٦]   
“আৰু তোমালোকে ছালাত কায়িম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হ’ব পাৰা”। [ছুৰা আন-নূৰ, আয়াত: ৫৬]

ৰমজানৰ ছিয়ামৰ গুৰুত্ব
আল্লাহৰ মহান কিতাব আৰু তেওঁৰ ৰাছুলৰ ছুন্নাতে প্ৰমাণ কৰে যে, যিয়ে নিজ সম্পদৰ যাকাত নিদিয়ে তাক কিয়ামতৰ দিনা নিশ্চয় শাস্তি দিয়া হ’ব। ছালাত আৰু যাকাতৰ পিছত গুৰুত্বপূৰ্ণ  বিধান হৈছে, ছওম পালন কৰা। ছওম ইছলামৰ পাঁচটা স্তম্ভৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«بُنِيَ الْإِسْلَامُ عَلَى خَمْسٍ، شَهَادَةِ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، وَإِقَامِ الصَّلَاةِ، وَإِيتَاءِ الزَّكَاةِ، وَحَجِّ الْبَيْتِ، وَصَوْمِ رَمَضَانَ»
“পাঁচটা বস্তুৰ ওপৰত ইছলামৰ ভিত্তি স্থাপন কৰা হৈছে। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে সত্য কোনো ইলাহ নাই আৰু মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, ছালাত কায়িম কৰা, যাকাত আদায় কৰা, বাইতুল্লাহৰ হজ্জ কৰা আৰু ৰমজান মাহৰ ছওম পালন কৰা”।  

ছিয়ামৰ উদ্দেশ্য
এজন মুছলিমৰ ওপৰত ফৰজ হৈছে ছওম পালন কৰা; লগতে কিয়ামুল লাইল পালন কৰাৰ দ্বাৰা আল্লাহ তা‘আলাই যিবোৰ কথা আৰু কৰ্ম হাৰাম কৰিছে তাৰ পৰা ৰক্ষাৰ অনুশীলন কৰা। কাৰণ, ছওমৰ উদ্দেশ্য হ’ল, আল্লাহৰ আনুগত্য কৰা, আল্লাহৰ নিষিদ্ধ বিষয়সমূহৰ পৰা বিৰত থকা। নিজ প্ৰতিপালকৰ আনুগত্য কৰাৰ মাধ্যমত প্ৰবৃত্তিৰ চাহিদাৰ বিপৰীত চলাৰ বাবে মানৱাত্মাৰ লগত সদায় সংগ্ৰাম কৰা। আল্লাহ তা‘আলাই যিবোৰ বিষয়সমূহ নিষেধ কৰিছে তাৰ ওপৰত ধৈৰ্যৰ অনুশীলন কৰা।  ছওমৰ উদ্দেশ্য কেৱল খোৱা, পান কৰা আৰু যৱতীয় ছওম ভঙ্গকাৰী বিষয়সমূহৰ পৰা বিৰত থকাই নহয়। এই বিষয়টোক আৰু স্পষ্ট কৰিছে আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিশুদ্ধ বৰ্ণনা পোৱা যায়, য’ত তেখেতে কৈছে,
«الصِّيَامُ جُنَّةٌ فَلاَ يَرْفُثْ وَلاَ يَجْهَلْ، وَإِنِ امْرُؤٌ قَاتَلَهُ أَوْ شَاتَمَهُ فَلْيَقُلْ: إِنِّي صَائِمٌ مَرَّتَيْنِ »
“ছওম ঢালস্বৰূপ, ফলত ছওম পালনকাৰী যেন অশ্লীল আৰু অপকৰ্ম নকৰে, যদি কোনো ব্যক্তিয়ে তাৰ লগত বিবাদ কৰে অথবা তাক গালি পাৰে তেন্তে সি যেন কয়, ‘মই ছওম ৰাখিছো’, (দু’ বাৰ)”।  
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিশুদ্ধ সুত্ৰত আৰু এটা হাদীছ বৰ্ণিত আছে, য’ত তেখেতে কৈছে,
