দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ

উক্ত পুথিখনত দ্বীনৰ ওপৰত অবিচল থকাৰ কিছুমান উপায় আলোচনা কৰা হৈছে।বিশেষকৈ অন্যায়-অত্যাচাৰ ও যুলুম-নিৰ্যাতনৰ সময়ত এজন মুছলিমৰ কৰণীয় কি সেয়া কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে।

দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ

﴿ وسائل الثبات على دين الله﴾

] অসমীয়া – Assamese – آسامي [

       

শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ

 

—™

 

অনুবাদ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

 


২০১৬ - ১৪৩৭

 

 

﴿ وسائل الثبات على دين الله﴾

] অসমীয়া – Assamese – آسامي [

 

               

 


 الشيخ محمد صالح المنجد

—™

 

ترجمة: رفيق الإسلام بن حبيب الرحمن

 

2016 - 1437

 

গ্ৰন্থস্বত্ব অনুবাদক কৰ্তৃক সংৰক্ষিত

কিতাপৰ নামঃ     দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়

লেখকঃ            শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ

অনুবাদকঃ         ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

প্ৰকাশকঃ                    অসমীয়া ইছলাম হাউছ ৱেবছাইট

প্ৰথম প্ৰকাশঃ     ১৪৩৭ হিজৰী, ২০১৬ চন

মূল্যঃ              বিনামূলীয়া বিতৰণৰ বাবে (কিন্তু আপোনাৰ কপিটো সংগ্ৰহ কৰাৰ আগতে কিবা এটা বৰঙণী দিবলৈ নাপাহৰিব যাতে পুনৰ ছপা কৰাত সহায় হয়)

যিকোনো ধৰণৰ সংশোধনীৰ বাবে আমাৰ লগত যোগাযোগ কৰক

[email protected]

 

 

প্ৰাপ্তিস্থান

দাৰুৎ তাওহীদ লিত্ তালীফ ওৱাত তাৰ্জামাহ

(বলোগড়া, নিজ খাৰুপেটীয়া, দৰং অসম)

www.islamhouse.com/as

সূচীপত্ৰ

 

ক্ৰম
    

বিষয়
    

পৃষ্ঠা


    

ভূমিকা
    

4


    

অটল বা অবিচল থকাৰ উপায়-উপকৰণ
    

7


    

কোৰআন অভিমূখী হোৱা
    

7


    

আল্লাহে প্ৰদান কৰা চৰীয়তৰ অনুসৰণ কৰা আৰু নেক আমল কৰা
    

12


    

নবীসকলৰ জীৱনী অনুযায়ী আমল কৰা আৰু তেওঁলোকৰ অনুকৰণ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ জীৱনী অধ্যয়ন কৰা
    

14


    

দুআ কৰা
    

18


    

আল্লাহক স্মৰণ (যিকিৰ) কৰা
    

19


    

এজন মুছলিমে ছহীহ পথত পৰিচালিত হোৱাৰ প্ৰতি আগ্ৰহী হোৱা
    

21


    

সঠিক তাৰবিয়াত লাভ কৰা
    

24


    

সঠিক পথৰ প্ৰতি আত্মবিশ্বাস থকা
    

26


    

আল্লাহৰ দ্বীনৰ প্ৰতি দাৱাত (আহ্বান) দিয়াৰ লগত সম্পৃক্ত থকা
    

29


    

বাস্তৱ আৰু প্ৰমাণিত উপাদানসমূহৰ লগত সম্পৃক্ত থকা
    

31


    

আল্লাহৰ সহায়ৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰখা আৰু জানি থোৱা যে ভৱিষ্যত ইছলাম আৰু মুছলিমৰ
    

33


    

বাতিলৰ হাকীকত (প্ৰকৃতৰূপ) সম্পৰ্কে জনা আৰু ইয়াৰ প্ৰবঞ্চনাত পতিত নোহোৱা
    

35


    

অটল বা অবিচল থাকিবলৈ সহযোগী হোৱা আখলাক (শিষ্টাচাৰ) আৰু চাৰিত্ৰিক গুণাৱলীক নিজৰ জীৱনত একত্ৰিত কৰা
    

37


    

নেক বান্দাসকলৰ উপদেশ গ্ৰহণ কৰা
    

39


    

জান্নাতৰ নি‘আমতসমূহ, জাহান্নামৰ শাস্তি আৰু মৃত্যুৰ স্মৰণ কৰা
    

44


    

অবিচল থকাৰ স্থানসমূহ
    

46


    

ফিতনাৰ ঠাইত অটল বা অবিচল থকা
    

46


    

ফিতনাৰ প্ৰকাৰসমূহ: যেনে, সম্পদ, সন্মান, সন্তান, স্ত্ৰী, যুলুম বা অন্যায়, অত্যাচাৰ, অনাচাৰ, দাজ্জাল ইত্যাদি।
    

46


    

জিহাদৰ ময়দানত অটল বা অবিচল থকা
    

52


    

আদৰ্শৰ ওপৰত অটল থকা, কেতিয়াও আদৰ্শচ্যুত নোহোৱা
    

52


    

মৃত্যুৰ সময়ত দৃঢ় বা অটল থকা
    

53

 

 

 

 

ভূমিকা

নিশ্চয় সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ মহান আল্লাহৰ বাবে। আমি তেওঁৰেই প্ৰশংসা কৰো, তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰো আৰু তেওঁৰ ওচৰতেই ক্ষমা বিচাৰো লগতে আমি আমাৰ আত্মাৰ অনিষ্টতাৰ পৰা আৰু আমাৰ আমলসমূহৰ বেয়া পৰিণতিৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰো। আল্লাহে যাক হিদায়ত দিয়ে, তাক গোমৰাহ বা পথভ্ৰষ্ট কৰিবলৈ কোনো নাই আৰু তেওঁ যাক গোমৰাহ কৰে তাক হিদায়ত দিয়াৰ ক্ষমতা কাৰো নাই।  মই সাক্ষী দিওঁ যে, একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ তেওঁৰ বান্দা আৰু ৰাছুল।

তাৰ পিছত ......

এজন প্ৰকৃত মুছলিমে যে সঠিক পথৰ ওপৰত পৰিচালিত হ’বলৈ প্ৰতিজ্ঞাবদ্ধ তাৰ প্ৰধান লক্ষ্যটোৱে হৈছে, দ্বীনৰ ওপৰত অটল বা অবিচল থকা।

আলোচ্য বিষয়টোৰ গুৰুত্ব নিম্নলিখিত কেইটামান বিষয়ৰ দ্বাৰা অনুধাৱন কৰা যাব। সেয়া হৈছে:

-বৰ্তমান যি সমাজত মুছলিমসকলে বসবাস কৰি আছে, সেই সমাজৰ বাস্তৱচিত্ৰ। আৰু বিভিন্ন ধৰণৰ ফিতনা-ফ্যাছাদ আৰু অসংখ্য অনিষ্টতাৰ লেলিহান অগ্নিশিখা; যাৰ জুইত তেওঁলোক জ্বলি আছে, যিটো বৰ্তমান সমাজৰ অবিচ্ছেদ্য অংশ। আৰু নানা ধৰণৰ বেহায়াপনা, নগ্নতা আৰু অপপ্ৰচাৰৰ ফলত দ্বীন আৰু দ্বীনৰ ধাৰক-বাহকসকল অপৰিচিত হৈ পৰিছে। ফলত যিসকল দ্বীনৰ ধাৰক-বাহক আৰু দা‘ঈ, তেওঁলোক যেন এটা দৃষ্টান্তৰ চিকাৰ হৈছে, য’ত কোৱা হৈছে,

القابض على دينه كالقابض على الجمر

“দ্বীনক মজবুত কৈ ধৰি ৰখা ইমান কষ্টকৰ যেনে জ্বলন্ত জুই একুৰা হাতৰ মুঠিত ধৰি ৰখা কষ্টকৰ”।

নিসন্দেহে প্ৰত্যেকজন জ্ঞানী মানুহৰ ওচৰত এই কথা স্পষ্ট যে, বৰ্তমান সময়ত এজন মুছলিমৰ বাবে দ্বীনৰ ওপৰত অটল বা অবিচল থকাৰ মাধ্যমসমূহ জনা আৰু সেয়া অৱলম্বন কৰা ছালাফসকলৰ যুগৰ তেওঁলোকৰ ভাইসকলৰ তুলনাত অধিক প্ৰয়োজন। কৰণ, সময়ৰ বিৱৰ্তন ঘটিছে, প্ৰকৃত মুছলিম ভাইসকলৰ সংখ্যা দুৰ্লভ হৈ পৰিছে, সহযোগিতাকাৰীৰ মাজত আহিছে দুৰ্বলতা আৰু সাহায্যকাৰীৰ সংখ্যাত হ্ৰাস পাইছে।

-দ্বীনৰ পৰা মুৰতাদ হোৱা, দ্বীনৰ প্ৰতি গুৰুত্বহীনতা আৰু দ্বীনৰ পৰা পশ্চাদপসৰতাৰ ঘটনা সচৰাচৰ ঘটি আছে আৰু বৃদ্ধি পাইছে। আনকি যিসকলে ইছলামৰ বাবে কাম কৰে তেওঁলোকৰ মাজতো ইয়াৰ বিস্তাৰ ঘটিবলৈ ধৰিছে, যিটো এজন মুছলিমক এই ধৰণৰ ভয়াৱহ পৰিণতিৰ বিষয়ে আতঙ্কগ্ৰস্ত কৰি তুলে। সেয়ে এজন মুছলিমে এই ধৰণৰ ভয়াৱহ অৱস্থাৰ পৰা মুক্তি পাবলৈ দ্বীনৰ ওপৰত অবিচল থকাৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম বিচাৰি ফুৰিছে।

-বিষয়টো অন্তৰৰ লগত সম্পৃক্ত, যি অন্তৰৰ বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«لَقَلْبُ ابْنِ آدَمَ أَشَدُّ انْقِلَابًا مِنَ الْقِدْرِ إِذَا اجْتَمَعَتْ غَلْيًا»

“আদম সন্তানৰ অন্তৰ চৰুত থকা উতলা পানীতকৈও অধিক পৰিবৰ্তনশীল, যেতিয়া তাত উত্তাপ দিয়া হয়”।[1]

আন এটা হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অন্তৰৰ এটা গুৰুত্বপূৰ্ণ দৃষ্টান্ত বৰ্ণনা কৰি কৈছে,

«إِنَّمَا سُمِّيَ الْقَلْبُ مِنْ تَقَلُّبِهِ، إِنَّمَا مَثَلُ الْقَلْبِ كَمَثَلِ رِيشَةٍ مُعَلَّقَةٍ فِي أَصْلِ شَجَرَةٍ تُقَلِّبُهَا الرِّيحُ ظَهْرًا لِبَطْنٍ»

“‘ক্বলব’ক ‘ক্বলব’ বুলি এই কাৰণে নামকৰণ কৰা হৈছে যে, ই সচৰাচৰ পৰিবৰ্তন হৈ থাকে। ক্বলবৰ দৃষ্টান্ত হৈছে চৰাইৰ সেই ডেউকাৰ দৰে, যিটো এটা গছৰ ওপৰত ওলমি আছে। প্ৰবল বতাহে তাক ইফালে সিফালে উলট-পালট কৰি থাকে”।[2]

কোনো এটা কবিয়ে কৈছে,                                                                 

وما سمي الإنسان إلا لنسيانه   ولا القلب إلا أنه يتقلب

“ইনছানক ইনছান বুলি কোৱা হয় তাৰ পাহৰি যোৱাৰ কাৰণে, আৰু ক্বলবক কলব এই বাবে কোৱা হয় যে ই সঘনে পৰিবৰ্তন হয়”।

সন্দেহ, সংশয় আৰু প্ৰবৃত্তিৰ প্ৰবল বতাহৰ হেচা উপেক্ষা কৰি এই পৰিবৰ্তনশীল অন্তৰৰ অটল আৰু অবিচল থকা নিশ্চয় এটা সমস্যাৰ বিষয়। ফলত এই প্ৰতিকূলতাক মোকাবালা কৰাৰ বাবে এনেকুৱা কিছুমান শক্তিশালী উপকৰণ আৰু মজবুত মাধ্যমৰ প্ৰয়োজন যিবোৰে এই কঠিন হেচা আৰু মহা প্ৰলয়ক প্ৰতিহত কৰিবলৈ আৰু সুৰক্ষা দিবলৈ সক্ষম হ’ব।

 

অটল বা অবিচল থকাৰ উপায়-উপকৰণ:

আমাৰ প্ৰতি আল্লাহ তা‘আলাৰ অসংখ্য অনুগ্ৰহ যে, তেওঁ আমাৰ বাবে তেওঁৰ অৱতীৰ্ণ কিতাব আল-কোৰআনুল কাৰীম আৰু প্ৰেৰিত নবীৰ কথা আৰু জীৱন চৰিত্ৰত অটল বা অবিচল থকাৰ অসংখ্য উপায় ও উপকৰণ বৰ্ণনা কৰি দিছে। সন্মানিত পাঠক ভাইসকল! তলত আমি তাৰেই পৰা কিছুমান উপায় ও উপকৰণ আপোনালোকৰ সন্মুখত দাঙি ধৰিম।

প্ৰথম: কোৰআন অভিমূখী হোৱা

মহা গ্ৰন্থ আল-কোৰআনেই হৈছে, দ্বীনৰ ওপৰত অটল বা অবিচল থকাৰ প্ৰথম উপায় আৰু মাধ্যম। কোৰআন আল্লাহ তা‘আলাৰ মজবুত ৰছী আৰু সু-স্পষ্ট আলোকবৰ্তিকা। যি ব্যক্তি কোৰআনক মজবুতভাৱে আঁকোৱালী লব আল্লাহ তা‘আলাই তাক নিশ্চয় ৰক্ষা কৰিব। আৰু যিয়ে কোৰআনৰ অনুসৰণ কৰিব, আল্লাহ তা‘আলাই তাক নাজাত বা মুক্তি প্ৰদান কৰিব আৰু যিয়ে কোৰআনৰ প্ৰতি মানুহক আহ্বান কৰিব, আল্লাহ তা‘আলাই তাক সঠিক ও সত্য পথ অৰ্থাৎ -ছিৰাতে মুস্তাকীমৰ সন্ধান দিব।

আল্লাহ তা‘আলাই যি উদ্দেশ্যক কেন্দ্ৰ কৰি এই পুথিক বেলেগ বেলেগকৈ বিস্তাৰিত বৰ্ণনাসহ অৱতীৰ্ণ কৰিছে সেইটো তেওঁ স্পষ্ট কৈ বৰ্ণনা কৰিছে। আৰু সেইটো হৈছে অন্তৰক অটল বা অবিচল ৰখা। আল্লাহ তা‘আলাই কাফিৰসকলৰ সন্দেহ আৰু সংশয়ৰ উত্তৰ দি কৈছে,

﴿وَقَالَ ٱلَّذِينَ كَفَرُواْ لَوۡلَا نُزِّلَ عَلَيۡهِ ٱلۡقُرۡءَانُ جُمۡلَةٗ وَٰحِدَةٗۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِۦ فُؤَادَكَۖ وَرَتَّلۡنَٰهُ تَرۡتِيلٗا ٣٢ وَلَا يَأۡتُونَكَ بِمَثَلٍ إِلَّا جِئۡنَٰكَ بِٱلۡحَقِّ وَأَحۡسَنَ تَفۡسِيرًا ٣٣﴾ [الفرقان: ٣٢،  ٣٣]   

“আৰু কাফিৰসকলে কয়, ‘এওঁৰ ওপৰত গোটেই কোৰআন একে সময়তে কিয় অৱতীৰ্ণ কৰা নহ’ল? এইটো এই বাবে যে, আমি ইয়াৰ দ্বাৰা আপোনাৰ হৃদয়ক সুদৃঢ় কৰিম। আৰু আমি ইয়াক ক্ৰমে ক্ৰমে আবৃত্তি কৰিছো। আৰু সিহঁতে আপোনাৰ ওচৰত যিকোনো বিষয়েই উপস্থিত নকৰক কিয়, আমি ইয়াৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা আপোনাৰ ওচৰত লৈ আহিছো” [ছুৰা আল-ফুৰকান, আয়াত: ৩২, ৩৩]

কোৰআন সুদৃঢ়, অটল বা অবিচলতাৰ প্ৰাণকেন্দ্ৰ হোৱাৰ কাৰণটোনো কি?