«مَنْ لَمْ يَدَعْ قَوْلَ الزُّورِ وَالعَمَلَ بِهِ، فَلَيْسَ لِلَّهِ حَاجَةٌ فِي أَنْ يَدَعَ طَعَامَهُ وَشَرَابَهُ»
“যি ব্যক্তি মিছা কথা আৰু ইয়াৰ ওপৰত আমল কৰা এৰি নিদিয়ে, তাৰ খোৱা আৰু পান কৰা এৰি দিয়াৰ কোনো লাভ নাই”।  
উল্লেখিত হাদীছ আৰু ইয়াৰ বাহিৰেও আৰু অন্যান্য হাদীছৰ দ্বাৰা এই কথা প্ৰমাণিত যে, এজন ছওম পালনকাৰীৰ ওপৰত ওৱাজিব হৈছে, আল্লাহ তা‘আলাই যিবোৰ বিষয়ক নিষিদ্ধ কৰিছে সেইবোৰৰ পৰা বিৰত থকা আৰু আল্লাহ তা‘আলাই যি কৰাৰ নিৰ্দেশ দিছে সেইটো যথাযথভাৱে পালন কৰা। এই ধৰণৰ ছওমৰ দ্বাৰা আশা কৰা যায় যে, এজন ছওম পালনকাৰী আল্লাহৰ তৰফৰ পৰা ক্ষমা প্ৰাপ্ত হ’ব আৰু জাহান্নামৰ জুইৰ পৰা মুক্তি লাভ কৰিব লগতে ছওম পালনকাৰীয়ে তাৰ ছিয়াম আৰু কিয়াম কবুল হোৱাৰ আশা কৰিব পাৰে।


ৰমজান বিষয়ক কিছুমান গুৰুত্বপূৰ্ণ মাছাঈল
ৰমজান সম্পৰ্কে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ বিষয় আছে যিটো আজিও কিছুমান মানুহৰ ওচৰত অস্পষ্ট। মই সেইবোৰ দাঙি ধৰাৰ চেষ্টা কৰিম ইন শ্বা আল্লাহ।  
এক- এজন মুছলিমৰ ওপৰত ওৱাজিব হৈছে, ঈমান আৰু ছোৱাবৰ আশাত  ছওম পালন কৰা। কাৰোবাক দেখুৱাবলৈ বা শুনোৱাৰ উদ্দেশ্যে ছওম পালন নকৰিব। নিজ এলাকা, পৰিয়াল আৰু আত্মীয় স্বজনৰ অনুকৰণত ছওম পালন নকৰিব, বৰং ছওম এই কাৰণে পালন কৰিব যে, আল্লাহ তা‘আলাই প্ৰতিজন মুছলিমৰ ওপৰত ছওম পালন কৰা ফৰজ কৰিছে আৰু ছওম পালন কৰাৰ কাৰণেই আল্লাহ তা‘আলাই তাক মহা বিনিময় আৰু ছোৱাব প্ৰদান কৰিব। এইদৰে কিয়ামুল-লাইল, এজন মুছলিমে ঈমান আৰু ছোৱাবৰ আশাত আদায় কৰিব, পাৰ্থিৱ কোনো উদ্দেশ্যৰ বাবে নকৰিব। ছিয়াম আৰু কিয়ামুল-লাইলৰ এই মহান উদ্দেশ্যক স্পষ্ট কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
  «مَنْ صَامَ رَمَضَانَ، إِيمَانًا وَاحْتِسَابًا، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ»
“যি ব্যক্তি ঈমানৰ সৈতে আৰু ছোৱাবৰ আশাত ৰমজান মাহৰ ছওম পালন কৰিব, তাৰ অতীত জীৱনৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।  
তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম)এ আৰু কৈছে,
«مَنْ قَامَ رَمَضَانَ إِيمَانًا وَاحْتِسَابًا، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ»
“যি ব্যক্তি ঈমানৰ সৈতে আৰু ছোৱাবৰ আশাত কদৰৰ ৰাতিৰ কিয়াম পালন কৰিব, তাৰ অতীতৰ গুণাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।  
যিবোৰ কাৰণত ছওম নষ্ট নহয়