-কাৰণ, আল্লাহৰ লগত সম্পৰ্ক স্থাপনৰ মাধ্যমত কোৰআন মানুহৰ অন্তৰত ঈমানৰ বীজ ৰূপন কৰে আৰু মানৱ আত্মাক পৱিত্ৰ কৰে।

-কাৰণ, এজন মু’মিনৰ অন্তৰৰ ওপৰত কোৰআনৰ আয়াতসমূহ প্ৰশান্তি আৰু নিৰাপত্তা অৱতীৰ্ণ কৰে। ফলত ফিতনাৰ বতাহ যিমানেই ভয়াৱহ আৰু শক্তিশালী নহওঁক কিয় ই আত্মাক কলুষিত কৰিব নোৱাৰে আৰু ধ্বংসৰ গহ্বৰত নিক্ষেপ কৰিব নোৱাৰে। আৰু তাৰ অন্তৰ আল্লাহ তা‘আলাৰ যিকিৰৰ দ্বাৰা প্ৰশান্তি ও তৃপ্তি লাভ কৰে।

-কাৰণ, কোৰআনে কাৰীম এজন মুছলিমক সু-চিন্তা কৰা আৰু সঠিক মূল্যায়ন কৰাৰ যোগ্যতা প্ৰদান কৰে; যাৰ দ্বাৰা সি তাৰ ওচৰ-চুবুৰীয়াৰ পৰিৱেশ ও পৰিস্থিতি যথাযথভাৱে সুৰক্ষা দিবলৈ সক্ষম হয়। অনুৰূপভাৱে তাক এনেকুৱা মানদণ্ড আৰু মাপকাঠিৰ ওপৰত প্ৰতিষ্ঠিত কৰা হয়, যিটোৰ দ্বাৰা যাৱতীয় বিষয়সমূহৰ ফায়চালা সুন্দৰভাৱে সম্পন্ন কৰা হয়। ফলত তাৰ সিদ্ধান্ত ইফাল সিফাল নহয়, ব্যক্তি আৰু প্ৰেক্ষাপট পৰিবৰ্তন হলেও তাৰ কথা আৰু কৰ্মৰ মাজত কোনো পৰিবৰ্তন আৰু বিৰোধ বা বৈপৰীত্য দেখা নাযায়।

ইছলামৰ শত্ৰু কাফিৰ, মুশ্বৰিক আৰু মুনাফিকসকলে ইছলামৰ ওপৰত যিবোৰ সন্দেহ, সংশয় আৰু আপত্তি আৰোপ কৰি থাকে, তাৰ বিপক্ষে জীৱন্ত দৃষ্টান্ত উপস্থাপন আৰু দলীল প্ৰমাণৰ দ্বাৰা এনেকৈ প্ৰতিহত কৰে, যেনেকৈ প্ৰথম যুগৰ লোকসকলে প্ৰতিহত কৰিছিল। তলত ইয়াৰ কিছুমান দৃষ্টান্ত দাঙি ধৰা হ’ল:

১- যেতিয়া মুশ্বৰিকসকলে ক’লে, (ودع محمد ...) মুহাম্মদক (তাৰ প্ৰতিপালকে) এৰি দিছে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰত আল্লাহ তা‘আলাৰ এই কথা-

﴿مَا وَدَّعَكَ رَبُّكَ وَمَا قَلَىٰ ٣﴾ [الضحى: ٣]   

“আপোনাৰ ৰব (প্ৰতিপালকে) আপোনাক পৰিত্যাগ কৰা নাই আৰু ঘৃণাও কৰা নাই” – (ভাৱি চাওঁকচোন) এই বাণীৰ প্ৰভাৱ তেখেতৰ ওপৰত কি পৰিমাণৰ আছিল?[3]

২- এইদৰে যেতিয়া মুশ্বৰিকসকলে ক’লে, মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) ক কোৰআন কোনো এজন মানুহে শিকায়। মক্কাত অৱস্থানকাৰী এজন কাঠ মিস্ত্ৰিৰ পৰা তেওঁ কোৰআন সংগ্ৰহ কৰে। কাঠমিস্ত্ৰিয়েই তেওঁক কোৰআন শিকায়।  তেতিয়া আল্লাহ তা‘আলাৰ বাণী,

﴿وَلَقَدۡ نَعۡلَمُ أَنَّهُمۡ يَقُولُونَ إِنَّمَا يُعَلِّمُهُۥ بَشَرٞۗ لِّسَانُ ٱلَّذِي يُلۡحِدُونَ إِلَيۡهِ أَعۡجَمِيّٞ وَهَٰذَا لِسَانٌ عَرَبِيّٞ مُّبِينٌ ١٠٣﴾ [النحل: ١٠٣]  

“আৰু আমি নিশ্চয় জানো যে, সিহঁতে কয়, তেওঁক এজন মানুহে শিক্ষা দিয়ে, যাৰ ফালে সিহঁতে ঈঙ্গিত কৰিছে, তাৰ ভাষা হৈছে অনাৰবী। অথচ এইটো হৈছে সুস্পষ্ট আৰবী ভাষা” [ছুৰা আন-নাহল, আয়াত: ১০৩] - (ভাৱি চাওঁকচোন) ইয়াৰ প্ৰভাৱ কেনেকুৱা আছিল?

৩- এইদৰে যেতিয়া মুনাফিকসকলে ক’লে, “মোক অনুমতি দিয়া, ফিতনাত পতিত নকৰিবা।” তেতিয়া মুমিনসকলৰ অন্তৰত আল্লাহ তা‘আলাৰ এই বাণী, ألا في الفتنة سقطوا   “জানি থোৱা, সিহঁত ফিতনাতেই পৰি আছে” – ইয়াৰ প্ৰভাৱ কিমান যে সুদূৰপ্ৰসাৰী আছিল আপুনি ভাৱিছেনে?

এইটো অবিচলতাৰ ওপৰত অবিচলতা নহয়নে? আৰু ঈমান্দাৰ অন্তৰৰ ওপৰত স্ৰষ্টপ্ৰদত্ত দৃঢ়তা নহয়নে? বিভিন্ন আপত্তি আৰু সন্দেহৰ প্ৰতিৰোধ আৰু বাতিলপন্থীসকলক নিৰুত্তৰ কৰা নহয়নে...? হয় নিশ্চয়, আল্লাহৰ শপত।

আচৰিত বিষয়টো হ’ল, আল্লাহ তা‘আলাই মুমিনসকলক হুদাইবিয়াৰ যুদ্ধৰ পৰা উভতি অহাৰ সময়ত বহুতো গণীমত লাভৰ প্ৰতিশ্ৰুতি দিয়ে। (প্ৰকৃততে সেয়া আছিল খাইবাৰৰ গনীমতৰ সম্পদ) আৰু প্ৰতিশ্ৰুতি কৰিছিল যে, তেওঁ এইবোৰ তেওঁলোকৰ বাবে অতিসোনকালে ব্যৱস্থা কৰিব আৰু তেওঁলোকেই সেইফালে অগ্ৰসৰ হ’ব বুলি জনাই দিয়া হয়, আন কোনেও নহয়, আৰু জনাই দিয়া হয় যে, মুনাফিকসকলে বাৰে বাৰে তেওঁলোকৰ লগত যোৱাৰ আবেদন কৰিব, আল্লাহৰ বাণীক সিহঁতে পৰিবৰ্তন কৰিব বিচাৰিব আৰু সিহঁতে মু’মিনসকলক ক’ব বৰং তোমালোকে আমাক হিংসা কৰা। আল্লাহ তা‘আলাই সিহঁতৰ এই কথাৰ উত্তৰ দি কৈছে,

﴿بَلۡ كَانُواْ لَا يَفۡقَهُونَ إِلَّا قَلِيلٗا ١٥﴾ [الفتح: ١٥]   

“বৰং সিহঁতে অতি কম বুজি পায়”।

তাৰ পিছত মু’মিনসকলৰ সন্মুখত এইবোৰ ঘটনা এটাৰ পিছত এটা, আখৰে আখৰে আৰু পদে পদে সংঘটিত হয়। (তেতিয়া তেওঁলোকৰ মনৰ অৱস্থা কেনেকুৱা হৈছিল সেয়া অলপ ভাৱি চাওঁকচোন)

-এইবোৰ উদাহৰণৰ দ্বাৰাই পাৰ্থক্য আৰু ব্যৱধান বুজা যায় সেইসকল লোকৰ মাজত, যিসকলে নিজৰ জীৱনক কোৰআনৰ লগত সম্পৃক্ত কৰে, কোৰআন মুখস্থ কৰে, কোৰআনৰ ব্যাখ্যা বিশ্লেষনত মগ্ন থাকে আৰু কোৰআন লৈ গৱেষণা কৰে, কোৰআনৰ পথত চলে আৰু কোৰআনৰ ফালেই উভতি আহে তেওঁলোকৰ মাজত আৰু যিসকলে মানৱ ৰচিত কথাক নিজৰ জীৱনৰ মহা লক্ষ্য বনায় আৰু সেইটো লৈ ব্যস্ত থাকে।

-যিসকলে ইল্ম অন্বেষণ কৰে তেওঁলোকে যদি কোৰআন আৰু ইয়াৰ তাফছীৰৰ বাবে ডাঙৰ এটা অংশ ব্যয় কৰিলেহেঁতেন, সেয়া তেওঁলোকৰ আত্মাৰ বাবে কিমান যে উপকাৰী হ’লেহেঁতেন।

 

 

 

 

 

 

 

 


দ্বিতীয়: আল্লাহে প্ৰদান কৰা চৰীয়ত যথাযথ মানি চলা

আৰু নেক আমল কৰা।

আল্লাহ তা‘আলাই কৈছে,

﴿يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ بِٱلۡقَوۡلِ ٱلثَّابِتِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۖ وَيُضِلُّ ٱللَّهُ ٱلظَّٰلِمِينَۚ وَيَفۡعَلُ ٱللَّهُ مَا يَشَآءُ ٢٧ ﴾ [ابراهيم: ٢٧]   

“আল্লাহে অবিচল ৰাখে ঈমান্দাৰসকলক সুদৃঢ় বাণীৰ দ্বাৰা পাৰ্থীৱ জীৱনত আৰু আখিৰাতত। আৰু আল্লাহে যালিমসকলক পথভ্ৰষ্ট কৰে আৰু আল্লাহে যি ইচ্ছা সেইটোৱে কৰে” [ছুৰা ইব্ৰাহীম, আয়াত: ২৮]

-কাতাদাহ ৰাহিমাহুল্লাহে কৈছে, আল্লাহে তেওঁলোকক পৃথিৱীৰ জীৱনত কল্যাণৰ ওপৰত অটল, সুদৃঢ় আৰু অবিচল ৰাখিব। আখিৰাত অৰ্থাৎ কবৰৰ মাজত তেওঁলোকক সফলতা প্ৰদান কৰিব। এই কথাকে ছালাফসকলৰ একাধিক ব্যক্তিৰ পৰা বৰ্ণিত হৈছে।[4]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَلَوۡ أَنَّهُمۡ فَعَلُواْ مَا يُوعَظُونَ بِهِۦ لَكَانَ خَيۡرٗا لَّهُمۡ وَأَشَدَّ تَثۡبِيتٗا ٦٦﴾ [النساء : ٦٦]   

“আৰু যি উপদেশ সিহঁতক দিয়া হয় যদি সিহঁতে সেয়া বাস্তবায়ন কৰিলেহেঁতেন, তেনেহ’লে সেইটো সিহঁতৰ বাবে উত্তম আৰু স্থিৰতাত সুদৃঢ় হ’লেহেঁতেন” [ছুৰা আন-নিছা, আয়াত: ৬৬] অৰ্থাৎ সত্যৰ ওপৰত সুদৃঢ়। এই কথা অতি স্পষ্ট, অন্যথা আমি এয়া আশা কৰিব পাৰো নেকি যে, যিসকলে এলেহুৱা, নেক আমল কৰাৰ পৰা বিৰত থাকে সিহঁতে অবিচল থাকিব, যেতিয়া ফিতনাই সিহঁতৰ মূৰত আক্ৰমণ কৰিব? কিন্তু যিসকলে ঈমান আনিছে আৰু আমলে ছলেহ বা নেক আমল অৱলম্বন কৰিছে, তেওঁলোকৰ ৰব বা প্ৰতিপালকে তেওঁলোকক তেওঁলোকৰ ঈমানৰ কাৰণে সঠিক পথ দেখুৱাই দিব, ঈমানৰ ওপৰত অটল আৰু অবিচল ৰাখিব। এই বাবেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নেক আমলৰ ওপৰত অটল বা অবিচল থাকিবলৈ উৎসাহ প্ৰদান কৰিছিল। আৰু তেওঁৰ ওচৰত আটাইতকৈ প্ৰিয় আমল হ’ল, কোনো আমল নিয়মিত পালন কৰা, যদিও সেয়া কমেই নহওঁক কিয়। তেওঁৰ ছাহাবীসকলে যেতিয়া কোনো আমল কৰিছিল, তেতিয়া তেওঁলোকে সেই আমলটোক এৰি দিয়া নাছিল, অব্যাহত ৰাখিছিল। আইশ্বা ৰাদিয়াল্লাহু আনহাৰ অভ্যাস আছিল, যেতিয়া কোনো আমল এবাৰ কৰিছিল তেতিয়া তেওঁ সেই আমলটো নিয়মীতভাৱে পালন কৰিছিল, এৰি দিয়া নাছিল।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

 مَنْ ثَابَرَ عَلَى ثِنْتَيْ عَشْرَةَ رَكْعَةً مِنَ السُّنَّةِ بَنَى اللَّهُ لَهُ بَيْتًا فِي الجَنَّةِ: ...  

“যি ব্যক্তি বাৰ ৰাকা‘আত ছালাত নিয়মীত আদায় কৰিব, আল্লাহ তা‘আলাই তাৰ বাবে জান্নাতত এটা ঘৰ সাজিব... [5]

(এই হাদীছত ফৰজ ছালাতৰ আগৰ আৰু পিছৰ ছুন্নতসমূহৰ কথা কোৱা হৈছে)

এইদৰে হাদীছে কুদছীত বৰ্ণিত হৈছে, আল্লাহ তা‘আলাই কৈছে,

وَمَا يَزَالُ  عَبْدِي يَتَقَرَّبُ إِلَيَّ بِالنَّوَافِلِ حَتَّى أُحِبَّهُ

“বান্দাই নিয়মীত নফল ইবাদতৰ মাধ্যমত মোৰ নৈকট্য লাভ কৰি থাকে, ফলত এটা সময়ত মই তাক ভালপাওঁ”।[6]

তৃতীয়: নবীসকলৰ জীৱনী অনুযায়ী আমল আৰু তেওঁলোকৰ অনুসৰণ-অনুকৰণ কৰাৰ মানসেৰে তেওঁলোকৰ জীৱনী অধ্যয়ন আৰু গৱেষণা কৰাঃ

ইয়াৰ দলীল আল্লাহ তা‘আলাৰ এই বাণী, তেওঁ কৈছে,

﴿وَكُلّٗا نَّقُصُّ عَلَيۡكَ مِنۡ أَنۢبَآءِ ٱلرُّسُلِ مَا نُثَبِّتُ بِهِۦ فُؤَادَكَۚ وَجَآءَكَ فِي هَٰذِهِ ٱلۡحَقُّ وَمَوۡعِظَةٞ وَذِكۡرَىٰ لِلۡمُؤۡمِنِينَ ١٢٠﴾ [هود: ١٢٠]   

“আৰু ৰাছুলসকলৰ এই সংবাদসমূহ আমি আপোনাৰ ওচৰত বৰ্ণনা কৰিছো যাৰ দ্বাৰা আমি আপোনাৰ মনক স্থিৰ কৰো আৰু ইয়াৰ মাজত আপোনাৰ ওচৰত আহিছে হক্ক (সত্য) আৰু মুমিনসকলৰ বাবে আছে উপদেশ ও স্মৰণ”। [ছুৰা হূদ, আয়াত: ১২০]

উল্লেখিত আয়াতসমূহ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত খেল-ধেমালী আৰু উপভোগ কৰাৰ বাবে অৱতীৰ্ণ হোৱা নাছিল। এইবোৰ এটা মহান উদ্দেশ্য লৈ অৱতীৰ্ণ হৈছে। আৰু সেয়া হৈছে, আল্লাহৰ ৰাছুলৰ অন্তৰ আৰু মুমিনসকলৰ অন্তৰসমূহক সুদৃঢ়, অটল আৰু অবিচল ৰখা।

-হে মোৰ ভাই! যদি আপুনি আল্লাহৰ এই বাণী,

 ﴿قَالُواْ حَرِّقُوهُ وَٱنصُرُوٓاْ ءَالِهَتَكُمۡ إِن كُنتُمۡ فَٰعِلِينَ ٦٨ قُلۡنَا يَٰنَارُ كُونِي بَرۡدٗا وَسَلَٰمًا عَلَىٰٓ إِبۡرَٰهِيمَ ٦٩ وَأَرَادُواْ بِهِۦ كَيۡدٗا فَجَعَلۡنَٰهُمُ ٱلۡأَخۡسَرِينَ ٧٠ ﴾ [الانبياء: ٦٨،  ٧٠]

“সিহঁতে ক’লে, ‘ইয়াক জুইত জ্বলাই দিয়া আৰু তোমালোকৰ দেৱদেৱীসকলক সহায় কৰা, যদিহে তোমালোকে কিবা কৰিব বিচৰা’। আমি ক’লো, ‘হে জুই, তুমি শীতল আৰু নিৰাপদ হৈ যোৱা ইব্ৰাহীমৰ বাবে’। আৰু সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল; কিন্তু আমি সিহঁতকে বেছি ক্ষতিগ্ৰস্ত কৰি দিলো” [ছুৰা আল-আম্বিয়া, আয়াত: ৬৮-৭০]

এই বাণীৰ বিষয়ে চিন্তা কৰে, তেন্তে নিশ্চয় আপুনি দৃঢ়তা আৰু অবিচলতাৰ সোৱাদ অনুভৱ কৰিবলৈ পাব। আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুৱে কৈছে, ইব্ৰাহীম আলাইহিচ ছালামক যেতিয়া জুইত নিক্ষেপ কৰা হয় তেতিয়া তেওঁৰ শেষ কথা আছিল।حسبي الله و نعم الوكيل  “আল্লাহেই মোৰ বাবে যথেষ্ট, আৰু তেওঁ মোৰ বাবে কিমান যে উত্তম অভিভাৱক”।[7]

যালিম, নিষ্ঠুৰ আৰু অত্যাচাৰীৰ সন্মুখত আৰু শাস্তিৰ সন্মুখত অৱস্থান কৰাৰ সময়ত যদি আপুনি এই আয়াতটোৰ মাজত চিন্তা কৰে, আপুনি তেতিয়া অটল বা অবিচল থকাৰ বিভিন্ন অৰ্থৰ মাজৰ পৰা এটা অৰ্থও অনুভৱ কৰিব নোৱাৰিব নে?

এইদৰে মূছা আলাইহিচ ছালামৰ জীৱনী সম্পৰ্কে আল্লাহ তা‘আলাৰ বাণী,

﴿فَلَمَّا تَرَٰٓءَا ٱلۡجَمۡعَانِ قَالَ أَصۡحَٰبُ مُوسَىٰٓ إِنَّا لَمُدۡرَكُونَ ٦١ قَالَ كَلَّآۖ إِنَّ مَعِيَ رَبِّي سَيَهۡدِينِ ٦٢﴾ [الشعراء : ٦١،  ٦٢]   

“তাৰ পিছত যেতিয়া উভয় দলে পৰস্পৰক দেখিলে, তেতিয়া মূছাৰ সঙ্গীসকলে ক’লে, নিশ্চিতভাৱে ‘আমি ধৰা পৰিলো!’ মূছাই ক’লে, ‘কেতিয়াও নহয়; মোৰ লগত মোৰ ৰব (প্ৰতিপালক) আছে। নিশ্চয় অনতিপলমে তেওঁ মোক পথনিৰ্দেশ দিব’’ [ছুৰা আশ্ব-শু‘আৰা, আয়াত: ৬১,৬২]-

এই বাণীত চিন্তা কৰিলে, আপুনি আপোনাৰ সন্ধানকাৰীসকলৰ হাতত ধৰা পৰাৰ সময়ত অটল বা অবিচল থকাৰ আন এটা অৰ্থ অনুভৱ কৰিব নোৱাৰিব জানো?। বিপদ মুহুৰ্তত যেতিয়া সকলোৱে হতাশ হৈ (ৰক্ষা কৰা ৰক্ষা কৰা বুলি) চিঞঁৰি আছিল, আৰু ঠিক সেই কঠিন মূহুৰ্তত মূছা আলাইহিচ ছালামৰ অটল বা অবিচলতা যিটো এই ঘটনাৰ মাজত ভাহিঁ উঠিছে। এই বিষয়টো লৈ আপুনি কিবা ভাৱিছেনে?