দুই- ছওম সম্পৰ্কীয় আৰু যিবোৰ বিষয়ৰ বিধান কিছুমান মানুহৰ ওচৰত অস্পষ্ট সেয়া হ’ল, এজন ছওম পালনকাৰী আঘাত প্ৰাপ্ত হ’লে, তাৰ নাকৰ পৰা তেজ বাহিৰ হ’লে, বমি কৰিলে, অনিচ্ছাকৃতভাৱে তাৰ পেটত পানী গুচি গলে ইত্যাদি। এইবোৰৰ একোৱেই তাৰ ছওম ভঙ্গ নকৰিব। কিন্তু যদি কোনো ব্যক্তি ইচ্ছাকৃতভাৱে বমি কৰে, তেনেহ’লে তাৰ ছওম ভঙ্গ হ’ব। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«مَنْ ذَرَعَهُ قَيْءٌ، وَهُوَ صَائِمٌ، فَلَيْسَ عَلَيْهِ قَضَاءٌ، وَإِنْ اسْتَقَاءَ فَلْيَقْضِ»
“ছওম পালন অৱস্থাত যাৰ অনিচ্ছাকৃতভাৱে বমি হয়, তাৰ ছওম ভঙ্গ নহ’ব, আৰু যিয়ে ইচ্ছাকৃতভাৱে বমি কৰে সি ছওমৰ কাযা কৰিব লাগিব”।
তিনি- এইদৰে যদি কোনো ছওম পালনকাৰীৰ গুছল ফৰজ হোৱাৰ পিছত ফৰজ গুছল কৰিবলৈ সূৰ্য উদয় হোৱা পৰ্যন্ত দেৰি কৰে তেন্তে তথাপিও তাৰ ছওম ভঙ্গ নহ’ব। এইদৰে যদি কোনো ঋতুৱতী বা প্ৰসূতি নাৰী ফজৰৰ ওৱাক্ত হোৱাৰ আগতে পৱিত্ৰ হোৱা সত্বেও তাই গুছল নকৰে আৰু সূৰ্য উদয়ৰ পিছত গুছল কৰে, তেন্তে তাইৰ নিশ্চয় ছওম পালন কৰিব লাগিব। গুছল কৰিবলৈ সূৰ্য উদয় হোৱা লৈকে দেৰি কৰাটো ছওম ৰখাৰ বাবে কোনো বাধা নহয়; কিন্তু তাইৰ বাবে এই ধৰণৰ পলম কৰা কোনো মতেই উচিত নহয়। তাইৰ ওপৰত ফৰজ হৈছে, সূৰ্যোদয়ৰ আগতেই গুছল কৰি পৱিত্ৰ হৈ ফজৰৰ ছালাত আদায় কৰা। এইদৰে জুনুবী ব্যক্তিৰ বাবে গুছল পলমকৈ কৰা উচিৎ নহয়। তাৰ ওপৰতো ফৰজ হৈছে, সূৰ্য উদয়ৰ আগতে গুছল কৰা আৰু ফজৰৰ ছালাত সময়ত আদায় কৰা। এই বিষয়ে অলসতা কৰা কোনো মতেই উচিৎ নহয় বৰং উচিৎ হ’ল, গুছল কৰিবলৈ খৰধৰ কৰা, যিমান সোনকালে সম্ভৱ পৱিত্ৰ হোৱা, যাতে ফজৰৰ ছালাত জামা‘আতৰ সৈতে আদায় কৰিব পাৰে।
চাৰি- এইদৰে আৰু কিছুমান কাৰণ যিবোৰে ছওম নষ্ট নকৰে সেয়া হ’ল, ৰক্তদান কৰা, ইনজেকচন লোৱা যদি সেয়া খাদ্য জাতীয় নহয়। কিন্তু ইনজেকচন ৰাতি লৈকে অপেক্ষা কৰি দিয়াটো উত্তম, যদি পলম কৰা সম্ভৱ হয় আৰু যদি কোনো অসুবিধা নহয়। অন্যথা দিনত দিয়াত কোনো অসুবিধা নাই। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«دَعْ مَا يَرِيبُكَ إِلَى مَا لَا يَرِيبُكَ، فَإِنَّ الصِّدْقَ طُمَأْنِينَةٌ، وَإِنَّ الكَذِبَ رِيبَةٌ»
“তুমি সংশয়যুক্ত বিষয় এৰি এনেকুৱা বিষয় গ্ৰহণ কৰা য’ত সন্দেহ আৰু সংশয় নাই । কাৰণ, সত্য হৈছে প্ৰশান্তি আৰু মিছা হৈছে সংশয়”।  
তেখেতে (চাল্লাল্লাহু আলাইহি অছাল্লাম)এ আৰু কৈছে,
 فَمَنِ اتَّقَى المُشَبَّهَاتِ اسْتَبْرَأَ لِدِينِهِ وَعِرْضِه