এইদৰে আপুনি যেতিয়া ফিৰ‘আউনৰ যাদুকৰসকলৰ ঘটনাক আপোনাৰ সন্মুখত লৈ আহিব যিটো ঘটনাৰ দৃষ্টান্ত বৰ আশ্চৰ্যপূৰ্ণ। যিটো ঘটনাৰ মাজত দেখিবলৈ পোৱা যায় যে, হক বা সত্য স্পষ্ট হোৱাৰ পিছত যাদুকৰসকলে সত্য গ্ৰহণ কৰে আৰু তাৰ ওপৰত অটল বা অবিচল থাকে।

আপুনি চোৱা নাইনে? এজন অত্যাচাৰী জালিমৰ সন্মুখত তেওঁলোকৰ অন্তৰত অটল বা অবিচলতাৰ এটা মহা অধ্যায় প্ৰগাঢ় হৈ গাথি আছে। আল্লাহ তা‘আলাই ইয়াৰ বৰ্ণনাত কৈছে,

﴿قَالَ ءَامَنتُمۡ لَهُۥ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِي عَلَّمَكُمُ ٱلسِّحۡرَۖ فَلَأُقَطِّعَنَّ أَيۡدِيَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَٰفٖ وَلَأُصَلِّبَنَّكُمۡ فِي جُذُوعِ ٱلنَّخۡلِ وَلَتَعۡلَمُنَّ أَيُّنَآ أَشَدُّ عَذَابٗا وَأَبۡقَىٰ ٧١﴾ [طه: ٧١]

“ফিৰ‘আউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ প্ৰতি ঈমান আনিলা? নিশ্চয় সি তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। এতেকে মই নিশ্চয় তোমালোকৰ হাত আৰু ভৰি বিপৰীত ফালৰ পৰা কাটি দিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম। আৰু তোমালোকে অৱশ্যই জানিব পাৰিবা, আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু বেছি স্থায়ী”। (ছুৰা ত্বাহাঃ ৭১)

অলপ কেইজন মুমিনৰ ঈমানৰ ওপৰত অটল বা অবিচল থকাৰ এইটো এটা অতুলনীয় দৃষ্টান্ত। ইমান কঠিন পৰিস্থিতিয়েও সিহঁতক বিন্দু পৰিমাণেও বিচ্যুত কৰিব পৰা নাই আৰু সিহঁতক উভতাই আনিব পৰা নাই। ইয়াৰ পিছতো সিহঁতে কৈছিল (কোৰআনত সিহঁতৰ কথা দাঙি ধৰি) আল্লাহ তা‘আলাই কৈছেঃ  

﴿قَالُواْ لَن نُّؤۡثِرَكَ عَلَىٰ مَا جَآءَنَا مِنَ ٱلۡبَيِّنَٰتِ وَٱلَّذِي فَطَرَنَاۖ فَٱقۡضِ مَآ أَنتَ قَاضٍۖ إِنَّمَا تَقۡضِي هَٰذِهِ ٱلۡحَيَوٰةَ ٱلدُّنۡيَآ ٧٢﴾ [طه: ٧٢]   

“সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে আৰু যিয়ে আমাক সৃষ্টি কৰিছে, তাৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰাধান্য নিদিওঁ। এতেকে তোমাৰ যি কৰিবলগীয়া আছে কৰা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰত কৰ্তৃত্ব সাধন কৰিব পাৰা’’ [ছুৰা ত্বা-হা, আয়াত: ৭২]

এইদৰে বহুতো ঘটনা আপুনি কোৰআনত পাব, যেনে ছুৰা ইয়াছীনত আন এজন মুমিনৰ ঘটনা, ফিৰ‘আউনৰ পৰিয়ালৰ মুমিন ব্যক্তিৰ ঘটনা, আছহাবে উখদূদৰ ঘটনা ইত্যাদি। এইবোৰ ঘটনা অধ্যয়ন কৰিলে বুজা যায় অটল বা অবিচল থকাৰ মহত্ব আৰু শিক্ষণীয় বিষয়সমূহ কিমান অকাট্য আৰু আত্মাৰ বাবে তৃপ্তিদায়ক।

 

 

 

 

 

 

 

চতুৰ্থ: দুআ কৰা

আল্লাহৰ মুমিন বান্দাসকলৰ বিশেষ বৈশিষ্ট্য হৈছে, আল্লাহ তা‘আলাই যেন তেওঁলোকক অটল বা অবিচল ৰাখে সেই বাবে তেওঁলোকে দুআৰ মাধ্যমত আল্লাহৰ ফালে অগ্ৰসৰ হয়। তেওঁলোকে দুআত কয়,

﴿رَبَّنَا لَا تُزِغۡ قُلُوبَنَا بَعۡدَ إِذۡ هَدَيۡتَنَا وَهَبۡ لَنَا مِن لَّدُنكَ رَحۡمَةًۚ إِنَّكَ أَنتَ ٱلۡوَهَّابُ ٨﴾ [ال عمران: ٨]   

“হে আমাৰ ৰব, হিদায়ত দিয়াৰ পিছত আকৌ আমাৰ অন্তৰসমূহ বক্ৰ নকৰিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত দান কৰা। নিশ্চয় তুমি মহাদাতা।” [ছুৰা আলে-ইমৰান, আয়াত: ৮]

আৰু কয়,

﴿رَبَّنَآ أَفۡرِغۡ عَلَيۡنَا صَبۡرٗا وَثَبِّتۡ أَقۡدَامَنَا وَٱنصُرۡنَا عَلَى ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ ٢٥٠﴾ [البقرة: ٢٥٠]   

‘‘হে আমাৰ ৰব, আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া, আমাৰ ভৰি স্থিৰ ৰাখা আৰু আমাক কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে সহায় কৰা’ [ছুৰা আল-বাকাৰাহ, আয়াত: ২৫০]

যিহেতু অন্তৰৰ নিয়ন্ত্ৰণ আল্লাহৰ হাতত; যেনে হাদীছত বৰ্ণিত হৈছে, ৰাছুলু্ল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

 «إِنَّ قُلُوبَ بَنِي آدَمَ كُلَّهَا بَيْنَ إِصْبَعَيْنِ مِنْ أَصَابِعِ الرَّحْمَنِ، كَقَلْبٍ وَاحِدٍ، يُصَرِّفُهُ حَيْثُ يَشَاءُ»

“আদম সন্তানৰ অন্তৰসমূহ ৰহমানৰ আঙুলিবোৰৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে। তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ পৰিবৰ্তন কৰি দিয়ে”। সেয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ কৰিছিল:

«يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ»  

“হে অন্তৰসমূহৰ পৰিবৰ্তনকাৰী, মোৰ অন্তৰক তুমি তোমাৰ দ্বীনৰ ওপৰত অবিচল ৰাখা”।

পঞ্চম: আল্লাহৰ যিকিৰ (স্মৰণ)

এইটো অটল বা অবিচল থকাৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ মাধ্যম

আল্লাহ তা‘আলাই কোৰআনে কাৰীমত দুটা বিষয় অৰ্থাৎ ‘আল্লাহৰ যিকিৰ আৰু অবিচল থকা’ এই দুটা বিষয়ক একেলগে উল্লেখ কৰিছে। এতেকে এই বিষয়ে গভীৰভাৱে চিন্তা-চৰ্চা আৰু গৱেষণা কৰক। আল্লাহ তা‘আলাই কৈছে,

 ﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا لَقِيتُمۡ فِئَةٗ فَٱثۡبُتُواْ وَٱذۡكُرُواْ ٱللَّهَ كَثِيرٗا لَّعَلَّكُمۡ تُفۡلِحُونَ ٤٥﴾ [الانفال: ٤٥]  

“হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ মুখামুখী হোৱা, তেতিয়া অবিচল থাকিবা, আৰু আল্লাহক অধিক স্মৰণ কৰিবা, যাতে তোমালোকে সফল হোৱা” [ছুৰা আল-আনফাল, আয়াত: ৪৫] এই আয়াতত আল্লাহ তা‘আলাই তেওঁৰ যিকিৰ কৰাক জিহাদৰ ময়দানত অটল বা অবিচল থকাৰ গুৰুত্বপূৰ্ণ মাধ্যম সাব্যস্ত কৰিছে।

আৰু “তুমি পাৰস্য আৰু ৰূমবাসীসকলৰ দেহৰ বিষয়ে চিন্তা কৰা, কেনেকৈ সিহঁতৰ দেহ সিহঁতৰ লগত খিয়ানত কৰিলে (সেই সময়ত যেতিয়া সিহঁতে নিজৰ দেহৰ প্ৰতি আটাইতকৈ বেছি মুখাপেক্ষী আছিল)”[8]। অথচ যিসকলে বেছি বেছি আল্লাহক স্মৰণ কৰে সিহঁতৰ সংখ্যা অতি নগণ্য আৰু সিহঁতৰ যুদ্ধৰ সৰঞ্জামও অপ্ৰতুল আছিল। (তথাপিও সিহঁতেই যুদ্ধত বিজয়ী হ’ল )

-এজনী ৰূপৱতী, ক্ষমতাশীলা, যুৱতী নাৰীয়ে যেতিয়া ইউছুফ আলাইহিচ ছালামক তাইৰ লগত অপকৰ্মৰ প্ৰতি আহ্বান কৰিলে, এনেকুৱা এটা কঠিন পৰীক্ষা আৰু ফিতনাৰ মূহুৰ্তত তেওঁ অবিচল থকাৰ বাবে কিহৰ দ্বাৰা সহায় বিচাৰিছিল? (সেইটো অলপ ভাবি চাওঁকচোন)। তেওঁ লগে লগে মাআজাল্লাহ বুলি কৈ ‘আল্লাহৰ আশ্ৰয় কামনা’ৰ এই সুৰক্ষিত দূৰ্গত প্ৰৱেশ কৰা নাছিলনে? ফলত এই দূৰ্গৰ দেৱালত অৱস্থানকাৰী প্ৰবৃত্তিৰ সকলো সৈন্যৰ বান্ধোন আৰু প্ৰাচীৰ ভাঙি যায় আৰু সেয়া চুৰ্ণ-বিচুৰ্ণ হৈ যায়।

মুমিনসকলক অবিচল আৰু সুদৃঢ় ৰখাৰ ক্ষেত্ৰত যিকিৰৰ প্ৰভাৱ আৰু ক্ৰিয়া এনেকুৱাই হৈ থাকে।

 

 

 

 

 

 

 

ষষ্ট: এজন মুছলিম ছহীহ পথত চলাৰ প্ৰতি আগ্ৰহী হোৱা

একমাত্ৰ বিশুদ্ধ আৰু সঠিক পথ যিটোৰ ওপৰত এজন মুছলিমৰ চলা ওৱাজিব, সেইটো হৈছে, আহলে ছুন্নত ওৱাল জামাআতৰ পথ, সহায় প্ৰাপ্ত দলৰ পথ আৰু নাজাতপ্ৰাপ্ত দলৰ পথ। তেওঁলোকেই পৰিষ্কাৰ আৰু নিৰ্মল আকীদাৰ অধিকাৰী, নিৰ্ভুল মানহাজৰ ধাৰক-বাহক, ছুন্নাহ আৰু দলীলৰ অনুসাৰী, আল্লাহৰ শত্ৰুসকলৰ পৰা পৃথক আৰু আহলে বাতিলৰ পৰা সম্পূৰ্ণৰূপে ভিন্ন।

অটল বা অবিচল থকাৰ ক্ষেত্ৰত ইয়াৰ মূল্য যে কিমান সেয়া যদি জানিব বিচৰে তেন্তে আপুনি চিন্তা কৰক, নিজকে প্ৰশ্ন কৰক, পূৰ্বসূৰি আৰু তেওঁলোকৰ পৰবৰ্তীসকলৰ অধিকাংশ লোক কিয় গোমৰাহ হ’ল? সিহঁতে কিয় দিশাহাৰা হৈছিল? আৰু সিহঁতে কিয় সঠিক পথ -ছিৰাতে মুস্তাকীমৰ ওপৰত অটল বা অবিচল থাকিব নোৱাৰিলে আৰু সঠিক পথৰ ওপৰত মৃত্যুবৰণ কৰিব নোৱাৰিলে? অথবা জীৱনৰ ডাঙৰ এটা অংশ অতিবাহিত কৰাৰ পিছত অথবা সিহঁতৰ জীৱনৰ পৰা মহা মূল্যবান সময় নষ্ট কৰাৰ পিছত, সিহঁতে কিয় সঠিক পথৰ সন্ধান পালে আৰু তাৰ ওপৰত চলা আৰম্ভ কৰিলে?

আপুনি দেখিবলৈ পাব সিহঁতৰ কিছুমানে বিদ‘আত আৰু ভ্ৰষ্টতাৰ বিভিন্ন ক্ষেত্ৰ যেনে দৰ্শনশাস্ত্ৰৰ পৰা আৰম্ভ কৰি কালামশাস্ত্ৰ, মু‘তাযিলা মতবাদৰ পৰা আদি কৰি বিকৃতকাৰী, অপব্যাখ্যাকাৰী, অৰ্থহীন গণ্যকাৰী, মুৰজিয়া মতবাদ বিশ্বাসীত পৰিণত হৈছে। আকৌ সিহঁতৰ কিছুমানে ছুফীবাদীসকলৰ এটা তৰীকাৰ পৰা আন এটা তৰীকা লৈ উপনীত হৈছে।

এইদৰে বিদ‘আতপন্থীসকলেও আজি বিভ্ৰান্ত আৰু পথভ্ৰষ্ট। চাওঁক, কালামপন্থীসকলে কেনেকৈ মৃত্যুৰ সময়ত অবিচল থকাৰ পৰা বঞ্চিত হয়। ছালাফসকলে কৈছে, মৃত্যুৰ সময়ত আটাইতকৈ বেছি সন্দেহত থাকে কালামশাস্ত্ৰবিদসকলে। আনহাতে আপুনি ভাৱি চাওঁক আৰু গভীৰভাৱে চিন্তা কৰক, আহলে ছুন্নত ওৱাল জামা‘আতৰ পথক বুজি, জানি আৰু তাৰ ওপৰত চলাৰ পিছত কোনোবাই অসন্তুষ্ট হৈ তাৰ পৰা মুখ ঘুৰাইছে নেকি বা উভতি আহিছে নেকি? প্ৰবৃত্তি পূজা, জ্ঞানৰ দুৰ্বলতা আৰু কু-প্ৰবৃত্তিৰ প্ৰভাৱত কোনোবাই হয়তো সেইটো এৰিব পাৰে অন্যথা এই কাৰণত কোনেও এই পথ এৰা নাই যে, সি ইয়াতকৈ অধিক ছহীহ বা বিশুদ্ধ আৰু সঠিক পথ পাইছে অথবা তাৰ ওচৰত এই পথ বাতিল বুলি স্পষ্ট হৈছে।

আৰু এই কথা যে সঠিক তাৰ প্ৰমাণ পোৱা যায়, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসাৰীসকলৰ বিষয়ে ৰোম সম্ৰাট হিৰাক্লিয়াছৰ প্ৰশ্ন কৰাৰ পিছত আবু ছুফিয়ানৰ উত্তৰৰ পৰা। হিৰাক্লিয়াছে আবূ ছুফিয়ানক ক’লে,

 فهَلْ يَرْتَدُّ أَحَدٌ سَخْطَةً لِدِينِهِ بَعْدَ أَنْ يَدْخُلَ فِيهِ؟ قال أبو سفيان: لاَ، ثم قال هرقل: وَكَذَلِكَ الإِيمَانُ، حِينَ تُخَالِطُ بَشَاشَتُهُ القُلُوبَ لاَ يَسْخَطُهُ أَحَدٌ "

“ সিহঁতৰ কোনোবাই দ্বীনৰ মাজত প্ৰৱেশ কৰাৰ পিছত দ্বীনৰ প্ৰতি অসন্তুষ্ট হৈ উভতি যায় নেকি? উত্তৰত আবূ ছুফিয়ানে ক’লে, নহয়। তাৰ পিছত হিৰাক্লিয়াছে ক’লে, ঈমান এনেকুৱাই হয়, যেতিয়া ঈমানৰ সৌন্দৰ্য অন্তৰসমূহক স্পৰ্শ কৰে কোনেও তাৰ প্ৰতি অসন্তুষ্ট নহয়”।[9]

আমি ডাঙৰ ডাঙৰ ব্যক্তি সম্পৰ্কে শুনিছো তেওঁলোকে বিদ‘আতৰ শাখা-প্ৰশাখা আৰু বিভিন্ন অৱস্থানত ঘুৰি ফুৰি তাৰ পিছত তেওঁলোকৰ কিছুমানক আল্লাহ তা‘আলাই সঠিক পথ দেখুৱাইছে, ফলত তেওঁলোকৰ আগৰ মাযহাবৰ প্ৰতি বিৰক্ত হৈ বাতিল আৰু গোমৰাহী এৰি আহলে ছুন্নত ওৱাল জামা‘আতৰ অনুসাৰী হৈ পৰিছে; কিন্তু কেতিয়াবা ইয়াৰ বিপৰীতটো পৰিলক্ষিত হৈছেনে?

এতেকে যদি আপুনি হক (সত্য)ৰ ওপৰত অটল বা অবিচল থাকিব বিচাৰে, তেন্তে আপুনি নিশ্চয় মুমিনসকলৰ পথক মজবুতভাৱে ধৰি ৰাখিব লাগিব।

 

 

 

 

 

 

 

 

 


সপ্তম: তৰবিয়ত বা সঠিক লালন-পালন

ঈমানী, ইল্মী, সদায় সক্ৰিয় আৰু ধাৰাবাহিক তৰবিয়ত দ্বীনৰ ওপৰত অটল বা অবিচল থকাৰ কাৰ্যকৰ মাধ্যমসমূহৰ পৰা মৌলিক এটা কাৰ্যকৰ বিষয়।

ঈমানী তৰবিয়ত: ইয়াৰ দ্বাৰা আত্মা বা অন্তৰ ভয়, আশা আৰু মুহাব্বতৰ দ্বাৰা জীৱিত থাকে। এইটো কোৰআন আৰু ছুন্নাহৰ পৰা দূৰত থকাৰ বাবে আৰু মানুহৰ কথা-বতৰাৰ সন্মুখত অৱস্থানৰ ফলত অন্তৰত যি শুস্কতা আৰু কঠিনতা সৃষ্টি হয় সেয়া দূৰ কৰে।

ইল্মী তৰবিয়ত: এইটো ছহীহ আৰু বিশুদ্ধ দলীলৰ ওপৰত প্ৰতিষ্ঠিত। যিটো অন্ধ অনুকৰণ আৰু নিন্দিত অৰ্বাচিনতাৰ সম্পূৰ্ণ পৰিপন্থী।

সদায় সক্ৰিয় তৰবিয়ত: যাৰ দ্বাৰা অপৰাধীসকলৰ পথ আপুনি জানিবলৈ পাব, ইছলামৰ শত্ৰুসকলৰ পৰিকল্পনা আৰু টাৰ্গেটসমূহ নিৰ্ণয় কৰিব পাৰিব আৰু বাস্তৱতাক উপলব্ধি কৰিব আৰু ঘটনাৱলীক বুজিব আৰু মূল্যায়ন কৰিব পাৰিব। এইটো চিন্তাগত বদ্ধতা আৰু নিজকে সৰু পৰিৱেশৰ সীমাত আৱদ্ধ থকাৰ পৰা মুক্ত ৰাখিব।

ধাৰাবাহিক তৰবিয়ত: যাতে এজন মুছলিম লাহে লাহে চলা আৰম্ভ কৰে। মূল্যবান পৰিকল্পনা আৰু টাৰ্গেট নিৰ্ধাৰণৰ মাধ্যমত এজন মুছলিম পৰিপূৰ্ণ আৰু পূৰ্ণাঙ্গ সোপানসমূহ অতিক্ৰম কৰিব পাৰে।

আৰু আল্লাহৰ দ্বীনৰ ওপৰত অটল বা অবিচল থকাৰ মাধ্যমসমূহৰ পৰা এই মাধ্যমটোৰ গুৰুত্ব অনুধাৱন কৰিবলৈ হ’লে আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনীৰ ফালে দৃষ্টিপাত কৰিম আৰু আমি নিজকে প্ৰশ্ন কৰিম:

-কঠিন আৰু দু্ৰ্যোগপূৰ্ণ মুহুৰ্তত মক্কাত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবীসকলৰ অটল বা অবিচল থকাৰ উৎস কি আছিল?

বিলাল, খাব্বাব, মুচআব আৰু ইয়াছীৰ পৰিয়াল লগতে কিবাৰে ছাহাবাসকল কেনেকৈ অটল বা অবিচল আছিল?

ছাহাবীসকলৰ অটল বা অবিচল থকা নবুৱাতৰ প্ৰশিক্ষণশালাৰ পৰা গভীৰ আৰু নিবিড় প্ৰশিক্ষণৰ বাহিৰে এনেই সম্ভৱ হৈছেনে? যাৰ ফলত তেওঁলোকৰ ব্যক্তিত্ব কলুষমুক্ত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈছে।

উদাহৰণ হিচাপে এজন ছাহাবীৰ কথাই ইয়াত উল্লেখ কৰিম। তেখেত হৈছে, খাব্বাব ইবনুল আৰ`ত ৰাদিয়াল্লাহু আনহু। তেখেতৰ মহিলা মুনীব লোহাৰ টুকুৰাবোৰ গৰম কৰিছিল যেতিয়া সেইবোৰ লাল হৈছিল তেতিয়া তেখেতক এই উত্তপ্ত লোহাৰে পিঠিত হেচি ধৰিছিল, সেই উত্তপ্ত জুইৰ কুৰা খাব্বাবৰ দেহৰ তেজ, পুঁজ আৰু প্ৰবাহিত চৰ্বিৰ দ্বাৰাই নুমাইছিল। সেইটো কি বস্তু আছিল যিটোৱে খাব্বাবক এনেকুৱা সহ্যশীল বনালে যে, তেখেত ইমান কষ্ট আৰু নিৰ্যাতনৰ ওপৰতো ধৈৰ্য ধাৰণ কৰিলে?

আৰু বিলাল ৰাদিয়াল্লাহু আনহু মৰুভূমিৰ বালুৰ মাজত প্ৰচণ্ড শীলৰ তলত কিয় ধৈৰ্য ধাৰণ কৰিছিল? আৰু ছুমাইয়্যা ৰাদিয়াল্লাহু আনহা শিকলী আৰু কড়া পৰিহিত অৱস্থাত বন্দী আছিল?। কিহে তেওঁলোকক ধৈৰ্য ধাৰণ কৰাৰ প্ৰতি প্ৰতিজ্ঞ কৰি তুলিলে?

মাদানী জীৱনৰ আৰু এটা নমূনা দাঙি ধৰা যায়, হুনাইনৰ যুদ্ধত কিহৰ বাবে কিছুমান ছাহাবী ৰাছুলৰ লগত অটল বা অবিচল আছিল? তেওঁলোক মক্কা বিজয়ৰ পিছত ইছলাম গ্ৰহণ কৰা নৱ মুছলিমসকল আছিল নেকি? যিসকলে তৰবিয়ত গ্ৰহণৰ যথাৰ্থ সময় পোৱা নাছিল। যিসকলৰ অধিকাংশই গনীমতৰ আশাত সেই যুদ্ধত অংশ গ্ৰহণ কৰিছিল। কেতিয়াও নহয়, অধিকাংশ সেই নিৰ্বাচিত মুমিন সকলেই ৰাছুলৰ লগত অবিচল ও অটল আছিল যিসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তৰবিয়ত গ্ৰহণ কৰিছিল।

যদি সেই তৰবিয়ত তেওঁলোকে পোৱা নহ’লেহেঁতেন তেনেহ’লে তেওঁলোক সেই কঠিন মুহূৰ্তত অটল থাকিব পাৰিলেহেঁতেন জানো?

   

অষ্টম: সঠিক পথৰ প্ৰতি আত্মবিশ্বাস

এজন মুছলিম যি পথত চলে সেই পথৰ প্ৰতি তাৰ আত্মবিশ্বাস যিমান বেছি হ’ব, তাৰ অবিচলতা আৰু দৃঢ়তাও সিমানেই বেছি বৃদ্ধি পাব। ইয়াৰ বাবে একাধিক মাধ্যম আৰু উপকৰণ আছে:

এই অনুভূতি জাগি তোলা যে, ছিৰাতে মুস্তাকীম, যিটোৰ অনুসৰণ আপুনি কৰি আছে –হে মোৰ ভাই –সেয়া কোনো নতুন নহয়, আপোনাৰ যুগৰ বা সময়ৰ কোনো নতুন আৱিষ্কাৰ বা অপৰিচিত কোনো পথ বা পদ্ধতি নহয় বৰং এইটো এটা সনাতন আৰু চিৰন্তন পথ যি পথৰ ওপৰত আপোনাৰ আগত অসংখ্য নবী, ৰাছুল, সত্যবাদী, আলিম, শ্বহীদ, আৰু নেক বান্দাসকল প্ৰতিষ্ঠিত আছিল। যেতিয়া আপোনাৰ মাজত এই অনুভুতি আৰু বিশ্বাস থাকিব, তেতিয়া আপোনাৰ আতঙ্ক নোহোৱা হ’ব, আপোনাৰ নিঃসঙ্গতা ঘনিষ্ঠতাত পৰিণত হ’ব আৰু আপোনাৰ দুখ আনন্দত পৰিবৰ্তন হ’ব। কাৰণ, আপুনি এই কথা জানে যে, তেওঁলোক সকলোৱে আছিল আমাৰ ভাই, আমি আটায়ে একেই পথৰ যাত্ৰী আৰু পথিক, আমাৰ গন্তব্য এক আৰু অভিন্ন।

*- আপুনি যি পথ অতিক্ৰম কৰি আছে সেইটো এটা মনোনীত আৰু পৰীক্ষিত পথ এই কথাৰ অনুভুতিও আপোনাৰ মাজত থকা দৰকাৰ। আল্লাহ তা‘আলাই কৈছে,

 ﴿قل الحمد لله وسلام على عباده الذين اصطفى﴾ [النمل: ٥٩]  

“কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ নিমিত্তে; আৰু শান্তি তেওঁৰ সেই বান্দাসকলৰ প্ৰতি যিসকলক তেওঁ মনোনীত কৰিছে” [ছুৰা আন-নামাল, আয়াত: ৫৯]

আল্লাহ তা‘আলাই আৰু কৈছে,

 ﴿ثُمَّ أَوۡرَثۡنَا ٱلۡكِتَٰبَ ٱلَّذِينَ ٱصۡطَفَيۡنَا مِنۡ عِبَادِنَاۖ ٣٢﴾ [فاطر: ٣٢]  

“তাৰ পিছত আমি এই কিতাবখনৰ উত্তৰাধিকাৰী কৰিছো আমাৰ বান্দাসকলৰ মাজত তেওঁলোকক, যিসকলক আমি মনোনীত কৰিছো” [ছুৰা ফাতিৰ, আয়াত: ৩২]

আল্লাহ তা‘আলাই কৈছে,

 ﴿وَكَذَٰلِكَ يَجۡتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِن تَأۡوِيلِ ٱلۡأَحَادِيثِ ٦﴾ [يوسف: ٦]  

“আৰু এনেকৈ তোমাৰ ৰব (প্ৰতিপালক) তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব” [ছুৰা ইউছুফ, আয়াত: ৬]

যেনেকৈ আল্লাহ তা‘আলাই নবীসকলক নিৰ্বাচিত আৰু মনোনীত কৰিছে সেইদৰে নেক বান্দাসকলৰ বাবেও সেই মনোনয়ন আৰু নিৰ্বাচনৰ পৰা কিছু অংশ ৰাখি দিছে। সেয়া হ’ল, নবীসকলৰ ইল্মৰ ধাৰাবাহিকতা যিটো তেওঁলোকে তেওঁলোকৰ উত্তৰাধিকাৰীসকলক দি গৈছে।

*- যদি আল্লাহ তা‘আলাই আপোনাক জড় পদাৰ্থ অথবা চতুষ্পদ জন্তু অথবা কাফিৰ নাইবা নাস্তিক বনালেহেঁতেন অথবা বিদ‘আতৰ ফালে আহ্বানকাৰী বা ফাছিক নাইবা এনেকুৱা মুছলিম বনালেহেঁতেন যিয়ে ইছলামৰ প্ৰতি আহ্বানকাৰী নহয় অথবা এনেকুৱা পথৰ প্ৰতি আহ্বানকাৰী বনালেহেঁতেন যি পথত অসংখ্য ভুল— বাতিল পন্থীসকলৰ পথ, তেনেহ’লে আপোনাৰ কেনে লাগিলেহেঁতেন? তেতিয়া আপোনাৰ অনুভূতি কি হ’লেহেঁতেন?

*-আল্লাহ তা‘আলাই যে আপোনাক এই পথৰ বাবে মনোনীত কৰিছে আৰু তেওঁ যে আপোনাক আহলে ছুন্নত ওৱাল জামা‘আতৰ এজন দা‘ঈ বনাইছে এই কথাৰ অনুভূতিয়েই আপোনাৰ বাবে যথেষ্ট। এই অনুভূতিয়েই আপোনাক আপোনাৰ আদৰ্শ আৰু পথৰ ওপৰত অটল, অবিচল আৰু দৃঢ় থকাৰ অন্যতম মাধ্যম সেয়া আপুনি নাজানে নেকি?

 

 

 

 

 

 

 

 

 

নৱম: আল্লাহৰ দ্বীনৰ প্ৰতি দাৱাত দিয়াৰ লগত সম্পৃক্ত থকা

মনত ৰাখিব আত্মা যেতিয়া কৰ্মব্যস্ত নাথাকে তেতিয়া তাত পঁচন ধৰি যায়। আৰু যেতিয়া ই চলাচল নকৰে আৰু কৰ্মব্যস্ত নাথাকে তেতিয়া ই অলস হৈ যায় আৰু আত্মাক সচল ৰখাৰ ক্ষেত্ৰসমূহৰ মাজত সবাতোকৈ ডাঙৰ ক্ষেত্ৰ হ’ল, আল্লাহৰ ফালে মানুহক দাৱাত প্ৰদান কৰা। এইটো নবীসকলৰ মিচন আৰু মানৱাত্মাৰ আযাব ও শাস্তিৰ পৰা নাজাত লাভৰ উপায়। দাৱাতৰ দ্বাৰা ঈমানী শক্তি বৃদ্ধি পায় আৰু ডাঙৰ ডাঙৰ কৰ্মসমূহ বাস্তবায়িত হয়। আল্লাহ তা‘আলাই কৈছে,

﴿فَلِذَٰلِكَ فَٱدۡعُۖ وَٱسۡتَقِمۡ كَمَآ أُمِرۡتَۖ ١٥﴾ [الشورى: ١٥]   

“এতেকে এই বাবেই আপুনি দাৱাত দিয়ক আৰু আপোনাক যেনেকৈ নিৰ্দেশ দিয়া হৈছে তেনেকৈ দৃঢ়পদ থাকক”। (আশ্ব-শ্বুৰাঃ ১৫) কোনো বস্তু সম্পৰ্কে এই কথা কোৱা কেতিয়াও ঠিক নহয় যে, অমুকে উন্নতিও লাভ নকৰে আৰু অৱনতিও নকৰে। কাৰণ, আত্মা যেতিয়া ইবাদতত ব্যস্ত নহ’ব, তেতিয়া অৱশ্যই সি গুনাহত লিপ্ত হ’ব। আৰু নিশ্চয় ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়।

বিশুদ্ধ মানহাজৰ প্ৰতি দাৱাত দিয়ক, সময় ব্যয় কৰাৰ মাধ্যমত, চিন্তা-ফিকিৰ কৰাৰ মাধ্যমত, দৈহিক পৰিশ্ৰম কৰাৰ মাধ্যমত আৰু মুখ চালু ৰখাৰ মাধ্যমত, এতেকে এনেকৈ দাৱাত দিয়ক যাতে প্ৰমাণিত হয় যে, দাৱাত দিয়াই এজন মুছলিমৰ প্ৰধান লক্ষ্য আৰু একমাত্ৰ ব্যস্ততা আৰু চয়তানৰ গোমৰাহ কৰা আৰু ফিতনাত পেলোৱাৰ যাৱতীয় পথক ৰুদ্ধ কৰি দিয়ে।

আৰু অলপ বহলাই কোৱা যায় যে, আল্লাহৰ পিনে আহ্বান কৰাৰ দ্বাৰা যিকোনো প্ৰকাৰৰ বাধা বিপত্তি মুকাবালা কৰা, প্ৰতিপক্ষক ঘায়েল কৰা আৰু বাতিলপন্থীসকলৰ যিকোনো চ্যালেঞ্জ গ্ৰহণ কৰাৰ দৰে শক্তি লাভৰ অনুভূতি আৰু বিশ্বাস এজন দা‘ঈৰ অন্তৰত সৃষ্টি হয়। ইয়াৰ ফলত সি তাৰ দাৱাতী ময়দানত নিৰ্ভিকভাৱে চলিব পাৰে। ফলত ঈমানী শক্তিত উন্নতি হয় আৰু ইয়াৰ দ্বাৰা ঈমানৰ ৰুকনসমূহ শক্তিশালী হয়।

তেতিয়া আল্লাহৰ পিনে আহ্বান কৰা মহা ছোৱাব লাভৰ কাৰণ হোৱাৰ লগতে ই সুদৃঢ়, অটল বা অবিচল থকাৰ মাধ্যমসমূহৰ এটা অন্যতম মাধ্যম আৰু সিদ্ধান্তহীন আৰু পশ্চাতপদতাৰ পৰা ৰক্ষাৰ এটা গুৰুত্বপূৰ্ণ উপকৰণ বুলি বিবেচিত হয়। কাৰণ, যিয়ে দাৱাতৰ কামত জপিয়াই পৰে তাৰ আত্মৰক্ষাৰ প্ৰয়োজন নহয়। আল্লাহ তা‘আলা দা‘ঈসকলৰ লগতেই আছে। তেওঁৱেই তেওঁলোকৰ অবিচলতা আৰু দৃঢ়তা প্ৰদান কৰে আৰু তেওঁলোকৰ ভুলসমূহ সংশোধন কৰি দিয়ে। এজন দা‘ঈ এজন ডাক্তৰৰ দৰে। তেওঁ নিজৰ অভিজ্ঞতা, বিচক্ষণতা আৰু জ্ঞানৰ দ্বাৰা ৰোগৰ লগত সংগ্ৰাম কৰে। আনৰ বিষয়ে সংগ্ৰাম কৰাৰ কাৰণে তেওঁ নিজে তাত লিপ্ত হোৱা বা আক্ৰান্ত হোৱাৰ পৰা বহু দূৰত থাকে আৰু নিৰাপদত অৱস্থান কৰে।

 

 

 

 

 


দশম: বাস্তৱ আৰু প্ৰমাণিত উপাদানসমূহৰ লগত সম্পৃক্ত থকা

সেইসমূহ উপাদান যাৰ বৈশিষ্ট্য আৰু গুণাগুণ সম্পৰ্কে আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে, তেওঁ কৈছে,