“যি ব্যক্তি সংশয়যুক্ত বিষয়সমূহৰ পৰা বাচি থাকিলে, সি তাৰ দ্বীন আৰু সম্ভ্ৰমৰ সংৰক্ষণ কৰিলে”।
ছালাতত ধীৰ-স্থিৰতা অৱলম্বন
পাঁচ- আৰু কিছুমান বিধান যিবোৰ কিছুমান মানুহৰ ওচৰত অস্পষ্ট সেয়া হৈছে, ছালাতত ধীৰ-স্থিৰতা অৱলম্বন নকৰা। নফল ছালাতেই হওক অথবা ফৰজ ছালাত। অথচ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত বিশুদ্ধ হাদীছৰ দ্বাৰা প্ৰমাণিত যে, ছালাতত ধীৰ-স্থিৰতা অৱলম্বন কৰা ছালাতৰ ৰুকনসমূহৰ এটা গুৰুত্বপূৰ্ণ ৰুকন। ধীৰ-স্থিৰতা অৱলম্বনবিহীন ছালাত শুদ্ধ নহয়। ধীৰ-স্থিৰতা হৈছে, ছালাতত বিনয়ী হোৱা আৰু খৰধৰ নকৰি মনোযোগ সহকাৰে ছালাত আদায় কৰা, যাতে প্ৰতিটো অঙ্গ-প্ৰত্যঙ্গ ছালাত আদায়কাৰীৰ নিজ অৱস্থানত উভতি আহে। অধিকাংশ মানুহক দেখা যায় ৰমজান মাহত তাৰাৱীহৰ ছালাত আদায় কৰে অথচ ছালাতত কি পঢ়ে সেয়া সি নিজেও বুজি নাপায় আৰু ছালাতত বিনয় আৰু ধীৰ-স্থিৰতা অৱলম্বন নকৰে। এই ধৰণৰ ছালাত বিশুদ্ধ নহয় আৰু ছালাত আদায়কাৰী গুনাহগাৰ হয় আৰু কোনো ছোৱাবৰ অধিকাৰী নহয়।
তাৰাৱীহৰ ছালাতৰ ৰাকাত সংখ্যাৰ সমাধান
ছয়- আৰু কিছুমান বিধান যিবোৰ কিছুমান মানুহৰ ওচৰত অস্পষ্ট সেয়া হৈছে, কিছুমান মানুহৰ ধাৰণা যে, তাৰাৱীহৰ ছালাত বিশ ৰাকাতৰ কম পঢ়া নাযাব, আকৌ কিছুমানে ভাৱে যে, এঘাৰ বা তেৰ ৰাকাতৰ বেছি পঢ়া নাযাব। এইবোৰ সকলো অমূলক আৰু কোৰআন ও ছুন্নাহ বিৰোধী ধাৰণা।  
অথচ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত বিশুদ্ধ হাদীছৰ দ্বাৰা প্ৰমাণিত যে, ৰাতিৰ ছালাতত বেছি বা কম কৰাৰ অৱকাশ ইছলামত আছে। ৰাতিৰ ছালাতৰ এনেকুৱা কোনো সংখ্যা নিৰ্ধাৰিত নাই যাৰ বিৰোধিতা কৰা নাযাব; বৰং বিশুদ্ধ হাদীছৰ দ্বাৰা প্ৰমাণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ৰাতিৰ ছালাত ৰমজান আৰু ৰমজানৰ বাহিৰে কেতিয়াবা এঘাৰ ৰাকাত কেতিয়াবা তেৰ ৰাকাত আকৌ কেতিয়াবা তাতোকৈ কম বা বেছি আদায় কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক  ৰাতিৰ ছালাত সম্পৰ্কে সোধাত তেখেতে কৈছিল,
«مَثْنَى مَثْنَى، فَإِذَا خَشِيَ الصُّبْحَ صَلَّى وَاحِدَةً، فَأَوْتَرَتْ لَهُ مَا صَلَّى»
“দুই ৰাকাত দুই ৰাকাত। এতেকে যেতিয়া প্ৰভাত হোৱাৰ আশংকা কৰা, তেতিয়া এক ৰাকাত পঢ়ি লোৱা। তেনেহ’লে তুমি যি পঢ়িলা তাক বেযোৰ বনাই দিব”।