«إِنَّ مِنَ النَّاسِ مَفَاتِيحَ لِلْخَيْرِ، مَغَالِيقَ لِلشَّرِّ، وَإِنَّ مِنَ النَّاسِ مَفَاتِيحَ لِلشَّرِّ مَغَالِيقَ لِلْخَيْرِ، فَطُوبَى لِمَنْ جَعَلَ اللَّهُ مَفَاتِيحَ الْخَيْرِ عَلَى يَدَيْهِ، وَوَيْلٌ لِمَنْ جَعَلَ اللَّهُ مَفَاتِيحَ الشَّرِّ عَلَى يَدَيْهِ» “মানুহৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিসকল কল্যাণৰ চাবিকাঠি আৰু অকল্যাণৰ বাধা বুলি বিবেচিত, আকৌ কিছুমান এনেকুৱাও আছে যিসকল অকল্যাণৰ চাবি আৰু কল্যাণৰ তালা হিচাপে বিবেচিত। সু-সংবাদ সেইসকল লোকৰ বাবে যিসকলৰ হাতক আল্লাহে কল্যাণৰ চাবি বনাইছে, আৰু ধ্বংস সেইসকল লোকৰ বাবে যিসকল অকল্যাণৰ চাবি”[10]

আলিম, পূণ্যবান ব্যক্তি আৰু ইছলামী দা‘ঈসকলৰ অনুসন্ধান কৰি তেওঁলোকৰ সংস্পৰ্শ লাভ কৰা আৰু তেওঁলোকৰ ওচৰত থকা, ঈমান আৰু দ্বীনৰ ওপৰত অটল বা অবিচল থকাৰ বাবে ডাঙৰ সহযোগী হিচাপে প্ৰমাণিত সত্য। ইছলামৰ ইতিহাস সন্ধান কৰিলে দেখা যাব বিভিন্ন সময়ত যেতিয়া বিভিন্ন ধৰণৰ ফিতনা দেখা দিছে তেতিয়া মুছলিমসকলক আল্লাহে কিছুমান ব্যক্তিৰ মাধ্যমত অবিচল ও অটল থকাৰ তাওফীক প্ৰদান কৰিছে।

এই ধৰণৰ ঘটনাসমূহৰ মাজত এটা ঘটনা হ’ল, যিটো আলী ইবনুল মাদীনী ৰাহিমাহুল্লাহে কৈছে, আল্লাহ তা‘আলাই দ্বীনক মুৰতাদসকলৰ ফিতনাৰ সময়ত সত্যবাদী লোকৰ দ্বাৰা বিজয়ী কৰিছে, আৰু নিৰ্যাতনৰ সময়ত আহমাদ বিন হাম্বলৰ দ্বাৰা ৰক্ষা কৰিছে।

অটল বা অবিচল থকাৰ ক্ষেত্ৰত আল্লামা ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে তেওঁৰ শিক্ষক শ্বাইখুল ইছলামৰ ভূমিকা সম্পৰ্কে কি কৈছে সেয়া অলপ ভাৱি চাওকচোন। তেওঁ কৈছে, যেতিয়া আমি কঠিন ভয় অনুভৱ কৰিছিলো আৰু আমাৰ নিজৰ প্ৰতি যেতিয়া বেয়া ধাৰণা হৈছিল আৰু পৃথিৱী আমাৰ বাবে সংকীৰ্ণ হৈ পৰিছিল, তেতিয়া আমি তেখেতৰ ওচৰত আহিছিলো। যেতিয়া আমি তেখেতক দেখা পাইছিলো আৰু তেখেতৰ কথা শুনাৰ লগে লগে আমাৰ সকলো ভয়-ভীতি আৰু আতঙ্ক দূৰ হৈ গৈছিল। আমাৰ অন্তৰ প্ৰশস্ত হৈছিল, আমাৰ পেৰেচানী আৰু দুশ্চিন্তা, বিশ্বাস আৰু প্ৰশান্তিত ৰূপান্তৰিত হৈছিল। আল্লাহ তা‘আলা কিমান যে মহান আৰু পৱিত্ৰ যিয়ে তেওঁৰ বান্দাসকলক তেওঁৰ লগত সাক্ষাতৰ আগতেই কৰ্মক্ষেত্ৰত জান্নাত দেখুৱাই দিছে আৰু তাৰ দুৱাৰসমূহ খুলি দিছে। আল্লাহ তা‘আলাই তেওঁলোকক জান্নাতৰ ৰূহ, শীতল বতাহ আৰু সুগন্ধি দেখুৱাই দিছে। যাৰ ফলত তেওঁলোকে নিজৰ সকলো শক্তি আৰু প্ৰেৰণা সেইটো অৰ্জনৰ উদ্দেশ্যে ব্যয় কৰে আৰু তাৰ পিনে দ্ৰুত অগ্ৰসৰ হোৱাৰ নিমিত্তে শেষ কৰে।

ইয়াতেই অটল বা অবিচল থকাৰ মৌলিক উৎস আৰু উপাদান ‘ইছলামী ভ্ৰাতৃত্ব বোধ’ প্ৰকাশ পায়। আপোনাৰ পূণ্যবান ভাইসকল, আদৰ্শ পুৰুষসকল আৰু আপোনাৰ অভিভাৱকসকল এই পথত আপোনাৰৰ প্ৰকৃত সহযোগী, সহযোদ্ধা আৰু আপোনাৰ বাবে মজবুত খুঁটা; যিটোৰ লগত আপুনি আউচি থিয় দিব আৰু আপোনাৰ বাবে শক্তিশালী দুৰ্গ দৰে, য’ত আপুনি আশ্ৰয় লব। আল্লাহৰ যিবোৰ নিদৰ্শন আৰু প্ৰজ্ঞা বা হিকমত আছে তাৰ দ্বাৰা তেওঁলোকে আপোনাক অটল বা অবিচল থাকিবলৈ সহযোগিতা কৰিব। আপুনি এনেলোকৰ লগতেই থাকক, তেওঁলোকৰ লগতেই বসবাস কৰক। কেতিয়াও অকলশৰীয়া বা বিচ্ছিন্ন নহ’ব। কাৰণ, বাঘে সেইটো ছাগলীকে আক্ৰমণ কৰে যিটো পালৰ পৰা বিচ্ছিন্ন হয়।


এঘাৰ: আল্লাহৰ সহায়ৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰখা আৰু জানি থোৱা যে ভৱিষ্যত ইছলাম আৰু মুছলিমৰ

আল্লাহৰ সহায় অহাত পলম হ’লে, তেতিয়া আমি অটল বা অবিচল থকাৰ বাবে বৰ মুখাপেক্ষী হৈ যাওঁ; যাতে অবিচল থকাৰ পিছত ভৰি পিছল নাখায়। আল্লাহ তা‘আলাই কৈছে,

﴿وَكَأَيِّن مِّن نَّبِيّٖ قَٰتَلَ مَعَهُۥ رِبِّيُّونَ كَثِيرٞ فَمَا وَهَنُواْ لِمَآ أَصَابَهُمۡ فِي سَبِيلِ ٱللَّهِ وَمَا ضَعُفُواْ وَمَا ٱسۡتَكَانُواْۗ وَٱللَّهُ يُحِبُّ ٱلصَّٰبِرِينَ ١٤٦ وَمَا كَانَ قَوۡلَهُمۡ إِلَّآ أَن قَالُواْ رَبَّنَا ٱغۡفِرۡ لَنَا ذُنُوبَنَا وَإِسۡرَافَنَا فِيٓ أَمۡرِنَا وَثَبِّتۡ أَقۡدَامَنَا وَٱنصُرۡنَا عَلَى ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ ١٤٧ فَ‍َٔاتَىٰهُمُ ٱللَّهُ ثَوَابَ ٱلدُّنۡيَا وَحُسۡنَ ثَوَابِ ٱلۡأٓخِرَةِۗ وَٱللَّهُ يُحِبُّ ٱلۡمُحۡسِنِينَ ١٤٨﴾ [ال عمران: ١٤٦،  ١٤٨]   

“আৰু কিমান নবী আছিল, যাৰ লগত থাকি বহুতো মানুহে ৰণ কৰিছে। কিন্তু আল্লাহৰ পথত তেওঁলোক যি বিপদৰ সন্মুখীন হৈছিল তাৰ বাবে তেওঁলোকৰ অন্তৰে হাৰ মনা নাছিল, দুৰ্বলতাও প্ৰকাশ কৰা নাছিল আৰু শিৰো নতো কৰা নাছিল। আৰু আল্লাহে ধৈৰ্যশীলসকলক ভাল পায়। আৰু তেওঁলোকৰ কথা কেৱল এইটো আছিল যে, তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক, আমাৰ পাপ আৰু আমাৰ কৰ্মত আমি যি সীমালঙ্ঘন কৰিছো সেয়া ক্ষমা কৰা আৰু আমাৰ ভৰিসমূহক অবিচল ৰাখা, আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’। এতেকে আল্লাহে তেওঁলোকক পৃথিৱীৰ প্ৰতিদান আৰু আখিৰাতৰ উত্তম ছোৱাব প্ৰদান কৰিলে। আৰু আল্লাহে সৎকৰ্মশীলসকলক ভাল পায়”। [ছুৰা আলে ইমৰান, আয়াত: ১৪৬-১৪৮]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া তেখেতৰ নিৰ্যাতিত আৰু অত্যাচাৰিত ছাহাবীসকলৰ শাস্তি আৰু পৰীক্ষাৰ সময়ত অটল বা অবিচল ৰাখিবলৈ চেষ্টা কৰিছিল তেতিয়া তেখেতে তেওঁলোকক জনাইছিল যে, ভৱিষ্যৎ ইছলাম আৰু মুছলিমৰ বাবে। তেতিয়া তেখেতে কি কৈছিল?

ইমাম বুখাৰীয়ে মাৰফু‘ চনদৰ সৈতে খাব্বাব ৰাদিয়াল্লাহু আনহুৰ হাদীছ বৰ্ণনা কৰিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«وَاللَّهِ لَيُتِمَّنَّ هَذَا الأَمْرَ، حَتَّى يَسِيرَ الرَّاكِبُ مِنْ صَنْعَاءَ إِلَى حَضْرَمَوْتَ، لاَ يَخَافُ إِلَّا اللَّهَ، أَوِ الذِّئْبَ عَلَى غَنَمِهِ،»

“আল্লাহ তা‘আলাৰ শপত, নিশ্চয় তেওঁ এই দ্বীনক পৰিপূৰ্ণ কৰিব। আনকি এজন আৰোহী ছান‘আৰ পৰা হাজাৰামাউত লৈকে নিৰাপদে ভ্ৰমন কৰিব সি আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰিব আৰু ছাগলীৰ ওপৰত বাঘৰ আক্ৰমণৰ বাহিৰে আন কোনো ভয় নাথাকিব” [11]।

এতেকে যিবোৰ হাদীছত সু-সংবাদ আছে যে, ভৱিষ্যৎ ইছলামৰ বাবে। নৱ-প্ৰজন্মৰ সন্মুখত সেয়া দাঙি ধৰক। অবিচল আৰু দৃঢ় থকাৰ তা‘লীম আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত এইবোৰ হাদীছ বৰ গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে।

 

 

 


বাৰ: বাতিলৰ হকীকত সম্পৰ্কে জনা আৰু

ইয়াৰ প্ৰবঞ্চনাত পতিত নোহোৱা

আল্লাহ তা‘আলা কথা,

  ﴿لَا يَغُرَّنَّكَ تَقَلُّبُ ٱلَّذِينَ كَفَرُواْ فِي ٱلۡبِلَٰدِ ١٩٦﴾ [ال عمران: ١٩٦]  

“কাফিৰসকলৰ বিভিন্ন দেশত কৰা দম্ভপূৰ্ণ বিচৰণে তোমাক যেন বিচলিত নকৰে”। [ছুৰা আলে ইমৰান, আয়াত: ১৯৬] – এই আয়াতৰ মাজত মুমিনসকলৰ বাবে আছে সান্ত্বনা আৰু তেওঁলোকৰ বাবে আছে দৃঢ়তা আৰু অবিচলতাৰ বিশেষ পাঠ।

আল্লাহ তা‘আলাই আৰু কৈছে-

﴿فَأَمَّا ٱلزَّبَدُ فَيَذۡهَبُ جُفَآءٗۖ ١٧﴾ [الرعد: ١٧]   

“এতেকে ফেনবোৰ আৱৰ্জনা হিচাপে গুচি যায়”। [ছুৰা আৰ-ৰা‘আদ, আয়াত: ১৭] -ইয়াতো জ্ঞানীসকলৰ বাবে আছে বিশেষ উপদেশ; যাতে সিহঁতে বাতিলক ভয় নকৰে আৰু বাতিলৰ ওচৰত বশ্যতা স্বীকাৰ নকৰে।

কোৰআনৰ পদ্ধতি হ’ল, বাতিলপন্থীসকলক অপমান অপদস্থ কৰা আৰু সিহঁতৰ উদ্দেশ্য আৰু মাধ্যমক গুৰুত্বহীন কৰি দাঙি ধৰা। আল্লাহ তা‘আলাই কৈছে,

﴿وَكَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ وَلِتَسۡتَبِينَ سَبِيلُ ٱلۡمُجۡرِمِينَ ٥٥﴾ [الانعام: ٥٥]   

“আৰু এনেকৈ আমি আয়াতসমূহ বিস্তাৰিত বৰ্ণনা কৰো, যাতে অপৰাধীসকলৰ পথ স্পষ্ট হৈ যায়”। [ছুৰা আল-আন‘আম, আয়াত: ৫৫] যাতে মুছলিমসকলৰ অসতৰ্ক অৱস্থাত তেওঁলোকক বিপদত পেলাব নোৱাৰে আৰু যাতে মুছলিমসকলে বুজিব পাৰে ইছলামৰ ওপৰত বিপদ ক’ৰ পৰা আহে।

সেই কাৰণেই এনেকুৱা বহুতো আন্দোলন বা সংগঠন দেখিছো আৰু শুনিছো যিবোৰ নিঃশেষ হৈ গৈছে, এনেকুৱা বহু দা‘ঈ দেখিছো আৰু শুনিছো যিসকলৰ পদস্খলন হৈছে, শত্ৰুসকলৰ বিষয়ে তেওঁলোকৰ সম্মক ধাৰণা আৰু জ্ঞান নথকাৰ বাবে; যেতিয়া তেওঁলোকৰ সন্মুখত এনেকুৱা ভয়াৱহ পৰিস্থিতি আহিছে যিটো তেওঁলোকে ধাৰণা কৰিব পৰা নাই তেতিয়া তেওঁলোকে অটল বা অবিচল থাকিব পৰা নাই।  

 

 

 

 

 

 

 

 

তেৰ: অটল বা অবিচল থাকিবলৈ সহযোগী হোৱা এনেকুৱা আখলাক বা চাৰিত্ৰিক গুণাৱলীক নিজৰ জীৱনত একত্ৰিত কৰা

এইসমূহ গুণৰ মাজত প্ৰধান গুণ হ’ল, ধৈৰ্য। ছহীহ বুখাৰী আৰু মুছলিমত বৰ্ণিত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

« وَمَا أُعْطِيَ أَحَدٌ عَطَاءً خَيْرًا وَأَوْسَعَ مِنَ الصَّبْرِ»

“আল্লাহ তা‘আলাই ধৈৰ্যতকৈ ইমান উত্তম আৰু প্ৰশস্ত বস্তু আন কাকো প্ৰদান কৰা নাই” [12]

আৰু আটাইতকৈ কঠিন ধৈৰ্য হৈছে বিপদৰ প্ৰথম অৱস্থাত ধৈৰ্য ধাৰণ কৰা। যেতিয়া কোনো ব্যক্তি এনেকুৱা অনাকাঙ্ক্ষিত কোনো বিপদত আক্ৰান্ত হয়, যিটোৰ আশা সি কৰা নাছিল, তেতিয়া তাৰ মাজত হতাশাই দেখা দিয়ে আৰু তাৰ মাজত ধৈৰ্য লোপ পায় তেতিয়া সি অধৈৰ্য হৈ অটল বা অবিচল থকাৰ সাহসিকতা হেৰাই পেলায়।

আল্লামা ইবনুল জাওযী ৰাহিমাহুল্লাহে কি কৈছে সেয়া এবাৰ ভাৱি চাওঁকচোন, মই এজন বৃদ্ধ লোকক দেখিছো, যাৰ বয়স প্ৰায় ৮০ হ’ব, তেওঁ সদায় জামা‘আতত ছালাত আদায় কৰিছিল। এবাৰ তাৰ এজন নাতিয়েকৰ মৃত্যু হয়, ফলত সি ক’লে, কাৰো বাবেই দুআ কৰা উচিৎ নহয়  কাৰণ, দুআ কবুল নহয়। তাৰ পিছত তেওঁ ক’লে, আল্লাহ তা‘আলাই মোৰ লগত শত্ৰুতা কৰে তেওঁ মোৰ কোনো সন্তান মোৰ বাবে নাৰাখিলে।[13] (এনেকৈ সেই ব্যক্তি বিপদত অটল থাকিব নোৱাৰিলে, কাৰণ বিপদৰ প্ৰথম অৱস্থাত সি ধৈৰ্য ধাৰণ কৰিব পৰা নাই।) আল্লাহ তা‘আলা এই ব্যক্তিৰ কথাৰ পৰা বহু উৰ্ধ্বত।

*-মুছলিমসকল যেতিয়া ওহুদৰ যুদ্ধত এনে এটা অনাকাঙ্খিত বিপদত আক্ৰান্ত হ’ল যিটো তেওঁলোকৰ প্ৰত্যাশা নাছিল, কাৰণ আল্লাহ তা‘আলাই তেওঁলোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল- কিন্তু তেতিয়াই আল্লাহ তা‘আলাই তেওঁলোকৰ কিছুমানৰ তেজ প্ৰবাহিত কৰি আৰু কিছুমানক শ্বাহাদত প্ৰদান কৰি এটা কঠিন শিক্ষা দিয়ে। আল্লাহ তা‘আলাই কৈছে,

﴿أَوَلَمَّآ أَصَٰبَتۡكُم مُّصِيبَةٞ قَدۡ أَصَبۡتُم مِّثۡلَيۡهَا قُلۡتُمۡ أَنَّىٰ هَٰذَاۖ قُلۡ هُوَ مِنۡ عِندِ أَنفُسِكُمۡۗ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ١٦٥﴾ [ال عمران: ١٦٥]  

“আৰু যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিলে (ওহুদৰ যুদ্ধত), (অথচ) তোমালোকে ইয়াৰ দ্বিগুণ বিপদ ঘটাইছিলা (বদৰৰ যুদ্ধত) তোমালোকে ক’ব ধৰিলা, এইটো ক’ৰ পৰা আহিল? কোৱা, ‘এইটো তোমালোকৰ নিজৰ পৰাই আহিছে’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান”। [ছুৰা আলে ইমৰান, আয়াত: ১৬৫]

তেওঁলোকৰ নিজৰ পৰাই কি আছিল সেই কথাষাৰ আল্লাহ তাআলাই কৈ দিছে যে, তোমালোকৰ ভৰি পিছল খাইছিল তোমালোক সদৃঢ় অবিচল নাছিলা, ৰাছুলৰ নিৰ্দেশৰ বিষয়ে তোমালোকে বিবাদ কৰিছিলা আৰু তেওঁৰ আদেশ অমান্য কৰিছিলা যেতিয়া তোমালোকে গনীমতৰ সম্পদ দেখিবলৈ পাইছিলা, যিটো তোমালোকে পছন্দ কৰা। সঁচাই তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদ বিচাৰে।

 


চৌদ্ধ: পূণ্যবান লোকসকলৰ উপদেশ

যেতিয়া কোনো মুছলিম ফিতনা বা বিপদৰ সন্মুখীন হয় আৰু আল্লাহ তা‘আলাই তাক পৱিত্ৰ কৰাৰ উদ্দেশ্যে পৰীক্ষা কৰে, তেতিয়া অবিচল থকাৰ মাধ্যম হিচাপে আল্লাহ তাআলাই তাৰ পিছত এনেকুৱা এজন নেক লোকক লগাই দিয়ে, তেওঁ তাক ভাল উপদেশ দিয়ে, সৎ বুদ্ধি দিয়ে আৰু সৎসাহস দিয়ে; যাতে সি অবিচল থাকিব পাৰে। তেতিয়া এনেকুৱা কিছুমান কথা তাৰ পৰা প্ৰকাশ পায় যিটো তাৰ উপকাৰত আহে আৰু কামত লাগে আৰু তাৰ ভুলত্ৰুটি সংশোধন কৰি দিয়ে। এই কথাবোৰ আল্লাহৰ যিকিৰ - স্মৰণ আৰু তেওঁৰ সাক্ষাত লগতে তেওঁৰ জান্নাত আৰু জাহান্নামৰ আলোচনাত ভৰপুৰ পোৱা যায়।

হে মোৰ মুছলিম ভাই! এই ধৰণৰ দৃষ্টান্ত ইমাম আহমদৰ জীৱনীত অসংখ্য। তেওঁ এই বাবে পৰীক্ষাগাৰত প্ৰৱেশ কৰিছিল যাতে খাঁটি সোণ হৈ ওলাব পাৰে।

যেতিয়া তেওঁক হাতত শিকলী লগাই মামুনৰ ওচৰত লৈ যোৱা হ’ল, মামুনৰ ওচৰত লৈ যোৱাৰ আগত তেওঁক বৰ ভয় দেখুৱা হৈছিল আনকি ইমাম আহমদৰ এজন খাদিমে তেওঁক ক’লে, হে আবু আব্দুল্লাহ মোৰ ভয় লাগি আছে, মামুনে এটি তৰোৱাল কোষমুক্ত কৰিছে যিটো ইয়াৰ আগত কেতিয়াও কৰা নাছিল আৰু সি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আত্মীয়তাৰ শপত কৰিছে, যদি আপুনি কোৰআনক মাখলুক বুলি স্বীকাৰ নকৰে, তেন্তে সি অৱশ্যই এই তৰোৱালৰ দ্বাৰা আপোনাক হত্যা কৰিব [14]

বিচক্ষণতাৰ অধিকাৰী জ্ঞানীসকলে ইমাম আহমদক অটল বা অবিচল থকাৰ কথা কোৱাৰ বাবে তেওঁৰ লগত সাক্ষাত কৰিবলৈ সুযোগ বিচাৰি উঠি পৰি লাগিছিল। ইমাম আয-যাহাবীৰ ছীৰাত গ্ৰন্থত[15] আবু জা‘ফৰ আল-আনবাৰীৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ইমাম আহমদ ৰাহিমাহুল্লাহক যেতিয়া মামুনৰ ওচৰত লৈ অহা হ’ল, খবৰ পাই মই ফুৰাত নদী অতিক্ৰম কৰি তেওঁৰ ওচৰত গ’লো। মই দেখিবলৈ পালো তেওঁ চোতালত বহি আছে। মই তেওঁক ছালাম দিলো। তেতিয়া তেওঁ ক’লে, হে আবু জা‘ফৰ তুমি বহু কষ্ট কৰিলা। মই ক’লো, হে ইমাম! আপুনি বৰ্তমান সময়ৰ এটা মূৰস্বৰূপ, মানুহে আপোনাৰ কথাৰ অনুকৰণ কৰে। আল্লাহৰ শপত যদি আপুনি কোৰআনক মাখলুক হোৱাৰ কথা স্বীকাৰ কৰে তেন্তে বহু মানুহে এই কথা স্বীকাৰ কৰিব। আৰু যদি আপুনি এই কথা স্বীকাৰ নকৰে তেন্তে বহু মানুহ বিৰত থাকিব। লগতে আপুনি এই কথাও মনত ৰাখিব, যদি এই ব্যক্তিয়ে আপোনাক হত্যা নকৰে তথাপিও আপুনি মৰিব লাগিব, আপুনি নিশ্চয় মৃত্যুবৰণ কৰিব। আপুনি আল্লাহক ভয় কৰক, আপুনি এই কথা কেতিয়াও স্বীকাৰ নকৰিব। তেওঁৰ কথা শুনি আহমদ ৰাহিমাহুল্লাহ কান্দিবলৈ ধৰিলে আৰু ক’লে, মা শ্বা আল্লাহ। তাৰ পিছত তেওঁ ক’লে, হে আবু জা‘ফৰ তুমি আকৌ কোৱা.. মই আকৌ ক’লো, তেওঁ ক’লে, মা শ্বা আল্লাহ...

ইমাম আহমদ ৰাহিমাহুল্লাহে মামুনৰ ওচৰলৈ যোৱাৰ পথৰ বৰ্ণনা প্ৰসংগত কৈছে, “আমি মাজ ৰাতি এটা পথাৰত আহি পালো। তেতিয়া এজন ব্যক্তি সন্মুখত আহি ক’লে, তোমালোকৰ মাজত আহমদ বিন হান্বল কোন?

তেওঁক দেখুৱাই দিয়া হ’ল, তেতিয়া সেই ব্যক্তিজনে ক’লে, তোমালোকে আগবাঢ়ি যোৱা, তাৰ পিছত ক’লে, হে আহমদ, তোমাক যদি তাত লৈ যোৱাৰ পিছত হত্যা কৰা হয় আৰু তুমি জান্নাতত প্ৰৱেশ কৰা তেনেহ’লে তোমাৰ একোৱেই ক্ষতি নহ’ব। তাৰ পিছত ক’লে, মই তোমাক আল্লাহ তা‘আলাৰ ওচৰত আমানত হিচাপে ৰাখি গ’লো, এই কথা কৈ সেই ব্যক্তিজন গুচি গ’ল।

মই সেই ব্যক্তি সম্পৰ্কে সুধিলো, তেতিয়া মোক কোৱা হ’ল, ব্যক্তিজন আৰবৰ ৰাবী‘আ গোত্ৰৰ, এওঁ গাওঁত ঊনৰ কাম কৰে। এওঁৰ নাম জাবিৰ ইবনে আমিৰ। এওঁ এজন সু-খ্যাতি সম্পন্ন ব্যক্তি।[16]

আল-বিদায়া অন-নিহায়াত এটা ঘটনা বৰ্ণিত, এজন গাওঁলীয়া ব্যক্তিয়ে ইমাম আহমদ ইবনে হাম্বলক ক’লে, হে ইমাম! আপুনি মানুহৰ দলনেতা, সেয়ে আপুনি সিহঁতৰ ওপৰত বোজা নহ’ব। আপুনি এতিয়া সিহঁতৰ নেতা, এতেকে আপোনাক যি দিশত বাধ্য কৰা হৈছে সেইটো স্বীকাৰ কৰাৰ পৰা সতৰ্ক থাকক। যদি আপুনি স্বীকাৰ কৰে তেন্তে সিহঁতেও স্বীকাৰ কৰিব। ফলত কিয়ামতৰ দিনা আপুনি সিহঁতৰ গুণাহৰ বোজা বহন কৰিবলৈ বাধ্য হ’ব লাগিব। যদি আপুনি আল্লাহক মুহাব্বত কৰে, তেন্তে আপুনি ধৈৰ্য ধাৰণ কৰক। আপোনাৰ মাজত আৰু আপোনাৰ জান্নাতত প্ৰৱেশ কৰাৰ মাজত একমাত্ৰ বাধা হৈছে আপোনাক হত্যা কৰা।

ইমাম আহমদে কৈছে, মই য’ত অৱস্থান কৰিছিলো তাৰ ওপৰত অটল বা অবিচল থকা আৰু মোক যি কথা স্বীকাৰ কৰিবলৈ বাধ্য কৰা হৈছে তাৰ পৰা বিৰত থকাৰ বিষয়ে ব্যক্তিজনৰ কথাই মোৰ দৃঢ়তা আৰু সাহস আৰু বহুগুণে বৃদ্ধি কৰি দিলে।[17]

আন এটা বৰ্ণনাত বৰ্ণিত হৈছে, ইমাম আহমদ ৰাহিমাহুল্লাহে কৈছে, এই বিষয়ে গাওঁলীয়া ব্যক্তিজনৰ কথাতকৈ শক্তিশালী কথা মই আৰু শুনা নাই। তেওঁ মোক ফুৰাত নদীৰ পাৰত বাগদাদ আৰু ৰিক্কাতৰ মাজত তুক নামক এটা চহৰৰ পথাৰত এই কথাষাৰ কৈছে, তেওঁ কৈছে, “হে আহমদ! যদি তোমাক সিহঁতে হত্যা কৰে তেনেহ’লে তুমি শ্বহীদ হৈ মৰিবা, আৰু যদি হত্যা নকৰে আৰু তুমি বাচি যোৱা, তেনেহ’লে তুমি সু-খ্যাতি লৈ বাচি থাকিবা”। তেওঁৰ এই কথা শুনি মোৰ অন্তৰত সাহস আৰু শক্তি আৰু বৃদ্ধি পালে।[18]

ইমাম আহমদে তেওঁৰ যুৱক সঙ্গী মুহাম্মদ ইবনে নূহ যিজন তেওঁৰ লগতেই ফিতনা বা পৰীক্ষাৰ মুখামুখী হৈছিল, তাৰ বিষয়ে কৈছে, কম বয়স আৰু ইল্ম কম হোৱা সত্বেও আল্লাহৰ নিৰ্দেশৰ প্ৰতি অটল, অবিচল আৰু দৃঢ় তাতকৈ অধিক আন কাকো দেখা নাই। মোৰ বিশ্বাস তাৰ শেষ পৰিণতি ভালেই হ’ব। এদিনাখন সি মোক ক’লে, “হে আবু আব্দুল্লাহ! আল্লাহৰ শপত, আল্লাহৰ শপত! আপুনি মোৰ দৰে নহয়, আপুনি এজন অনুকৰণীয় ব্যক্তি, আপোনাৰ অনুকৰণ কৰা হয়। আপোনাৰ স্বীকাৰুক্তিৰ প্ৰতীক্ষাত মানুহে ডিঙি পাতি ৰৈ আছে, এতেকে আপুনি আল্লাহক ভয় কৰক, আল্লাহৰ আদেশৰ ওপৰত অটল, অবিচল আৰু দৃঢ় থাকক। তাৰ পিছত সি মৃত্যুবৰণ কৰে আৰু মই তাৰ জানাযা পঢ়ি তাক দাফন কৰো [19]

জেলখানাত হাত-ভৰিত শিকলী লগা অৱস্থাত বন্দী ইমাম আহমদ ৰাহিমাহুল্লাহে যিসকলৰ ছালাতৰ ইমামতি কৰিছিল, সিহঁতেও তেওঁৰ ঈমানৰ ওপৰত অটল বা অবিচলতাৰ ক্ষেত্ৰত বিৰাট ভূমিকা পালন কৰিছে। এবাৰ ইমাম আহমদ ৰাহিমাহুল্লাহ বন্দীশালাত থকা অৱস্থাত কৈছে, মই বন্দী থকাক গুৰুত্ব নিদিওঁ। বন্দীশালা আৰু মোৰ ঘৰ উভয়ৰ মাজত কোনো পাৰ্থক্য নাই আৰু তৰোৱালৰ দ্বাৰা হত্যাক মই ভয় নকৰো। কিন্তু মই কেৱল লাঠিৰ ফিতনাক ভয় পাওঁ।

জেলখানাত অৱস্থানকাৰী কিছুমানে তেওঁৰ কথা শুনি ক’লে, “হে আবু আব্দুল্লাহ কোনো অসুবিধা নাই। সেয়াতো কেৱল দুটা লাঠি। তাৰ পিছত তুমি জানিবই নোৱাৰিবা বাকীসমূহ ক’ত পৰিছে। এই কথা শুনি ইমাম আহমদৰ এনে লাগিল যেন, বিপদ পাৰ হৈছে।[20]

হে মোৰ প্ৰিয় ভাই! পূণ্যবান লোকসকলৰ পৰা উপদেশ আৰু পৰাৰ্মশ গ্ৰহণ কৰাৰ প্ৰতি যত্নবান হওঁক। যেতিয়া আপোনাক কোনোবাই উপদেশ দিয়ে তেতিয়া আপুনি সেয়া বুজিবলৈ চেষ্টা কৰক।

-ভ্ৰমণৰ আগতেই আপুনি এনেকুৱা উপদেশ দিয়া ব্যক্তি সন্ধান কৰি উলিৱাওঁক যদি আপুনি আশংকা কৰে যে, সেই ভ্ৰমণত আপুনি কোনো বিপদত পৰিব।

-পৰীক্ষা বা বিপদ-আপদত তেওঁৰ পৰামৰ্শ লওঁক অথবা বিপদ-আপদত পতিত হোৱাৰ আগতেই আপুনি তেওঁক বিচাৰি উলিৱাওঁক।

-আপুনি এনেকুৱা এজন পৰামৰ্শ দিয়া ব্যক্তি বিচাৰি উলিৱাওঁক উপদেশ গ্ৰহণ কৰাৰ বাবে, যেতিয়া আপোনাক কোনো ডাঙৰ পদ গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিয়া হয় অথবা ধন-সম্পদৰ মালিক বা উত্তৰসূৰী কৰা হয়।

আপুনি নিজে নিজৰ আত্মাক দৃঢ় ৰাখক আৰু আনকো দৃঢ়, অটল বা অবিচল থাকিবলৈ সহায় কৰক। আল্লাহ তা‘আলা নিশ্চয় মুমিনসকলৰ অভিভাৱক।

 


পোন্ধৰ: জান্নাতৰ নি‘আমতসমূহ, জাহান্নামৰ শাস্তি

আৰু মৃত্যুৰ স্মৰণ কৰা

জান্নাত হৈছে, আনন্দৰ চহৰ, শান্তিৰ প্ৰাণকেন্দ্ৰ আৰু মুমিনসকলৰ অৱস্থানস্থল। সচৰাচৰ মানুহ আৰাম প্ৰিয় হয়। মানুহক আৰাম প্ৰিয় হিচাপে সৃষ্টি কৰা হৈছে। সিহঁতে কোনো ত্যাগ স্বীকাৰ, কষ্ট কৰা আৰু ধৈৰ্য ধাৰণ কৰিবলৈ নিবিচাৰে। কিন্তু যদি ইয়াৰ বিনিময়ত মহা মূল্যবান কিবা পোৱা যায়, যিটো তাৰ কষ্টক সহজ কৰি দিয়ে, তেতিয়া সি সেইটো লাভ কৰাৰ বাবে কষ্ট আৰু পৰিশ্ৰম কৰে, বাটত থকা সকলো ধৰণৰ বাধা অতিক্ৰম কৰে আৰু সেইটো লাভ কৰাৰ বাবে কষ্ট স্বীকাৰ কৰে।

যিয়ে কৰ্মৰ বিনিময় আৰু লাভ জানে, তাৰ বাবে সেই কাম কৰা অতি সহজ হয়। তেতিয়া সি সন্মুখৰ পিনে আগবাঢ়ি যায় আৰু জানে যে, যদি সি কষ্ট নকৰে আৰু দৃঢ় নাথাকে তেন্তে তাৰ পৰা এনেকুৱা জান্নাত হেৰাই যাব, যাৰ পৰিধি আকাশ আৰু পৃথিৱীৰ পৰিধিৰ সমান। তাৰ পিছত মানৱাত্মা এনে বস্তুৰ প্ৰতি মুখাপেক্ষী থাকে যিটো তাক পৃথিৱীৰ মাটিৰ পৰা উন্নতি প্ৰদান কৰি উৰ্ধ্ব জগতৰ ফালে টানি লৈ যাব।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ছাহাবীসকলক অটল বা অবিচল ৰাখিবলৈ জান্নাতৰ আলোচনা দাঙি ধৰিছিল। হাছান ছহীহ হাদীছত বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আম্মাৰ, উম্মে আম্মাৰ আৰু ইয়াছিৰ ৰাদিয়াল্লাহু আনহুমৰ ওচৰেদি গৈ আছিল। আল্লাহৰ প্ৰতি ঈমান পোষণৰ কাৰণে তেতিয়া তেওঁলোকক শাস্তি প্ৰদান কৰা হৈছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক’লে,

«صَبْرًا يَا آلَ يَاسِرٍ، صَبْرًا يَا آلَ يَاسِرٍ فَإِنَّ مَوْعِدَكُمُ الْجَنَّةُ»

“হে ইয়াছিৰৰ পৰিয়াল, তোমালোকে ধৈৰ্য ধাৰণ কৰা, হে ইয়াছিৰৰ পৰিয়াল তোমালোকে ধৈৰ্য ধাৰণ কৰা, তোমালোকৰ বাবে আছে জান্নাতৰ প্ৰতিশ্ৰুতি”।[21] এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আনছাৰসকলক কৈছিল,

 «إِنَّكُمْ سَتَلْقَوْنَ بَعْدِي أَثَرَةً، فَاصْبِرُوا حَتَّى تَلْقَوْنِي وَمَوْعِدُكُمُ الحَوْضُ»