ৰমজান আৰু ৰমজানৰ বাহিৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ ছালাতৰ ৰাকাত সংখ্যা নিৰ্ধাৰণ কৰা নাই। এই বাবেই ছাহাবীসকলে ওমৰ ৰাদিয়াল্লাহু আনহুৰ যুগত কেতিয়াবা তেইশ ৰাকাত আকৌ কেতিয়াবা এঘাৰ ৰাকাত আদায় কৰিছে। এতেকে ওমৰ ৰাদিয়াল্লাহু আনহুৰ খিলাফতৰ যুগত তেইশ ৰাকাত,  এঘাৰ ৰাকাত উভয়টোৱে ছাহাবীসকলৰ আমলৰ পৰা প্ৰমাণিত।
ছালাফসকলৰ কোনো কোনোবাই ৰাতিৰ ছালাত ছত্ৰিশ ৰাকাত আৰু তিনি ৰাকাত বিতিৰ পঢ়িছিল। আকৌ কোনো কোনোবাই এক চল্লিশ ৰাকাত পঢ়িছিল বুলিও প্ৰমাণিত। ছাহাবীসকলৰ এই আমলসমূহৰ বৰ্ণনা দিছে শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ আৰু অন্যান্য আহলে ইল্মসকল। তেখেতে কৈছে, ৰাতিৰ ছালাতৰ ক্ষেত্ৰত ৰাকাত বিষয়ত কম বেছি কৰাৰ অৱকাশ আছে। তেখেতে আৰু কৈছে, তেন্তে উত্তম হ’ল, যি ব্যক্তি ক্বিৰাত, ৰুকু আৰু ছাজদাহ দীৰ্ঘ কৰিব সি ৰাকাত সংখ্যা কম কৰিব আৰু যিয়ে ক্বিৰাত, ৰুকু, ছাজদাহ সংক্ষেপে কৰিব সি ৰাকাত সংখ্যা বেছি কৰিব। শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহৰ উক্তিৰ অৰ্থ এইটোৱেই।
আৰু যি ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত গভীৰভাৱে চিন্তা কৰিব সি নিশ্চয় জানিব পাৰিব, উত্তম হৈছে, ৰমজান আৰু ৰমজানৰ বাহিৰে এঘাৰ ৰাকাত বা তেৰ ৰাকাত ছালাত আদায় কৰা। কাৰণ, এঘাৰ ৰাকাত আদায় কৰাটো অধিকাংশ সময় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আমলৰ লগত মিলি যায়। ইয়াৰ বাহিৰেও এঘাৰ ৰাকাত ছালাত মুছল্লীসকলৰ প্ৰতি সহানুভূতি আৰু ছালাতত বিনয় আৰু ধীৰ-স্থিৰতাৰ অধিক সহায়ক হয়। যদি কোনো ব্যক্তি বেছি আদায় কৰে তেন্তে তাত কোনো অসুবিধা বা ক্ষতি নাই। যেনে ওপৰত এই কথা উল্লেখ কৰিছো। যি ব্যক্তি ৰমজানৰ কিয়ামুল-লাইল ইমামৰ লগত পালন কৰে, তাৰ বাবে উত্তম হ’ল, ইমামৰ অনুকৰণ কৰা আৰু তাৰ লগত ছালাত শেষ কৰা। ইমামে যিমান ৰাকাত পঢ়িব সিও সিমান ৰাকাতেই আদায় কৰিব। ইমামৰ আগত সি ঘৰলৈ উভতি নাযাব। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«إِنَّ الرجل مَنْ قَامَ مَعَ الْإِمَامِ حَتَّى يَنْصَرِفَ، كَتَبَ اللَّهُ لَهُ قِيَامَ لَيْلَةٍ»
“যি ব্যক্তি ইমামৰ লগত কিয়ামুল লাইল শেষ কৰি উভতি যোৱা লৈকে অৱস্থান কৰে, আল্লাহ তা‘আলাই তাৰ বাবে সম্পূৰ্ণ ৰাতি কিয়ামুল-লাইল কৰাৰ ছোৱাব লিপিবদ্ধ কৰে”।  

ৰমজান মাহত বেছি বেছি নেক আমল কৰাৰ গুৰুত্ব
প্ৰতিজন মুছলিমৰ বাবে উচিৎ যে, এই মহান মাহৰ ভিতৰত বিভিন্ন ধৰণৰ ইবাদত কৰা। যেনে, বেছি বেছি নফল ছালাত আদায় কৰা, কোৰআন তিলাৱত কৰা, কোৰআনত বৰ্ণিত নিদৰ্শনসমূহক লৈ চিন্তা-চৰ্চা কৰা আৰু কোৰআন বুজিবলৈ চেষ্টা কৰা, তাছবীহ, (ছুবহানাল্লাহ) তাহমীদ, (আল-হামদুলিল্লাহ) তাকবীৰ, (আল্লাহু আকবাৰ) আৰু তাহলীল (লা-ইলাহা ইল্লাল্লাহ) বেছি বেছি আদায় কৰা, তাওবা-ইস্তেগফাৰ কৰা, মানুহক ইছলামৰ প্ৰতি দা‘ৱাত দিয়া, ভাল কামৰ আদেশ আৰু বেয়া কামৰ পৰা নিষেধ কৰা, দুখীয়া,দৰিদ্ৰ, ফকিৰ-মিছকিনক আৰু অসহায় মানুহৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰা,  পিতৃ-মাতৃৰ লগত ভাল ব্যৱহাৰ কৰা, আত্মীয়তাৰ বন্ধনক অটুট ৰখা, প্ৰতিবেশীক সন্মান কৰা, অসুস্থ মানুহক শুশ্ৰুষা কৰা ইত্যাদি।  কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ আগত উল্লেখিত হাদীছত কৈছে,
«ينطر الله الى تنافسكم فيه فيباهي بكم ملا ئكته فأروا الله من أنفسكم خيرا فإن الشقي من حرم فيه رحمة الله»
“এতেকে তোমালোকে তোমালোকৰ ফালৰ পৰা আল্লাহৰ বাবে ভাল আৰু নেক আমলসমূহ তুলি ধৰা। কাৰণ, দুৰ্ভুগীয়া সেই ব্যক্তি, যিয়ে এই মাহত মহান আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হয়”।  
আন এটা হাদীছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
«مَنْ تَقَرَّبَ فِيهِ بِخَصْلَةٍ مِنَ الْخَيْرِ كَانَ كَمَنْ أَدَّى فَرِيضَةً فِيمَا سِوَاهُ، وَمَنْ أَدَّى فَرِيضَةً فِيهِ كَانَ كَمَنْ أَدَّى سَبْعِينَ فَرِيضَةً فِيمَا سِوَاهُ»
“যি ব্যক্তি এই মাহত কোনো এটা নেক আমল কৰিলে, সি যেন আন মাহত এটা ফৰজ আদায় কৰিলে; আৰু যিয়ে এটা ফৰজ আদায় কৰিলে, সি যেন সত্তৰটা ফৰজ আদায় কৰিলে”।
«أَنَّ عُمْرَةً فِي رَمَضَانَ تَعْدِلُ حَجَّةً» أَوْ «حَجَّةً مَعِي»
“ৰমজানত ওমৰাহ পালন কৰা হজ্জৰ সমান” অথবা তেখেতে কৈছে, “মোৰ লগত হজ্জ কৰাৰ সমান”।  
এই মহান মাহত বিভিন্ন ধৰণৰ নেক আমলৰ প্ৰতি মনোযোগী আৰু প্ৰতিযোগী হোৱাৰ হাদীছ আৰু ছাহাবীসকলৰ বৰ্ণনা অসংখ্য। আল্লাহৰ ওচৰত আমাৰ কামনা আল্লাহ তা‘আলাই যেন, আমাক আৰু সমগ্ৰ মুছলিম জাতিক এনেকুৱা আমল কৰাৰ তাওফীক দান কৰে, য’ত আছে আল্লাহৰ সন্তুষ্টি। আল্লাহ তা‘আলাই যেন আমাৰ ছিয়াম আৰু কিয়াম কবুল কৰে, আমাৰ বাহ্যিক আৰু অভ্যন্তৰীণ অৱস্থাক যাতে সংশোধন কৰে আৰু আমাক সকলোকে যাৱতীয় ফিতনাৰ পৰা হিফাজত কৰে। এইদৰে আমাৰ আৰু কামনা যে, তেওঁ যেন আমাৰ নেতৃত্বদানকাৰীসকলক সংশোধন কৰে, সত্যৰ ওপৰত তেওঁলোকক একত্ৰ কৰে। তেৱেঁই এইবোৰৰ সত্য অভিভাৱক আৰু সকলো বস্তুৰ ওপৰত ক্ষমতাশীল।  
সমাপ্ত