“তোমালোকে মোৰ পিছত নিশ্চয় প্ৰাচুৰ্য আৰু ধন-সম্পদ বণ্টনৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত আনক প্ৰাধান্য দিয়া দেখিবলৈ পাবা। মোৰ লগত হাউজে কাউছাৰত দেখা নকৰা লৈকে তোমালোকে ধৈৰ্য ধাৰণ কৰা।”[22]  এইদৰে কবৰ, হাশ্বৰ, হিচাপ, মিযান, ছিৰাত (পুলছিৰাত) সহ আখিৰাতৰ প্ৰতিটো ঘাটিত উভয় দলৰ অৱস্থা সম্পৰ্কে চিন্তা কৰাৰ মাধ্যমেও এই দৃঢ়তা আৰু অবিচলতা আহিব পাৰে।

যেনেকৈ মৃত্যুৰ স্মৰণ এজন মুছলিমক অধঃপতনৰ পৰা ৰক্ষা কৰে, আৰু ই তাক আল্লাহৰ নিৰ্দেশাৱলীৰ ওচৰত থিয় হ’বলৈ সহায় কৰে, ফলত সি সীমা লঙ্ঘন নকৰে। কাৰণ, সি যেতিয়া জানিবলৈ পায় যে, মৃত্যু তাৰ জুতাৰ ফিতাতকৈও অতি ওচৰত, অলপ সময় পিছতেই তাৰ সময় আহি যাব, তেতিয়া তাৰ বাবে পদস্খলন আৰু গোমৰাহীৰ মাজত সময় নষ্ট কৰা কেনেকৈ সম্ভৱ হ’ব। এই বাবেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

 «أَكْثَرُوا ذِكْرَ هَادِمِ اللَّذَّاتِ الْمَوْتِ»

“তোমালোকে উপভোগ নিষ্ক্ৰিয়কাৰী মৃত্যুৰ স্মৰণ বেছি বেছিকে কৰা”[23]।


অবিচল থকাৰ স্থানসমূহ

অবিচল থকাৰ স্থান বহুত; ইয়াৰ আলোচনা বহু দীৰ্ঘ আৰু বিস্তৃত কৰাৰ প্ৰয়োজন। কিন্তু আমি ইয়াত সংক্ষিপ্তভাৱে কিছুমানৰ আলোচনা কৰি আমাৰ আলোচনাক সীমাবদ্ধ ৰাখিম:

প্ৰথম: ফিতনাৰ স্থানত অটল বা অবিচল থকা

যিবোৰ কাৰণে অন্তৰসমূহ আক্ৰান্ত হয় তাৰ অন্যতম কাৰণ হৈছে ফিতনা। যেতিয়া মানৱাত্মা বিপদ-আপদ বা সুখ-দুখৰ পৰীক্ষাৰ সন্মুখীন হয় তেতিয়া তাৰ ওপৰত কেৱল যিসকল বিচক্ষণ আৰু অভিজ্ঞ, যিসকলৰ অন্তৰ ঈমানৰ দ্বাৰা আবৃত, তেওঁলোকেই অটল বা অবিচল থাকিব পাৰে।

ফিতনাৰ প্ৰকাৰসমূহ

-সম্পদৰ ফিতনা

আল্লাহ তা‘আলাই কৈছে,

﴿وَمِنۡهُم مَّنۡ عَٰهَدَ ٱللَّهَ لَئِنۡ ءَاتَىٰنَا مِن فَضۡلِهِۦ لَنَصَّدَّقَنَّ وَلَنَكُونَنَّ مِنَ ٱلصَّٰلِحِينَ ٧٥ فَلَمَّآ ءَاتَىٰهُم مِّن فَضۡلِهِۦ بَخِلُواْ بِهِۦ وَتَوَلَّواْ وَّهُم مُّعۡرِضُونَ ٧٦ ﴾ [التوبة: ٧٥،  ٧٦]

“আৰু সিহঁতৰ মাজত কিছুমানে আল্লাহৰ লগত অঙ্গীকাৰ কৰে যে, যদি আল্লাহে তেওঁৰ নিজ অনুগ্ৰহৰ পৰা আমাক প্ৰদান কৰে, আমি নিশ্চয় দান-খয়ৰাত কৰিম আৰু নিশ্চয় আমি পূণ্যবান লোকৰ অন্তৰ্ভূক্ত হম। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক তেওঁৰ অনুগ্ৰহৰ পৰা প্ৰদান কৰিলে, তেতিয়া সিহঁতে তাত কৃপণতা কৰিবলৈ ধৰিলে আৰু বিমুখ হৈ উভতি গ’ল”। [ছুৰা আত-তাওবাহ, আয়াত: ৭৫-৭৬]

-ইজ্জত বা সন্মানৰ ফিতনা

আল্লাহ তা‘আলাই কৈছে,

﴿وَٱصۡبِرۡ نَفۡسَكَ مَعَ ٱلَّذِينَ يَدۡعُونَ رَبَّهُم بِٱلۡغَدَوٰةِ وَٱلۡعَشِيِّ يُرِيدُونَ وَجۡهَهُۥۖ وَلَا تَعۡدُ عَيۡنَاكَ عَنۡهُمۡ تُرِيدُ زِينَةَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَا تُطِعۡ مَنۡ أَغۡفَلۡنَا قَلۡبَهُۥ عَن ذِكۡرِنَا وَٱتَّبَعَ هَوَىٰهُ وَكَانَ أَمۡرُهُۥ فُرُطٗا ٢٨﴾ [الكهف: ٢٨]   

“আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখা সিহঁতৰ লগত, যিসকলে পুৱা-সন্ধ্যিয়া সিহঁতৰ প্ৰতিপালকক আহ্বান কৰে তেওঁৰ সন্তুষ্টিৰ উদ্দেশে, আৰু তুমি পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি উভতাই নল’বা। আৰু তুমি সেই ব্যক্তিৰ আনুগত্য নকৰিবা, যাৰ অন্তৰক আমি আমাৰ যিকিৰৰ পৰা অমনোযোগী কৰি দিছো আৰু যিয়ে তাৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে”। [ছুৰা আল-কাহাফ, আয়াত: ২৮]

উল্লেখিত ফিতনা দুটাৰ ক্ষতি আৰু ভয়াৱহতা সম্পৰ্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

 «مَا ذِئْبَانِ جَائِعَانِ أُرْسِلَا فِي غَنَمٍ أَفْسَدَ لَهَا مِنْ حِرْصِ الْمَرْءِ عَلَى الْمَالِ، وَالشَّرَفِ لِدِينِهِ»

“ভোকাতুৰ দুটা বাঘ ছাগলীৰ পালত এৰি দিলে সেয়া ছাগলীৰ বাবে কিমানখিনি ক্ষতিকৰ আৰু ভয়াৱহ, এজন মানুহৰ দ্বীনৰ বাবে ধন-সম্পদ আৰু পদৰ লোভ তাতকৈও অধিক ক্ষতিকৰ আৰু ভয়াৱহ।”[24]

- স্ত্ৰীৰ ফিতনা: আল্লাহ তা‘আলাই কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِنَّ مِنۡ أَزۡوَٰجِكُمۡ وَأَوۡلَٰدِكُمۡ عَدُوّٗا لَّكُمۡ فَٱحۡذَرُوهُمۡۚ ١٤﴾ [التغابن : ١٤]   

“হে মুমিনসকল! তোমালোকৰ স্বামী/স্ত্ৰী আৰু সন্তান-সন্ততিসকলৰ কিছুমান তোমালোকৰ শত্ৰু”।[25] এতেকে, তোমালোকে সিহঁতৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰা”। [ছুৰা আত-তাগাবুন, আয়াত: ১৪]

- সন্তানৰ ফিতনা: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«الولد مجبنة مبخلة محزنة»

“সন্তান ভীৰু হোৱা, কৃপণ হোৱা লগতে দুশ্চিন্তাৰ কাৰণ হয়” [26]

- যুলুম, অত্যাচাৰ আৰু নিৰ্যাতনৰ পৰীক্ষা: ইয়াৰ আটাইতকৈ উত্তম আৰু উৎকৃষ্ট দৃষ্টান্ত হৈছে আছহাবে উখদূদ সম্পৰ্কে আল্লাহৰ বাণী— আল্লাহ তা‘আলাই কৈছে,

﴿قُتِلَ أَصۡحَٰبُ ٱلۡأُخۡدُودِ ٤ ٱلنَّارِ ذَاتِ ٱلۡوَقُودِ ٥ إِذۡ هُمۡ عَلَيۡهَا قُعُودٞ ٦ وَهُمۡ عَلَىٰ مَا يَفۡعَلُونَ بِٱلۡمُؤۡمِنِينَ شُهُودٞ ٧ وَمَا نَقَمُواْ مِنۡهُمۡ إِلَّآ أَن يُؤۡمِنُواْ بِٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ ٨ ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ ٩﴾ [البروج: ٤،  ٩]   

“অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল, য’ত আছিল ইন্ধনপূৰ্ণ জুই। যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল; আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল। আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত, যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।”। [ছুৰা আল-বুৰূজ, আয়াত: ৪-৯]

ইমাম বুখাৰী ৰাহিমাহুল্লাহে ছহীহ বুখাৰীত খাব্বাব ৰাদিয়াল্লাহু আনহুৰ পৰা হাদীছ বৰ্ণনা কৰিছে, তেওঁ কৈছে,

«شَكَوْنَا إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَهُوَ مُتَوَسِّدٌ بُرْدَةً لَهُ فِي ظِلِّ الكَعْبَةِ، قُلْنَا لَهُ: أَلاَ تَسْتَنْصِرُ لَنَا، أَلاَ تَدْعُو اللَّهَ لَنَا؟ قَالَ: «كَانَ الرَّجُلُ فِيمَنْ قَبْلَكُمْ يُحْفَرُ لَهُ فِي الأَرْضِ، فَيُجْعَلُ فِيهِ، فَيُجَاءُ بِالْمِنْشَارِ فَيُوضَعُ عَلَى رَأْسِهِ فَيُشَقُّ بِاثْنَتَيْنِ، وَمَا يَصُدُّهُ ذَلِكَ عَنْ دِينِهِ، وَيُمْشَطُ بِأَمْشَاطِ الحَدِيدِ مَا دُونَ لَحْمِهِ مِنْ عَظْمٍ أَوْ عَصَبٍ، وَمَا يَصُدُّهُ ذَلِكَ عَنْ دِينِهِ، وَاللَّهِ لَيُتِمَّنَّ هَذَا الأَمْرَ، حَتَّى يَسِيرَ الرَّاكِبُ مِنْ صَنْعَاءَ إِلَى حَضْرَمَوْتَ، لاَ يَخَافُ إِلَّا اللَّهَ، أَوِ الذِّئْبَ عَلَى غَنَمِهِ، وَلَكِنَّكُمْ تَسْتَعْجِلُونَ»

“এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কা‘বা ঘৰৰ ছাঁত নিজ চাদৰখনক গাৰু বনাই শুই আছিল, সেই সময়ত আমি তেওঁৰ ওচৰত অভিযোগ লৈ গ’লো আৰু তেওঁক ক’লো, আমাৰ বাবে সহায় প্ৰাৰ্থনা নকৰিবনে, আমাৰ বাবে আল্লাহৰ ওচৰত দুআ নকৰিবনে? তেখেতে ক’লে, তোমালোকৰ পূৰ্বৰ লোকসকলৰ অৱস্থা এনেকুৱা আছিল যে, এজন ব্যক্তিক ধৰি আনা হৈছিল আৰু তাৰ বাবে মাটিত গাঁত খান্দি তাক তাত নিক্ষেপ কৰা হৈছিল। তাৰ পিছত এটা কৰত আনি তাৰ মূৰত ৰাখি তল পিনে টানি তাক দুই টুকুৰা কৰা হৈছিল। ইমান নিৰ্যাতনৰ পিছতো ব্যক্তিজনক দ্বীনৰ পৰা চুলি পৰিমাণ বিচ্যুত কৰিব পৰা নাছিল। লোৰ ফেনিৰে তেওঁলোকৰ হাড় আৰু শিৰাৰ পৰা মাংস পৃথক কৰা হৈছিল। ইমান নিৰ্যাতনৰ পিছতো ব্যক্তিজনক দ্বীনৰ পৰা চুলি পৰিমাণ বিচ্যুত কৰিব পৰা নাছিল। আল্লাহ তা‘আলাৰ শপত, নিশ্চয় তেওঁ এই দ্বীনক পৰিপূৰ্ণ কৰিব। আনকি এজন আৰোহী ছান‘আৰ পৰা হাজাৰামাউত লৈকে নিৰাপদে ভ্ৰমণ কৰিব সি আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰিব আৰু ছাগলীৰ ওপৰত বাঘৰ আক্ৰমণৰ বাহিৰে আন কোনো ভয় নাথাকিব। কিন্তু তোমালোকে সোনকালেই বিচাৰি আছা” [27]

- দাজ্জালৰ ফিতনা:

এইটো পৃথিৱীৰ জীৱনত আটাইতকৈ ডাঙৰ ফিতনা,

«يَا أيُّهَا النَّاسُ إِنَّهُ لَمْ تَكُنْ فِتْنَةٌ عَلى وَجْهِ الْأَرْضِ، مُنْذُ ذَرَأَ اللَّهُ ذُرِّيَّةَ آدَمَ، أَعْظَمَ مِنْ فِتْنَةِ الدَّجَّالِ، ... يَا عِبَادَ اللَّهِ, أيُّهَا النَّاسُ: فَاثْبُتُوا، فَإِنِّي سَأَصِفُهُ لَكُمْ صِفَةً لَمْ يَصِفْهَا إِيَّاهُ نَبِيٌّ قَبْلِي... »

“হে মানৱ সম্প্ৰদায়! আদম সন্তানৰ সৃষ্টিৰ পিছৰ পৰা অন্ত লৈকে দাজ্জালৰ ফিতনাতকৈ আন কোনো ডাঙৰ ফিতনা ভূ-পৃষ্ঠত দেখা নিদিয়ে...। হে আল্লাহৰ বান্দাসকল, মানৱ সম্প্ৰদায়! তোমালোকে দাজ্জালৰ ফিতনাৰ সময়ত অটল বা অবিচল থাকা। মই তোমালোকৰ ওচৰত দাজ্জালৰ পৰিচয় এনেকৈ বৰ্ণনা কৰিম ইয়াৰ পূৰ্বে কোনো নবীয়েই এনেকৈ স্পষ্টভাৱে দাজ্জালৰ পৰিচিতি বৰ্ণনা কৰা নাই”[28]।

অন্তৰৰ অটল বা অবিচল থকাৰ  বিভিন্ন স্তৰ আৰু ফিতনাৰ সময়ত বক্ৰ হৈ যোৱা সম্পৰ্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«تُعْرَضُ الْفِتَنُ عَلَى الْقُلُوبِ كَالْحَصِيرِ عُودًا عُودًا، فَأَيُّ قَلْبٍ أُشْرِبَهَا، نُكِتَ فِيهِ نُكْتَةٌ سَوْدَاءُ، وَأَيُّ قَلْبٍ أَنْكَرَهَا، نُكِتَ فِيهِ نُكْتَةٌ بَيْضَاءُ، حَتَّى تَصِيرَ عَلَى قَلْبَيْنِ، عَلَى أَبْيَضَ مِثْلِ الصَّفَا فَلَا تَضُرُّهُ فِتْنَةٌ مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ، وَالْآخَرُ أَسْوَدُ مُرْبَدًّا كَالْكُوزِ، مُجَخِّيًا لَا يَعْرِفُ مَعْرُوفًا، وَلَا يُنْكِرُ مُنْكَرًا، إِلَّا مَا أُشْرِبَ مِنْ هَوَاهُ»

“ফিতনা মানুহৰ অন্তৰত এনেকৈ লাগি থাকিব যেনেকৈ পাটীৰ দাগ এটাৰ পিছত এটাকৈ লাগি থাকে। ফলত যি অন্তৰ এই ফিতনাৰ মাজত প্ৰৱেশ কৰিব, সেই অন্তৰত এটা কলা দাগ সৃষ্টি হ’ব। আৰু যি অন্তৰে ইয়াক প্ৰত্যাখ্যান কৰিব, সেই অন্তৰত এটা বগা দাগ সৃষ্টি হ’ব। ফলত অন্তৰ দুটা ভাগত বিভক্ত হ’ব। বগা অন্তৰঃ যিটো হ’ব মাৰ্বল শীলৰ দৰে। যেতিয়া লৈকে আকাশ আৰু পৃথিৱী স্থিৰ থাকিব তেতিয়া লৈকে কোনো ফিতনাই সেই অন্তৰৰ কোনো ক্ষতি কৰিব নোৱাৰিব। কলাৰ লগত বগা মিশ্ৰিত অন্তৰঃ ইয়াৰ দৃষ্টান্ত হৈছে, ওলোটাই ৰখা পান পাত্ৰৰ দৰে (য’ত একোৱেই প্ৰৱেশ কৰিব নোৱাৰে) ফলত সেই অন্তৰ কোনো ভাল কৰ্ম চিনিব নোৱাৰে আৰু কোনো বেয়া-কৰ্মক বাধা নিদিয়ে, কেৱল  সেইটোৱেই সি কৰে যিটো তাৰ প্ৰবৃত্তিয়ে গ্ৰহণ কৰিছে”[29]

ইয়াত عرض الحصير ৰ অৰ্থ হৈছে, মানুহৰ অন্তৰত ফিতনাসমূহ এনেকৈ দাগ বহাব যেনেকৈ পাটীৰ ওপৰত শুৱা ব্যক্তিৰ পিঠিত পাটীৰ দাগ বহে। আৰু مربدا ৰ অৰ্থ হৈছে অতি বগা যাৰ লগত কলাৰ মিশ্ৰণ আছে। আৰু مجخياً ইয়াৰ অৰ্থ হৈছে ওলোটাই ৰখা ভঙা পাত্ৰ।

 


দ্বিতীয়: জিহাদৰ ময়দানত অটল বা অবিচল থাকা

আল্লাহ তা‘আলাই কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا لَقِيتُمۡ فِئَةٗ فَٱثۡبُتُواْ وَٱذۡكُرُواْ ٱللَّهَ كَثِيرٗا لَّعَلَّكُمۡ تُفۡلِحُونَ ٤٥﴾ [الانفال: ٤٥]  

“হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ মুখামুখী হোৱা, তেতিয়া অবিচল থাকা, আৰু আল্লাহক অধিক স্মৰণ কৰা, যাতে তোমালোকে সফল হোৱা”। [ছুৰা আল-আনফাল, আয়াত: ৪৫]

আমাৰ এই দ্বীনত ডাঙৰ গুনাহৰ মাজত এটা গুনাহ হ’ল, যুদ্ধৰ ময়দানৰ পৰা পলায়ন কৰা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম খন্দকৰ যুদ্ধত খন্দক খনন কৰাৰ সময়ত যেতিয়া নিজ পিঠিত মাটি বহন কৰি আছিল তেতিয়া তেখেত মুমিনসকলৰ লগত এই কথাষাৰ বাৰ বাৰ উচ্চাৰণ কৰি আছিল- و ثبت الأقدام إن لاقينا “আৰু যেতিয়া আমি শত্ৰুৰ মুখামুখী হওঁ তেতিয়া আমাক অটল বা অবিচল ৰাখিবা”।[30]

তৃতীয়: আদৰ্শচ্যুত নোহোৱা বা আদৰ্শৰ ওপৰত অবিচল থকা

এই বিষয়ে আল্লাহ তা‘আলাই কৈছে,

﴿مِّنَ ٱلۡمُؤۡمِنِينَ رِجَالٞ صَدَقُواْ مَا عَٰهَدُواْ ٱللَّهَ عَلَيۡهِۖ فَمِنۡهُم مَّن قَضَىٰ نَحۡبَهُۥ وَمِنۡهُم مَّن يَنتَظِرُۖ وَمَا بَدَّلُواْ تَبۡدِيلٗا ٢٣﴾ [الاحزاب : ٢٣]

“মুমিনসকলৰ মাজত কিছুমান এনে লোকো আছে যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি বাস্তবায়ন কৰিছে। সিহঁতৰ কিছুমানে (যুদ্ধত শ্বাহাদত বৰণ কৰি) তাৰ দায়িত্ব পূৰণ কৰিছে, আকৌ কিছুমানে (শ্বাহাদত বৰণৰ) প্ৰতীক্ষাত আছে। সিহঁতে (প্ৰতিশ্ৰুতিত) কোনো পৰিবৰ্তন কৰা নাই”। [ছুৰা আল-আহযাব, আয়াত: ২৩]

চতুৰ্থ: মৃত্যুৰ সময়ত অবিচল থকা

কাফিৰ ও ফাজিৰ (বদকাৰ-পাপিষ্ঠ) সিহঁত কঠিন বিপদৰ মুহুৰ্তত অটল বা অবিচল থকাৰ পৰা বঞ্চিত হয়, ফলত সিহঁতে মৃত্যুৰ সময়ত কালিমায়ে শ্বাহাদত উচ্চাৰণ কৰিবলৈ সক্ষম নহয়। আৰু এইটো হৈছে, বেয়া পৰিণতিৰ আলামত। যেনে ব্যক্তি এজনক যেতিয়া মৃত্যুৰ সময়ত কালিমাلا إله إلله  “(লা ইলা-হা ইল্লাল্লাহ) আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই” পঢ়িবলৈ কোৱা হ’লে সি পঢ়িব নোৱাৰে। বৰং সি তাৰ মূৰ সোঁৱে বাওঁৱে লৰচৰ কৰে আৰু কালিমা উচ্চাৰণ কৰাক প্ৰত্যাখ্যান কৰে।

আকৌ কোনোবাই মৃত্যুৰ সময়ত কয়, “এইটো এটা ভাল অংশ, ইয়াৰ মূল্য সূলভ” তৃতীয় ব্যক্তিক দেখা গ’ল, সি মৃত্যুৰ সময়ত দবাৰ গুটিৰ নাম উচ্চাৰণ কৰি আছে। চতুৰ্থ ব্যক্তি এজনক দেখা গ’ল, সি গানৰ সুৰত গুণগুণাই আছে অথবা গান গাই আছে বা তাৰ প্ৰেমিকাৰ নাম আলোচনা কৰিছে ইত্যাদি।

ইয়াৰ কাৰণ হৈছে, এই বিষয়বোৰৰ ব্যস্ততাই পৃথিৱীৰ জীৱনত তাক আল্লাহৰ যিকিৰৰ পৰা বিৰত ৰাখিছে। আকৌ বেছি ভাগ সময়ত তুমি এই ধৰণৰ লোকৰ মৃত্যুৰ সময়ত দেখিবলৈ পাবা সিহঁতৰ মুখমণ্ডল কলা পৰি গৈছে, মুখৰ পৰা দুৰ্গন্ধ ওলাই আছে অথবা ৰূহ বাহিৰ হোৱাৰ সময়ত সিহঁতৰ মুখ কিবলাৰ পৰা উভতি গৈছে। কিন্তু যিসকলে দ্বীনদাৰ আৰু আল্লাহৰ নেক বান্দা আৰু ৰাছুলৰ ছুন্নতৰ অনুসাৰী আল্লাহ তা‘আলাই সিহঁতৰ মৃত্যুৰ সময়ত অটল বা অবিচল থকাৰ তাওফীক দিয়ে। ফলত সিহঁতে মৃত্যুৰ সময়ত কালিমায়ে শ্বাহাদত উচ্চাৰণ কৰে। এই ধৰণৰ লোকৰ মৃত্যুৰ সময়ত দেখা যায় সিহঁতৰ মুখমণ্ডল উজ্জ্বল, আশে পাশে সুগন্ধিযুক্ত আৰু সিহঁতৰ ৰূহ ওলোৱাৰ সময়ত সিহঁতে এক প্ৰকাৰ সু-সংবাদ প্ৰাপ্ত হয়।

আল্লাহ তা‘আলাই যিসকলক মৃত্যুৰ যন্ত্ৰণাৰ সময়ত অটল বা অবিচল থকাৰ তাওফীক দিছে তেওঁলোকৰ এজনৰ দৃষ্টান্ত ইয়াত দাঙি ধৰা হ’ল। তেওঁ হৈছে, আইম্মায়ে হাদীছৰ এজন ইমাম আবু যুৰ‘আ আৰ-ৰাযী। তেওঁৰ ঘটনা নিম্নৰূপ:

আবু জা‘ফৰ মুহাম্মদ ইবনে আলী, যাক ৱাৰৰাকে আবি যুৰ‘আ কোৱা হয়, তেওঁ কৈছে, আমি ৰাই নামক এলাকাৰ এটা গাওঁত আবু যুৰ‘আৰ ওচৰত গ’লো। তেওঁৰ মৃত্যু উপস্থিত হোৱাত তেওঁক আমি দেখিলো তেওঁ মৃত্যু পথৰ যাত্ৰী। তেতিয়া তেওঁৰ ওচৰত উপস্থিত আছিল আবু হাতিম, ইবনে ওৱাৰ্ৰাহ, মুনযিৰ ইবনে শ্বাযান প্ৰমুখসকল (তেওঁলোক আটায়ে আছিল হাদীছ বিশাৰদ)। তেওঁলোক আটায়ে তালকীনৰ হাদীছটো لقنوا موتاكم لا إله إلا الله “তোমালোকে মুমূৰ্ষ ব্যক্তিক কালিমাৰ তালকীন কৰা” স্মৰণ কৰিছিল। কিন্তু তেওঁলোকে আবু যুৰ‘আক কালিমাৰ তালকীন কৰিবলৈ লজ্জাবোধ কৰি আছিল। তেতিয়া তেওঁলোকে ক’লে, বলক আমি হাদীছটো লৈ আলোচনা আৰম্ভ কৰো। তেতিয়া ইবনে ওৰ্ৰাহে ক’লে, আমাক হাদীছ বৰ্ণনা কৰিছে আবু আছিম, তেওঁ কৈছে, আমাক হাদীছ বৰ্ণনা কৰিছে আব্দুল হামীদ ইবনে জা‘ফৰ, তেওঁ বৰ্ণনা কৰিছে ছালেহৰ পৰা। যেতিয়া তেওঁ ইবনে আবি.... কবলৈ আৰম্ভ কৰিলে, সেয়া এতিয়াও অতিক্ৰম কৰা নাছিল তৎক্ষণাত আবু হাতিমে ক’লে, আমাক হাদীছ বৰ্ণনা কৰিছে বুন্দাৰ, তেওঁ কৈছে, আমাক হাদীছ বৰ্ণনা কৰিছে আবু আছিম আৰু তেওঁ বৰ্ণনা কৰিছে আব্দুল হামীদ ইবনে জা‘ফৰৰ পৰা আৰু তেওঁ ছালেহৰ পৰা.... এইখিনি কোৱাৰ পিছত আগবঢ়া নাছিল। অন্যান্য যিসকল তাত উপস্থিত আছিল তেওঁলোক আটায়েই চুপ হৈ আছিল। তেতিয়া আবু যুৰ‘আই মুমূৰ্ষ অৱস্থাতেই দুই চকু খুলি চালে আৰু ক’লে, আমাক হাদীছ বৰ্ণনা কৰিছে বুন্দাৰ, তেওঁ কৈছে আমাক হাদীছ বৰ্ণনা কৰিছে আবু আছিম, তেওঁ কৈছে, আমাক হাদীছ বৰ্ণনা কৰিছে আব্দুল হামীদ, তেওঁ ছালেহ ইবনে আবি গাৰীবৰ পৰা, তেওঁ কাছীৰ ইবনে মুৰ্ৰাহৰ পৰা, তেওঁ মু‘আয ইবনে জাবাল ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, من كان آخر كلامه لا إله إلا الله دخل الجنة “যাৰ শেষ কথা হ’ব, (লা ইলা-হা ইল্লাল্লাহ) আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সি জান্নাতত প্ৰৱেশ কৰিব” এই হাদীছ কোৱাৰ লগে লগে তেওঁৰ ৰূহ ওলাই যায়।[31]

এই ধৰণৰ লোকৰ বিষয়েই আল্লাহ তা‘আলাই কৈছে,

﴿إِنَّ ٱلَّذِينَ قَالُواْ رَبُّنَا ٱللَّهُ ثُمَّ ٱسۡتَقَٰمُواْ تَتَنَزَّلُ عَلَيۡهِمُ ٱلۡمَلَٰٓئِكَةُ أَلَّا تَخَافُواْ وَلَا تَحۡزَنُواْ وَأَبۡشِرُواْ بِٱلۡجَنَّةِ ٱلَّتِي كُنتُمۡ تُوعَدُونَ ٣٠﴾ [فصلت: ٣٠]  

“নিশ্চয় যিসকলে কয়, ‘আল্লাহেই আমাৰ ৰব’ তাৰ পিছত (তাৰ ওপৰত) অবিচল থাকে, ফিৰিস্তাসকল সিহঁতৰ ওচৰত নাযিল হয় (আৰু কয়) ‘তোমালোকে ভয় নকৰিবা, দুশ্চিন্তাও নকৰিবা আৰু সেই জান্নাতৰ সুসংবাদ গ্ৰহণ কৰা তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল’’। [ছুৰা ফুচ্ছিলাত, আয়াত: ৩০]

হে আল্লাহ! তুমি আমাক তেওঁলোকৰ অন্তৰ্ভূক্ত কৰা,  হে আল্লাহ! আমি তোমাৰ ওচৰত যাৱতীয় কৰ্মৰ অটল বা অবিচলতাৰ কামনা কৰো আৰু ভাল কৰ্মৰ ওপৰত দৃঢ়তা কামনা কৰো। আমাৰ শেষ দাৱাত হৈছে সকলো ধৰণৰ প্ৰশংসা মহান ৰাব্বুল আলামীনৰ বাবে।

সমাপ্ত


আজি তাৰিখ

১৩-০৫-২০১৬ ইং মুতাবিক ০৬-০৮-১৪৩৭ হিজৰী

ছৌদি আৰবৰ সময় অনুযায়ী ৰাতি ১১:৪০pm

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

১৭ নং বিল্ডিং, কোঠা নং ৫৩৫

 

 


[1] আহমদ: ৪/৬; হাকিম: ২/২৮৯; আচ-ছিলছিলাতুছ ছহীহা, হাদীছ নং ১৭৭২

[2] আহমদ ৪/৪০৮; জামে ছহীহ, হাদীছ নং ২৩৬১

[3] ছহীহ মুছলিম, ইমাম নৱৱীৰ ব্যাখ্যা সম্বলিত: ১২/১৫৬

[4] ইবনে কাছীৰ, ৩/৪২১।

[5] ছুনান আত-তিৰমিজী, ২/৩৭৩ ইমাম তিৰমিজীয়ে হাদীছটোক হাছান বা ছহীহ বুলি কৈছে। ছুনান নাছায়ী: ১/৩৮৮; তিৰমিজী, ২/১৩১

[6] ছহীহ বুখাৰী, হাদীছ নং ৬৫০২; ফতহুল বাৰী, ১১/৩৪০

[7] ফতহুল বাৰী ৮/২২

[8] কথাষাৰ আল্লামা ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহৰ কথাৰ পৰা চয়ন কৰা হৈছে, যিটো তেওঁ তেওঁৰ ৰচিত কিতাব আদ-দাউ ওৱাদ-দাৱা নামৰ পুথিত উল্লেখ কৰিছে।

[9] ছহীহ বুখাৰী, হাদীছ নং ৫১; ফাতহুল বাৰী ১/৩২

[10] হাদীছটো হাছান। আনাছ ৰাদিয়াল্লাহু আনহুৰ পৰা মাৰফু চনদেৰে হাদীছটো ইবনে মাজাহে বৰ্ণনা কৰিছে ২৩৭. আৰু ইবনু আবি আছিমেও কিতাবুচ ছুন্নাহত হাদীছটো বৰ্ণনা কৰিছে ১/১২৭। চাওক- ছিলছিলাতুচ ছহীহা, হাদীছ নং ১৩৩২

[11] বুখাৰী, (৭/১৬৫) ফাতহুল বাৰীৰ সৈতে।

[12] ছহীহ বুখাৰী, যাকাত অধ্যায়, পৰিচ্ছেদ: মাগি ফুৰা বা বিচৰাৰ পৰা বিৰত থকা প্ৰসঙ্গত আলোচনা। ছহীহ মুছলিম যাকাত অধ্যায়, পৰিচ্ছেদ: ধৈৰ্য ধাৰণ কৰা আৰু নিবিচৰাৰ ফজিলত।

[13] ইবনে জাওযীৰ আচ-ছুবাত ইনদাল মামাত, পৃষ্ঠা ৩৪

[14] আল-বিদায়াহ অন-নিহায়াহ, ১/৩৩২

[15] ১১/২৩৮।

[16] ছিয়াৰু আ‘লামিন নুবালা: ১১/২৪১

[17] আল-বিদায়া অন-নিহায়া ১/৩৩২

[18] ছিয়াৰু আ‘লামিন নুবালা: ১১/২৪১

[19] ছিয়াৰু আ‘লামিন নুবালা: ১১/২৪১

[20] ছিয়াৰু আ‘লামিন নুবালা: ১১/২৪০

[21] হাকিম, ৩/৩৮৩, হাদীছটোৰ বৰ্ণনা সূত্ৰ হাছান ছহীহ। চাওঁক, ফিকহুছ ছীৰাহ, তাহকীকঃ আলবানী, পৃষ্টা ১০৩

[22] ছহীহ বুখাৰী, হাদীছ নং ৩৭৯২; ছহীহ মুছলিম, হাদীছ নং ১০৬১

[23] তিৰমিজী, (২/৫০); আলবানীয়ে হাদীছটোক ইৰৱাউল গালীলত ছহীহ বুলি কৈছে। (৩/১৪৫)

[24] ইমাম আহমদ: ৩/৪৬০; ছহীহ আল-জামে‘, হাদীছ নং ৫৪৯৬

[25] অৰ্থাৎ সিহঁতে কেতিয়াবা কেতিয়াবা আল্লাহৰ পথত চলা, তেওঁৰ আনুগত্য কৰা অথবা আল্লাহৰ যিকিৰ আৰু আখিৰাতৰ স্মৰণৰ পৰা তোমালোকক বিৰত ৰাখিব পাৰে। এই আয়াতত শত্ৰুতা বলোতে ইয়াৰেই প্ৰতি ইঙ্গিত কৰা হৈছে।

[26] আবু ইয়া‘লা, ২/৩০৫ এই হাদীছৰ আৰু সমৰ্থক আছে। ছহীহ আল জামে‘, হাদীছ নং ৭০৩৭

[27] ছহীহ বুখাৰী, হাদীছ নং ৩৬১২; ফাতহুল বাৰী: ১২/৩১৫

[28] ইবনে মাজাহ, হাদীছ ২/১৩৫৯; ছহীহ আল-জামে হাদীছ নং ৭৭৫২

  [29] ইমাম নৱৱী ৰাহিমাহুল্লাহৰ ব্যাখ্যাত আহিছে, অৰ্থাৎ যেতিয়া কোনো ব্যক্তিয়ে তাৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে আৰু গুনাহৰ কামত লিপ্ত থাকে, তেতিয়া তাৰ অন্তৰত প্ৰতিটো গুনাহৰ পৰিবৰ্তে একোটাকৈ অন্ধকাৰ বহি যায়। ফলত সি ফিতনাত আক্ৰান্ত হয় আৰু তাৰ অন্তৰৰ পৰা ইছলামৰ নূৰ দূৰীভূত হৈ যায়। আৰু তাৰ অন্তৰ ওলোটাই ৰখা পান-পাত্ৰৰ দৰে হৈ যায়। তেতিয়া তাৰ মাজত একোৱেই ৰখা নাযায়, আৰু একোৱেই তাত অৱশিষ্ট নাথাকে আৰু ইয়াৰ ফলত তাৰ অন্তৰত আন একোৱেই প্ৰৱেশ নকৰে।

[30] ইমাম বুখাৰীয়ে হাদীছটো মাগাযী অধ্যায়ত বৰ্ণনা কৰিছে, পৰিচ্ছেদ- খন্দকৰ যুদ্ধৰ আলোচনা প্ৰসঙ্গ। ফাতহুল বাৰী: ৭/৩৯৯

[31] ছিয়াৰু আ‘লামিন নুবালা: ১৩/৮৫-৮৬